--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা শুই উঠাটো বহু মানুহে অতি কষ্টকৰ কাম যেন অনুভৱ কৰে। সাৰ পায়ো বিচনাত বহু সময় শুই থাকিম যেন লাগে। শুই থাকিবলৈ মন যায়..উঠিবলৈ মন নাযায়, ইফালে নুঠিলেও উপায় নাই, নহ'লে কামবোৰ কোনে কৰিব..নহয় জানো? গতিকে টোপনিৰ আমেজ ভালকৈ নোলোৱাকৈয়ে বিচনাৰ পৰা উঠি আহিবলৈ বাধ্য। ইয়াৰ ফলত গোটেই দিনটোৱে কিবা অসহজ যেন অনুভৱ হয়। আপুনি ৰাতিপুৱা সাৰ পাই শৰীৰত দুৰ্বলতা অনুভৱ কৰে নেকি বা ভাগৰ অনুভৱ কৰে নেকি? ই আপোনাৰ দৈনন্দিন ৰুটিনৰ ওপৰতো প্ৰভাৱ পেলায় নেকি? যদি হয় আজি আমি আপোনাক এই সমস্যাটোৰ মোকাবিলা কৰাৰ সঠিক সমাধান দিম।

শোৱা আৰু উঠাৰ সময় নিৰ্ধাৰণ কৰক

প্ৰথমে আপোনাৰ শোৱাৰ সময় আৰু উঠাৰ সময় নিৰ্ধাৰণ কৰক। নিৰ্ধাৰিত সময়ত শুবলৈ চেষ্টা কৰিব যাতে আপুনি পৰ্যাপ্ত টোপনি মাৰিব পাৰে। অসম্পূৰ্ণ বা কেঁচা টোপনিৱে আপোনাৰ ৰাতিপুৱাৰ ৰুটিনৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে ৰাতি ৭-৮ ঘণ্টা ভাল টোপনি যাবলৈ চেষ্টা কৰক। ই টোপনি চক্ৰ আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰিব। 

আধা লিটাৰ কুহুমীয়া পানী খাব

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আধাৰ লিটাৰ কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰক। এনে কৰাৰ দ্বাৰা আপোনাৰ শৰীৰ হাইড্ৰেটেড হৈ থাকিব আৰু পাচন তন্ত্ৰই ভালদৰে কাম কৰিব। সতেজ হোৱাৰ পাছত আপুনি প্ৰায় ২০-৩০ মিনিটৰ বাবে জগিং বা খোজ কাঢ়িবলৈ যাওক। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু আপোনাৰ মুখ আৰু শৰীৰত সতেজতা প্ৰদান কৰে। 

পুৱাৰ আহাৰত প্ৰ'টিনসমৃদ্ধ বস্তু খাওক

গা ধোৱাৰ পাছত আপুনি পুৱাৰ আহাৰ খাওক। পুৱাৰ আহাৰত প্ৰ'টিনসমৃদ্ধ বস্তু গ্ৰহণ কৰা ভাল। এই খাদ্যই আপোনাক গোটেই দিনটো উদ্যমী অনুভৱ কৰাব। একে সময়তে আপোনাৰ মনো উৎসাহী হৈ থাকিব।

নৰসিংহ পাতৰ পানী খাওক

উন্নত লাভালাভৰ বাবে আপুনি ৰাতিপুৱা পানীত নৰসিংহ পাত, নেমু আৰু চেনী দ্ৰৱীভূত কৰিব পাৰে আৰু ইয়াৰ ৰস প্ৰস্তুত কৰি ইয়াক খাব পাৰে। ইয়াৰ সেৱনে ৰাতিপুৱাৰ দুৰ্বলতা দূৰ কৰে। যদি আপুনি প্ৰতিদিনে এনে এগিলাচ দ্ৰৱণ খায়, ইয়াৰ প্ৰভাৱ আপোনাৰ সমগ্ৰ শৰীৰত দৃশ্যমান হ'ব। অধ্যয়ন অনুসৰি দৈনিক ৮-১০টা নৰসিংহ পাত খাব পাৰি। আপুনি বিচাৰিলে নৰসিংহ পাতৰ চাহো খাব পাৰে। ই ৰাতিপুৱাৰ ভাগৰ দূৰ কৰে।

গতিকে এই টিপছ গ্ৰহণ কৰক আৰু গোটেই দিনটোলৈ সতেজ হৈ থাকক।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত