--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে জম্মু-কাশ্মীৰত। এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে আন্তঃগাঁথনি কোম্পানী এপকো(APCO)ইনফ্ৰাটেকৰ কৰ্মচাৰীক লক্ষ্য কৰি লয় সন্ত্ৰাসবাদী সংগঠনে। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ-সোনামাৰ্গ ঘাইপথত জেড টাৰ্ণ সুৰংগ নিৰ্মাণৰ দায়িত্বত থকা আন্তঃগাঁথনি কোম্পানী এপকো(APCO)ইনফ্ৰাটেকৰ কৰ্মচাৰীক লক্ষ্য কৰি লয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত এনেধৰণৰ উন্নয়নমূলক প্ৰকল্পৰ লক্ষ্য কৰি লোৱাৰ পৰা বিৰত আছিল সন্ত্ৰাসবাদী সংগঠন। 

কোম্পানীটোৰ সুৰংগ নিৰ্মাণ কৰি থকা সাত জন কৰ্মচাৰী গুলীচালনাত নিহত হয় বুলি জানিব পৰা গৈছে।নিহত সকল বিহাৰৰ পৰা ফহীম নাছিৰ, মধ্যপ্ৰদেশৰ অনিল শুক্লা, কাশ্মীৰৰ বিডগামৰ পৰা ডাঃ শ্বাহনৱাজ, বিহাৰৰ পৰা মহম্মদ হানিফ, বিহাৰৰ পৰা কালিম, জম্মুৰ পৰা শশী আব্ৰল আৰু পঞ্জাৱৰ গুৰমীত সিং বুলি চিনাক্ত কৰা হৈছে৷

উল্লেখযোগ্য যে ৬.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটোৱে সোণামাৰ্গ হেলথ ৰিজ’ৰ্টক মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ কংগন চহৰৰ সৈতে সংযোগ কৰিছে। গগংগীৰ গাঁৱৰ সমীপত অৱস্থিত এই সুৰংগটোৱে শ্ৰীনগৰ-লেহ ঘাইপথৰ কাষৰ বিখ্যাত পৰ্যটনস্থলী সোণমাৰ্গলৈ বতৰৰ সকলো সময়তে যোগাযোগ ৰাখিব৷ জেড আকৃতিৰ পথটোৰ নামেৰে নামাকৰণ কৰা হৈছে এই সুৰংগটোৰ।

৮৫০০ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত বৰফ আৰু হিমস্খলন প্ৰৱণ অঞ্চলটোত শীতকালত সোণামাৰ্গলৈ যোৱাটো কঠিন হৈ পৰে। ফলস্বৰূপে প্ৰায়ে শীতকালত ৰাজ্যৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ থাকে সোণামাৰ্গ। এই সুৰংগটোৱে এই সমস্যা সমাধান কৰাৰ লগতে বছৰৰ সকলো সময়তে সংযোগ নিশ্চিত কৰিব৷যিটো পৰ্যটনখণ্ডৰ লগতে অঞ্চলটোত বসবাস কৰা লোকসকলৰ বাবেও গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ