--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল এনেকুৱা এটা ফল যিটো আন ফলতকৈ সস্তা হোৱাই নহয় ইয়াৰ সমৃদ্ধ পুষ্টিকৰ উপাদানৰ বাবেও সকলোৰে বৰ আদৰৰ। কলত পটাছিয়াম, আঁহ, ভিটামিন বি ৬ আৰু ভিটামিন চি থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম, শক্তিৰ মাত্ৰা বৃদ্ধিকে ধৰি কেইবাটাও স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। সেয়েহে দৈনিক কল সেৱন কৰিব লাগে। ইয়াত আমি আপোনালোকক কলৰ কিছু উপকাৰিতাৰ কথা ক’ম।

১)শৰীৰত শক্তি বৃদ্ধি কৰে

আপুনি সদায় শক্তিৰ অভাৱ অনুভৱ কৰে নেকি আৰু ভাল টোপনিৰ পিছতো ভাগৰুৱা অনুভৱ কৰে নেকি? যদি হয় তেন্তে কল খাওক। যদি আপুনি ৱৰ্কআউট কৰে তেন্তে ৱৰ্কআউটৰ আগতে এটা আৰু  পাছত এটা কল খাব পাৰে। এই ফল শক্তিৰ আধাৰ।

২) আন্ত্ৰিক স্বাস্থ্যৰ বাবে উৎকৃষ্ট

কলত পেক্টিন নামৰ খাদ্য আঁহ থাকে, যিয়ে অন্ত্ৰৰ পৰা মললৈ পানী টানি আনে, যাৰ ফলত আপোনাৰ মল সহজে পাৰ হৈ যায় আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পায়। অধ্যয়ন অনুসৰি আন্ত্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আঁহ নিয়মীয়াকৈ মলত্যাগ কৰাৰ বাবে অতি প্ৰয়োজনীয়।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে


এগিলাচ ঠাণ্ডা পানী খালেও কিছুমানৰ ডিঙিত বিষ হয়। ইয়াৰ পৰা বুজা যায় যে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান দুৰ্বল। এনে পৰিস্থিতিত খাদ্যাভ্যাসৰ যত্ন লোৱা উচিত। আপুনি ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।কলত ভিটামিন চিও থাকে আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

৪) কলে ওজন কমাবলৈ সহায় কৰিব পাৰে

বহুতে কল খালে ওজন বৃদ্ধি হয় বুলি ভাবে। কিন্তু সত্যটো হ’ল ইয়াত আঁহ থাকে যিয়ে ওজন কমাবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ ইয়াৰ ফলত পেটটো বহু সময়লৈকে ভৰপূৰ অনুভৱ হয়, যাতে বাৰে বাৰে ভোক অনুভৱ নকৰে। ই হজম শক্তিৰ বাবেও ভাল যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা