--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ গুগল মেপৰ নিৰ্দেশনাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাই গুগল মেপৰ বিশ্বাসযোগ্যতা তথা নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷ আপুনিও গুগল মেপৰ ওপৰত অধিক নিৰ্ভৰশীল হয় নেকি? যদি আপুনিও গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰি চলে কেতিয়াবা বিপদত পৰিব পাৰে৷ সম্প্ৰতি   পোহৰলৈ অহা এনেধৰণৰ  ঘটনাই শংকিত কৰি তুলিছে৷    

শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ বৰেলীত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। গুগল মেপৰ নিৰ্দেশনা অনুসৰণ কৰি এখন গাড়ী খালত পৰি দুৰ্ঘটনাত পতিত হৈছে। সৌভাগ্য ক্ৰমে গাড়ীত থকা তিনিওজন লোকৰ প্ৰাণ ৰক্ষা পৰে। খবৰ অনুসৰি গুগল মেপত ৰাস্তাৰ কাষৰ পৰা পথটো দেখুৱাইছিল যদিও তাত কোনো ৰাস্তা নাছিল। এই দুৰ্ঘটনা সংঘটিত হৈছে বৰেলী ৰাজ্যিক ঘাইপথত। বৰকাপুৰ গাঁৱৰ ছেক্সনৰ সমীপৰ কালাপুৰ খালৰ সমীপত পথৰ খহনীয়াৰ ফলত বাহনখন বাগৰি পৰে। 

আৰক্ষীৰ সূত্ৰঅনুসৰি কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই৷ ঘটনাৰ খবৰ পাই  লগে লগে জৰুৰীকালীন সেৱা সেই স্থানত উপস্থিত হয় আৰু ক্ৰেনৰ সহায়ত গাড়ীখন খালৰ পৰা উলিয়াই আনে।

বিগত ১০ দিনত বৰেলীত এনে দ্বিতীয়টো দুৰ্ঘটনা। ২৪ নৱেম্বৰতো গুগল মেপৰ সহায়ত যাত্ৰা কৰা এখন বাহন আধৰুৱা উৰণীয়া সেতুৰ পৰা ৰামগংগা নদীত বাগৰি পৰিছিল। ঘটনাস্থলীতে গাড়ীখনত যাত্ৰা কৰা তিনিজন লোকৰ মৃত্যু হৈছিল। ঘটনা সন্দৰ্ভত প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল৷ গুগল মেপৰ এনে ভুল নিৰ্দেশনাই ব্যৱহাৰকাৰীক শংকিত কৰি তুলিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়