--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঢেকীয়া(Fiddlehead ferns) অসমীয়া সমাজত অতি জনপ্ৰিয় শাক। ঢেকীয়া শাকৰ ভাজিখনৰ সোৱাদেই সুকীয়া, লগত বুট,আলু দি ভাজিলে ইয়াৰ সোৱাদ দুগুণে চৰে। মাছৰ সৈতে ঢেকীয়া শাকৰ জোল খাবলৈ অতি তৃপ্তিকৰ। ইফালে ঔ-টেঙা দি ৰন্ধা ঢেকীয়া শাকৰ জোল বা আঞ্জাৰ প্ৰতিও অসমীয়াৰ বৰকৈ হেঁপাহ। এপ্ৰিল মাহৰ পৰা অক্টোৱৰ মাহলৈকে পৰ্য্যাপ্ত পৰিমাণে ঢেকীয়া পোৱা যায় ৷ চ’ত মাহৰ প্ৰথম বৰষুণ কেইজাক পোৱাৰ পিছৰে পৰা ঢেঁকীয়াৰ কোমল কুঁহিপাত ওলাবলৈ আৰম্ভ কৰে আৰু গোটেই বাৰিষা কালছোৱাত ইয়াৰ গছত একেৰাহে ঠোৰ ওলাই থাকে। 



এজোপা গছৰ পৰা প্ৰতি তিনি-চাৰি দিনৰ মূৰে মূৰে নতুন কোমল ঠুৰি ছিঙিব পৰা হয়। এইবিধ শাক নদীৰ পাৰত, পথৰ দাঁতিত আৰু বাৰীৰ আশে পাশে ওখ জিপাল মাটিত লহপহকৈ নিজে নিজে গজি উঠা দেখা যায়৷ ঢেকীয়া শাক সকলো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰভাৱৰ পৰা সৰ্বদামুক্ত৷ ঢেকীয়া শাকৰ বাবে মানুহে কষ্ট কৰিব লগীয়া একো নাথাকে। প্ৰকৃতিয়ে দিয়া এই অনুপম উপহাৰ মাঁথো ছিঙি-বুটলি আনিব জানিলে্ই হ'ল।



ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়। 



ঢেকীয়া শাকৰ গুণাগুণ

(১) ঢেকীয়াত প্ৰ'টিন আছে আৰু লগতে আছে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ। ই শৰীৰত যথেষ্ট পুষ্টি যোগায়। সহজলভ্য আৰু পুষ্টিকৰ খাদ্য।নিচিন্ত মনেৰে খাওক ৷

(২)কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

(৩)জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

(৪)বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

(৫)ৰুচি বৰ্ধক,আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।

(৬)পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।



(৭)লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

(৮)ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য ।

(৯)ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী ।

(১০)ঢেকীয়া খালে মাতৃদুগ্ধৰ উন্নতি ঘটে৷

(১১) উচ্চ ৰক্তচাপ কমোৱাত ঢেকীয়াই ভূমিকা লয়৷

(১২) কেঞ্চাৰ, হাওঁফাওঁ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

গতিকে আহক আমাৰ বাৰীত সহজতে পোৱা বা বজাৰতো সহজে উপলব্ধ ঢেকীয়া শাক খাই সুস্বাস্থ্যৱান হৈ থাকো।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ