--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে জম্মু-কাশ্মীৰত। এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে আন্তঃগাঁথনি কোম্পানী এপকো(APCO)ইনফ্ৰাটেকৰ কৰ্মচাৰীক লক্ষ্য কৰি লয় সন্ত্ৰাসবাদী সংগঠনে। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ-সোনামাৰ্গ ঘাইপথত জেড টাৰ্ণ সুৰংগ নিৰ্মাণৰ দায়িত্বত থকা আন্তঃগাঁথনি কোম্পানী এপকো(APCO)ইনফ্ৰাটেকৰ কৰ্মচাৰীক লক্ষ্য কৰি লয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত এনেধৰণৰ উন্নয়নমূলক প্ৰকল্পৰ লক্ষ্য কৰি লোৱাৰ পৰা বিৰত আছিল সন্ত্ৰাসবাদী সংগঠন। 

কোম্পানীটোৰ সুৰংগ নিৰ্মাণ কৰি থকা সাত জন কৰ্মচাৰী গুলীচালনাত নিহত হয় বুলি জানিব পৰা গৈছে।নিহত সকল বিহাৰৰ পৰা ফহীম নাছিৰ, মধ্যপ্ৰদেশৰ অনিল শুক্লা, কাশ্মীৰৰ বিডগামৰ পৰা ডাঃ শ্বাহনৱাজ, বিহাৰৰ পৰা মহম্মদ হানিফ, বিহাৰৰ পৰা কালিম, জম্মুৰ পৰা শশী আব্ৰল আৰু পঞ্জাৱৰ গুৰমীত সিং বুলি চিনাক্ত কৰা হৈছে৷

উল্লেখযোগ্য যে ৬.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটোৱে সোণামাৰ্গ হেলথ ৰিজ’ৰ্টক মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ কংগন চহৰৰ সৈতে সংযোগ কৰিছে। গগংগীৰ গাঁৱৰ সমীপত অৱস্থিত এই সুৰংগটোৱে শ্ৰীনগৰ-লেহ ঘাইপথৰ কাষৰ বিখ্যাত পৰ্যটনস্থলী সোণমাৰ্গলৈ বতৰৰ সকলো সময়তে যোগাযোগ ৰাখিব৷ জেড আকৃতিৰ পথটোৰ নামেৰে নামাকৰণ কৰা হৈছে এই সুৰংগটোৰ।

৮৫০০ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত বৰফ আৰু হিমস্খলন প্ৰৱণ অঞ্চলটোত শীতকালত সোণামাৰ্গলৈ যোৱাটো কঠিন হৈ পৰে। ফলস্বৰূপে প্ৰায়ে শীতকালত ৰাজ্যৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ থাকে সোণামাৰ্গ। এই সুৰংগটোৱে এই সমস্যা সমাধান কৰাৰ লগতে বছৰৰ সকলো সময়তে সংযোগ নিশ্চিত কৰিব৷যিটো পৰ্যটনখণ্ডৰ লগতে অঞ্চলটোত বসবাস কৰা লোকসকলৰ বাবেও গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post