--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত তাপমাত্ৰাই ৪৫ ডিগ্ৰী স্পৰ্শ কৰো কৰো অৱস্থা হয়। তথাপিও কিন্তু গোটেই বছৰটোৰ ভিতৰত এই ঋতুৰ বাবে সকলোৱে অপেক্ষাৰ কৰে। কাৰণ গ্ৰীষ্ম ঋতুত ৰসাল আৰু মিঠা আৰু পকা ফলৰে বজাৰ ভৰি থাকে। সেইদৰে আমো হৈছে গ্ৰীষ্মকালত এবিধ জনপ্ৰিয় ফল। আপুনি জানিও আচৰিত হ'ব যে কেঁচা আমত ভিটামিন-‘চি’ অধিক মাত্ৰাত থাকে আৰু যেতিয়া এই আম পকে, তেতিয়া ইয়াত ভিটামিন-‘এ’ অধিক মাত্ৰাত পোৱা যায়। সেয়েহে ইয়াৰ বৈজ্ঞানিক নাম মেংগিফেৰা ইণ্ডিকো। কাৰণ ভাৰতত আমৰ উৎপাদনত এক নম্বৰ স্থানত আছে আৰু ভাৰতৰ লগতে পাকিস্তান, ফিলিপাইনছতো আমক ৰাষ্ট্ৰীয় ফল হিচাপে গণ্য কৰা হয়। ভাৰতত ১০০টাতকৈও অধিক প্ৰজাতিৰ আম পোৱা যায়। গতিকে ফলৰ ৰজা আমৰ লাভালাভৰ বিষয়ে জানো আহক।

 ১. কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে-

আম স্বাস্থ্য পক্ষে উপকাৰী, কিয়নো ইয়াত জৈৱ সক্ৰিয় যৌগ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত উচ্চ পৰিমাণৰ বেটাকেৰোটিনৰ বাবে ই শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। আমৰ পাল্পত কেৰোটিনইড, এস্কৰ্বিক এচিড, টাৰ্পেনইড আৰু পলিফেনলৰ দৰে উপাদান থাকে, যি কৰ্কট ৰোগৰ দৰে এক ডাঙৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

 ২. হৃদযন্ত্ৰ কাৰ্যক্ষম কৰে-

আম হৃদযন্ত্ৰৰ বাবেও যথেষ্ট উপকাৰী। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আম সেৱনে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। একে সময়তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবেও আম যথেষ্ট লাভজনক। আমত যথেষ্ট পৰিমাণে ভিটামিন-‘চি’ থাকে।

 ৩. দৃষ্টি শক্তি অটুট ৰাখে-

চকুৰ বাবে লগতে বয়সৰ আগতে দৃষ্টিশক্তিৰ সমস্যা আজিকালি সাধাৰণ কথা হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে ভিটামিন-‘এ’ৰ অভাৱ। এনে পৰিস্থিতিত আম হৈছে ভিটামিন-‘এ’ৰ এক ভাল উৎস। এনে পৰিস্থিতিত যিসকল লোকে দৃষ্টিশক্তিৰ সমস্যাত ভুগি আছে বা চকুৰ সৈতে সম্পৰ্কিত কোনো সমস্যাৰে জৰ্জৰিত হৈ আছে, তেওঁলোকে নিশ্চিতভাৱে এই ফলবিধ খাব লাগে।

 ৪. গৰমৰ পৰা সুৰক্ষা দিয়ে-

গৰম বতাহ বা উত্তাপৰ পৰা সুৰক্ষা দিয়াতো আম যথেষ্ট লাভজনক। আমৰ ৰসে শৰীৰ শীতল কৰি ৰাখে। সেয়েহে গ্ৰীষ্মকালত দৈনিক আহাৰৰ তালিকাত আম অন্তৰ্ভুক্ত কৰা উচিত।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত