--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  যেতিয়া পৃথিৱীখন টোপনিৰ পৰা সাৰ পাই উঠে, যেতিয়া সূৰ্য্যই লাহে লাহে পোহৰ বিয়পাই, ঠিক সেই সময়তে কাৰোবাৰ ঘৰত হঠাতে এটা জীৱন স্তব্ধ হৈ পৰে। আগতে প্ৰতিদিনে মৰ্নিং ৱাক কৰিবলৈ ওলাই অহা কিছুমান মানুহ ঘৰৰ মজিয়াতে ঢলি পৰে। পুৱাৰ পূজাৰ থালিখন লৈয়ে কোনোবা হঠাতে বুকুখন ধৰি বহি  পৰে। হাৰ্ট এটেকৰ বাবে এনেকুৱা হয়। 

ৰাতিপুৱাৰ সময় আটাইতকৈ শান্ত সময়, তেন্তে এই সময়ত বেছিভাগ হাৰ্ট এটেক কিয় হয়?  চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত এয়া এক ভয়ংকৰ সত্য। পুৱা ৪ বজাৰ পৰা ৮ বজাৰ ভিতৰত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি। কিন্তু কিয়?

ৰাতিপুৱাৰ সময় আৰু শৰীৰৰ পৰিৱৰ্তন

আমি যেতিয়া শুওঁ তেতিয়া আমাৰ শৰীৰটো ৰিলেক্স মোডত থাকে। হৃদস্পন্দন লেহেমীয়া হয়, ৰক্তচাপ কমি যায় আৰু ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। কিন্তু ৰাতিপুৱাৰ সময় অহাৰ লগে লগে শৰীৰটো লাহে লাহে সক্ৰিয় অৱস্থালৈ ঘূৰি আহিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত শৰীৰত কৰ্টিছল নামৰ এটা ষ্ট্ৰেছ হৰম’ন বৃদ্ধি পাবলৈ আৰম্ভ কৰে, যাৰ ফলত ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পায়। এই সময়ত হঠাৎ হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়ি যায়।

তেজ জমা হোৱাৰ আশংকা বৃদ্ধি পায়

ৰাতিপুৱা তেজ অলপ ডাঠ হৈ পৰে আৰু প্লেটলেট অধিক সক্ৰিয় হৈ পৰে, যাৰ ফলত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি ধমনীত ইতিমধ্যে প্লেক জমা হৈ থাকে, তেন্তে এই ক্লটে যিকোনো সময়তে হৃদযন্ত্ৰৰ শিৰা বন্ধ কৰি দিব পাৰে আৰু তাৰ পিছত হাৰ্ট এটেক হয়।

অক্সিজেন কম আৰু বিপদ বেছি

ৰাতিপুৱাৰ ভাগত বিশেষকৈ শীতকালত বতাহত অক্সিজেনৰ মাত্ৰা অলপ কম হ’ব পাৰে। ইতিমধ্যে হৃদযন্ত্ৰৰ সমস্যা থকা বা তেজৰ সঞ্চালন দুৰ্বল হোৱা লোকৰ বাবে এয়া বিপদজনক হ’ব পাৰে।

নিজকে কেনেকৈ ৰক্ষা কৰিব?

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বিচনাৰ পৰা উঠি নাহিব, প্ৰথমে কেইমিনিটমান বিচনাত বহি শৰীৰটো ৰিলেক্স হ’বলৈ দিব।

যদি আপোনাৰ উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে সময়মতে ঔষধ সেৱন কৰক আৰু ৰাতিপুৱা গ্ৰহণ কৰিবলগীয়া বিশেষ সাৱধানতাৰ বিষয়ে চিকিৎসকৰ লগত কথা পাতক।

অতি ঠাণ্ডা বতৰত ৰাতিপুৱা খোজকঢ়া এৰক।

যোগাসন, ধ্যান আৰু স্বাস্থ্যসন্মত খাদ্যক আপোনাৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলক।

ৰাতিপুৱাৰ সময় যিমান ধুনীয়া সিমানেই সংবেদনশীল। হৃদৰোগীৰ বাবে এইটো এটা ৰেড এলাৰ্ট টাইম। কিন্তু অলপ সাৱধানতা, শুদ্ধ তথ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে এই বিপদৰ পৰা হাত সাৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ