--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত তাপমাত্ৰাই ৪৫ ডিগ্ৰী স্পৰ্শ কৰো কৰো অৱস্থা হয়। তথাপিও কিন্তু গোটেই বছৰটোৰ ভিতৰত এই ঋতুৰ বাবে সকলোৱে অপেক্ষাৰ কৰে। কাৰণ গ্ৰীষ্ম ঋতুত ৰসাল আৰু মিঠা আৰু পকা ফলৰে বজাৰ ভৰি থাকে। সেইদৰে আমো হৈছে গ্ৰীষ্মকালত এবিধ জনপ্ৰিয় ফল। আপুনি জানিও আচৰিত হ'ব যে কেঁচা আমত ভিটামিন-‘চি’ অধিক মাত্ৰাত থাকে আৰু যেতিয়া এই আম পকে, তেতিয়া ইয়াত ভিটামিন-‘এ’ অধিক মাত্ৰাত পোৱা যায়। সেয়েহে ইয়াৰ বৈজ্ঞানিক নাম মেংগিফেৰা ইণ্ডিকো। কাৰণ ভাৰতত আমৰ উৎপাদনত এক নম্বৰ স্থানত আছে আৰু ভাৰতৰ লগতে পাকিস্তান, ফিলিপাইনছতো আমক ৰাষ্ট্ৰীয় ফল হিচাপে গণ্য কৰা হয়। ভাৰতত ১০০টাতকৈও অধিক প্ৰজাতিৰ আম পোৱা যায়। গতিকে ফলৰ ৰজা আমৰ লাভালাভৰ বিষয়ে জানো আহক।

 ১. কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে-

আম স্বাস্থ্য পক্ষে উপকাৰী, কিয়নো ইয়াত জৈৱ সক্ৰিয় যৌগ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত উচ্চ পৰিমাণৰ বেটাকেৰোটিনৰ বাবে ই শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। আমৰ পাল্পত কেৰোটিনইড, এস্কৰ্বিক এচিড, টাৰ্পেনইড আৰু পলিফেনলৰ দৰে উপাদান থাকে, যি কৰ্কট ৰোগৰ দৰে এক ডাঙৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

 ২. হৃদযন্ত্ৰ কাৰ্যক্ষম কৰে-

আম হৃদযন্ত্ৰৰ বাবেও যথেষ্ট উপকাৰী। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আম সেৱনে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। একে সময়তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবেও আম যথেষ্ট লাভজনক। আমত যথেষ্ট পৰিমাণে ভিটামিন-‘চি’ থাকে।

 ৩. দৃষ্টি শক্তি অটুট ৰাখে-

চকুৰ বাবে লগতে বয়সৰ আগতে দৃষ্টিশক্তিৰ সমস্যা আজিকালি সাধাৰণ কথা হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে ভিটামিন-‘এ’ৰ অভাৱ। এনে পৰিস্থিতিত আম হৈছে ভিটামিন-‘এ’ৰ এক ভাল উৎস। এনে পৰিস্থিতিত যিসকল লোকে দৃষ্টিশক্তিৰ সমস্যাত ভুগি আছে বা চকুৰ সৈতে সম্পৰ্কিত কোনো সমস্যাৰে জৰ্জৰিত হৈ আছে, তেওঁলোকে নিশ্চিতভাৱে এই ফলবিধ খাব লাগে।

 ৪. গৰমৰ পৰা সুৰক্ষা দিয়ে-

গৰম বতাহ বা উত্তাপৰ পৰা সুৰক্ষা দিয়াতো আম যথেষ্ট লাভজনক। আমৰ ৰসে শৰীৰ শীতল কৰি ৰাখে। সেয়েহে গ্ৰীষ্মকালত দৈনিক আহাৰৰ তালিকাত আম অন্তৰ্ভুক্ত কৰা উচিত।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ