--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল এনেকুৱা এটা ফল যিটো আন ফলতকৈ সস্তা হোৱাই নহয় ইয়াৰ সমৃদ্ধ পুষ্টিকৰ উপাদানৰ বাবেও সকলোৰে বৰ আদৰৰ। কলত পটাছিয়াম, আঁহ, ভিটামিন বি ৬ আৰু ভিটামিন চি থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম, শক্তিৰ মাত্ৰা বৃদ্ধিকে ধৰি কেইবাটাও স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। সেয়েহে দৈনিক কল সেৱন কৰিব লাগে। ইয়াত আমি আপোনালোকক কলৰ কিছু উপকাৰিতাৰ কথা ক’ম।

১)শৰীৰত শক্তি বৃদ্ধি কৰে

আপুনি সদায় শক্তিৰ অভাৱ অনুভৱ কৰে নেকি আৰু ভাল টোপনিৰ পিছতো ভাগৰুৱা অনুভৱ কৰে নেকি? যদি হয় তেন্তে কল খাওক। যদি আপুনি ৱৰ্কআউট কৰে তেন্তে ৱৰ্কআউটৰ আগতে এটা আৰু  পাছত এটা কল খাব পাৰে। এই ফল শক্তিৰ আধাৰ।

২) আন্ত্ৰিক স্বাস্থ্যৰ বাবে উৎকৃষ্ট

কলত পেক্টিন নামৰ খাদ্য আঁহ থাকে, যিয়ে অন্ত্ৰৰ পৰা মললৈ পানী টানি আনে, যাৰ ফলত আপোনাৰ মল সহজে পাৰ হৈ যায় আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পায়। অধ্যয়ন অনুসৰি আন্ত্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আঁহ নিয়মীয়াকৈ মলত্যাগ কৰাৰ বাবে অতি প্ৰয়োজনীয়।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে


এগিলাচ ঠাণ্ডা পানী খালেও কিছুমানৰ ডিঙিত বিষ হয়। ইয়াৰ পৰা বুজা যায় যে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান দুৰ্বল। এনে পৰিস্থিতিত খাদ্যাভ্যাসৰ যত্ন লোৱা উচিত। আপুনি ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।কলত ভিটামিন চিও থাকে আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

৪) কলে ওজন কমাবলৈ সহায় কৰিব পাৰে

বহুতে কল খালে ওজন বৃদ্ধি হয় বুলি ভাবে। কিন্তু সত্যটো হ’ল ইয়াত আঁহ থাকে যিয়ে ওজন কমাবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ ইয়াৰ ফলত পেটটো বহু সময়লৈকে ভৰপূৰ অনুভৱ হয়, যাতে বাৰে বাৰে ভোক অনুভৱ নকৰে। ই হজম শক্তিৰ বাবেও ভাল যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ