--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ মুছৌৰীত অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনত কৰ্মৰত এজন যুৱকে অদ্ভুত ধৰণে আত্মহত্যা কৰে। প্ৰথমে যুৱকজনে মহিলাৰ বেশ ধৰি শাৰী পিন্ধি, তাৰপাছত বিন্দী, লিপষ্টিক লগাই, মেকআপ কৰি ফেনত চিপ লৈ আত্মহত্যা কৰে। এই গোচৰৰ তদন্তত জড়িত হৈ পৰিছে আৰক্ষী।

জানিব পৰা মতে যুৱকজনে মাল্টি টাস্কিং ষ্টাফ (এমটিএছ) হিচাপে কাম কৰি আছিল। শুকুৰবাৰে এল বি এছ মুছৌৰীত নিযুক্তি পোৱা হোমগাৰ্ড কৰ্মচাৰী সুভাষে থানা মুছুৰীক এই বিষয়ে অৱগত কৰে যে একাডেমীত কৰ্মৰত এম টি এছ অনুকুল ৰাৱাটে আত্মহত্যা কৰিছে। পৌৰী গড়ৱালৰ গাঁও উফল্ডাৰ বাসিন্দা আছিল তেওঁ। তেওঁৰ বয়স আছিল ২২ বছৰ। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। অনুকুল ৰাৱটে নিজৰ চৰকাৰী বাসগৃহত ফাঁচী লৈছিল। আৰক্ষীয়ে কাঠমিস্ত্ৰীৰ সহায়ত দুৱাৰ ভাঙি মৃত যুৱকজনক নমাই আনিলে। এই ঘটনাৰ তথ্য তেওঁৰ পৰিয়ালৰ লোকক দিয়া হৈছে।

ইন্সপেক্টৰ অৰবিন্দ চৌধুৰীয়ে কয় যে যুৱকজন ছোৱালীৰ বেশত থকাৰ বাবে মানসিকভাৱে বিকাৰগ্ৰস্ত যেন লাগিছিল। বিষয়টোৰ তদন্ত অব্যাহত আছে। আপোনালোকক কওঁ যে চাৰি মাহ পূৰ্বে জুন মাহত পণ্টনগৰ বিমানবন্দৰত কৰ্মৰত এজন যুৱকেও মহিলাৰ বেশ ধৰি আত্মহত্যা কৰিছিল। তেওঁ শাৰী পিন্ধি, তাৰপাছত বিন্দী, লিপষ্টিক লগাই, মেকআপ কৰি ফেনত চিপ লৈ আত্মহত্যা কৰিছিল। 

সেই ঘটনাৰ চাৰি মাহৰ পাছত আন এক অনুৰূপ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই আৰক্ষীক বিপদত পেলাইছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে, যুৱকজনে মহিলাৰ বেশ ধৰি কিয় আত্মহত্যা কৰিলে তদন্ত চলি আছে। তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ক জেৰা অব্যাহত ৰাখিছে। সমান্তৰালভাৱে তেওঁৰ মোবাইল ফোন ডাটাৰ তদন্ত চলি আছে।

আৰক্ষীৰ তথ্য অনুসৰি অনুকুলে পিন্ধিছিল এখন বগা আৰু গুলপীয়া ৰঙৰ শাৰী। তাৰ ওপৰত ফুল আছিল। ডিঙিত কৃত্ৰিম গহনা আৰু গোলাপী ৰঙৰ ব্লাউজ পিন্ধিছিল। মুখত মহিলাৰ মেকআপ লগোৱা হৈছিল। চুলিখিনিও মহিলাৰ দৰে ষ্টাইল কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা