--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ মুছৌৰীত অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনত কৰ্মৰত এজন যুৱকে অদ্ভুত ধৰণে আত্মহত্যা কৰে। প্ৰথমে যুৱকজনে মহিলাৰ বেশ ধৰি শাৰী পিন্ধি, তাৰপাছত বিন্দী, লিপষ্টিক লগাই, মেকআপ কৰি ফেনত চিপ লৈ আত্মহত্যা কৰে। এই গোচৰৰ তদন্তত জড়িত হৈ পৰিছে আৰক্ষী।

জানিব পৰা মতে যুৱকজনে মাল্টি টাস্কিং ষ্টাফ (এমটিএছ) হিচাপে কাম কৰি আছিল। শুকুৰবাৰে এল বি এছ মুছৌৰীত নিযুক্তি পোৱা হোমগাৰ্ড কৰ্মচাৰী সুভাষে থানা মুছুৰীক এই বিষয়ে অৱগত কৰে যে একাডেমীত কৰ্মৰত এম টি এছ অনুকুল ৰাৱাটে আত্মহত্যা কৰিছে। পৌৰী গড়ৱালৰ গাঁও উফল্ডাৰ বাসিন্দা আছিল তেওঁ। তেওঁৰ বয়স আছিল ২২ বছৰ। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। অনুকুল ৰাৱটে নিজৰ চৰকাৰী বাসগৃহত ফাঁচী লৈছিল। আৰক্ষীয়ে কাঠমিস্ত্ৰীৰ সহায়ত দুৱাৰ ভাঙি মৃত যুৱকজনক নমাই আনিলে। এই ঘটনাৰ তথ্য তেওঁৰ পৰিয়ালৰ লোকক দিয়া হৈছে।

ইন্সপেক্টৰ অৰবিন্দ চৌধুৰীয়ে কয় যে যুৱকজন ছোৱালীৰ বেশত থকাৰ বাবে মানসিকভাৱে বিকাৰগ্ৰস্ত যেন লাগিছিল। বিষয়টোৰ তদন্ত অব্যাহত আছে। আপোনালোকক কওঁ যে চাৰি মাহ পূৰ্বে জুন মাহত পণ্টনগৰ বিমানবন্দৰত কৰ্মৰত এজন যুৱকেও মহিলাৰ বেশ ধৰি আত্মহত্যা কৰিছিল। তেওঁ শাৰী পিন্ধি, তাৰপাছত বিন্দী, লিপষ্টিক লগাই, মেকআপ কৰি ফেনত চিপ লৈ আত্মহত্যা কৰিছিল। 

সেই ঘটনাৰ চাৰি মাহৰ পাছত আন এক অনুৰূপ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই আৰক্ষীক বিপদত পেলাইছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে, যুৱকজনে মহিলাৰ বেশ ধৰি কিয় আত্মহত্যা কৰিলে তদন্ত চলি আছে। তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ক জেৰা অব্যাহত ৰাখিছে। সমান্তৰালভাৱে তেওঁৰ মোবাইল ফোন ডাটাৰ তদন্ত চলি আছে।

আৰক্ষীৰ তথ্য অনুসৰি অনুকুলে পিন্ধিছিল এখন বগা আৰু গুলপীয়া ৰঙৰ শাৰী। তাৰ ওপৰত ফুল আছিল। ডিঙিত কৃত্ৰিম গহনা আৰু গোলাপী ৰঙৰ ব্লাউজ পিন্ধিছিল। মুখত মহিলাৰ মেকআপ লগোৱা হৈছিল। চুলিখিনিও মহিলাৰ দৰে ষ্টাইল কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে