--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ গুগল মেপৰ নিৰ্দেশনাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাই গুগল মেপৰ বিশ্বাসযোগ্যতা তথা নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷ আপুনিও গুগল মেপৰ ওপৰত অধিক নিৰ্ভৰশীল হয় নেকি? যদি আপুনিও গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰি চলে কেতিয়াবা বিপদত পৰিব পাৰে৷ সম্প্ৰতি   পোহৰলৈ অহা এনেধৰণৰ  ঘটনাই শংকিত কৰি তুলিছে৷    

শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ বৰেলীত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। গুগল মেপৰ নিৰ্দেশনা অনুসৰণ কৰি এখন গাড়ী খালত পৰি দুৰ্ঘটনাত পতিত হৈছে। সৌভাগ্য ক্ৰমে গাড়ীত থকা তিনিওজন লোকৰ প্ৰাণ ৰক্ষা পৰে। খবৰ অনুসৰি গুগল মেপত ৰাস্তাৰ কাষৰ পৰা পথটো দেখুৱাইছিল যদিও তাত কোনো ৰাস্তা নাছিল। এই দুৰ্ঘটনা সংঘটিত হৈছে বৰেলী ৰাজ্যিক ঘাইপথত। বৰকাপুৰ গাঁৱৰ ছেক্সনৰ সমীপৰ কালাপুৰ খালৰ সমীপত পথৰ খহনীয়াৰ ফলত বাহনখন বাগৰি পৰে। 

আৰক্ষীৰ সূত্ৰঅনুসৰি কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই৷ ঘটনাৰ খবৰ পাই  লগে লগে জৰুৰীকালীন সেৱা সেই স্থানত উপস্থিত হয় আৰু ক্ৰেনৰ সহায়ত গাড়ীখন খালৰ পৰা উলিয়াই আনে।

বিগত ১০ দিনত বৰেলীত এনে দ্বিতীয়টো দুৰ্ঘটনা। ২৪ নৱেম্বৰতো গুগল মেপৰ সহায়ত যাত্ৰা কৰা এখন বাহন আধৰুৱা উৰণীয়া সেতুৰ পৰা ৰামগংগা নদীত বাগৰি পৰিছিল। ঘটনাস্থলীতে গাড়ীখনত যাত্ৰা কৰা তিনিজন লোকৰ মৃত্যু হৈছিল। ঘটনা সন্দৰ্ভত প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল৷ গুগল মেপৰ এনে ভুল নিৰ্দেশনাই ব্যৱহাৰকাৰীক শংকিত কৰি তুলিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ