--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা শুই উঠাটো বহু মানুহে অতি কষ্টকৰ কাম যেন অনুভৱ কৰে। সাৰ পায়ো বিচনাত বহু সময় শুই থাকিম যেন লাগে। শুই থাকিবলৈ মন যায়..উঠিবলৈ মন নাযায়, ইফালে নুঠিলেও উপায় নাই, নহ'লে কামবোৰ কোনে কৰিব..নহয় জানো? গতিকে টোপনিৰ আমেজ ভালকৈ নোলোৱাকৈয়ে বিচনাৰ পৰা উঠি আহিবলৈ বাধ্য। ইয়াৰ ফলত গোটেই দিনটোৱে কিবা অসহজ যেন অনুভৱ হয়। আপুনি ৰাতিপুৱা সাৰ পাই শৰীৰত দুৰ্বলতা অনুভৱ কৰে নেকি বা ভাগৰ অনুভৱ কৰে নেকি? ই আপোনাৰ দৈনন্দিন ৰুটিনৰ ওপৰতো প্ৰভাৱ পেলায় নেকি? যদি হয় আজি আমি আপোনাক এই সমস্যাটোৰ মোকাবিলা কৰাৰ সঠিক সমাধান দিম।

শোৱা আৰু উঠাৰ সময় নিৰ্ধাৰণ কৰক

প্ৰথমে আপোনাৰ শোৱাৰ সময় আৰু উঠাৰ সময় নিৰ্ধাৰণ কৰক। নিৰ্ধাৰিত সময়ত শুবলৈ চেষ্টা কৰিব যাতে আপুনি পৰ্যাপ্ত টোপনি মাৰিব পাৰে। অসম্পূৰ্ণ বা কেঁচা টোপনিৱে আপোনাৰ ৰাতিপুৱাৰ ৰুটিনৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে ৰাতি ৭-৮ ঘণ্টা ভাল টোপনি যাবলৈ চেষ্টা কৰক। ই টোপনি চক্ৰ আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰিব। 

আধা লিটাৰ কুহুমীয়া পানী খাব

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আধাৰ লিটাৰ কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰক। এনে কৰাৰ দ্বাৰা আপোনাৰ শৰীৰ হাইড্ৰেটেড হৈ থাকিব আৰু পাচন তন্ত্ৰই ভালদৰে কাম কৰিব। সতেজ হোৱাৰ পাছত আপুনি প্ৰায় ২০-৩০ মিনিটৰ বাবে জগিং বা খোজ কাঢ়িবলৈ যাওক। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু আপোনাৰ মুখ আৰু শৰীৰত সতেজতা প্ৰদান কৰে। 

পুৱাৰ আহাৰত প্ৰ'টিনসমৃদ্ধ বস্তু খাওক

গা ধোৱাৰ পাছত আপুনি পুৱাৰ আহাৰ খাওক। পুৱাৰ আহাৰত প্ৰ'টিনসমৃদ্ধ বস্তু গ্ৰহণ কৰা ভাল। এই খাদ্যই আপোনাক গোটেই দিনটো উদ্যমী অনুভৱ কৰাব। একে সময়তে আপোনাৰ মনো উৎসাহী হৈ থাকিব।

নৰসিংহ পাতৰ পানী খাওক

উন্নত লাভালাভৰ বাবে আপুনি ৰাতিপুৱা পানীত নৰসিংহ পাত, নেমু আৰু চেনী দ্ৰৱীভূত কৰিব পাৰে আৰু ইয়াৰ ৰস প্ৰস্তুত কৰি ইয়াক খাব পাৰে। ইয়াৰ সেৱনে ৰাতিপুৱাৰ দুৰ্বলতা দূৰ কৰে। যদি আপুনি প্ৰতিদিনে এনে এগিলাচ দ্ৰৱণ খায়, ইয়াৰ প্ৰভাৱ আপোনাৰ সমগ্ৰ শৰীৰত দৃশ্যমান হ'ব। অধ্যয়ন অনুসৰি দৈনিক ৮-১০টা নৰসিংহ পাত খাব পাৰি। আপুনি বিচাৰিলে নৰসিংহ পাতৰ চাহো খাব পাৰে। ই ৰাতিপুৱাৰ ভাগৰ দূৰ কৰে।

গতিকে এই টিপছ গ্ৰহণ কৰক আৰু গোটেই দিনটোলৈ সতেজ হৈ থাকক।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ