--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাহে লাহে জহকাল আৰম্ভ হোৱাৰ সময় হৈছে। ভাৰতৰ বিভিন্ন স্থানত ইতিমধ্যে গৰম পৰিলেই। প্ৰচণ্ড গৰমৰ বিধ্বংসী ৰূপ সমগ্ৰ উত্তৰ ভাৰতত দেখা পোৱা গৈছে। বহু চহৰত ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বাবে সাধাৰণ জনতাৰ অৱস্থা দুৰ্বিষহ হৈ পৰিছে। 

গৰম বতাহ, উগ্ৰ ৰ’দ আৰু আৰ্দ্ৰতাৰ বাবে শৰীৰৰ পৰা ঘাম ওলোৱাটো অতি স্বাভাৱিক, কিন্তু কিছুমান মানুহৰ অত্যধিক ঘাম(Sweat) ওলাবলৈ ধৰে, যাৰ ফলত শৰীৰৰ দুৰ্গন্ধ বাহিৰ হয় আৰু চৌপাশৰ মানুহবোৰ অস্বস্তিত পৰে। ইয়াত আমি আপোনাক এনে কিছুমান টিপছ দিম যাৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।

১/আৰামদায়ক কাপোৰ পিন্ধিব লাগে-ফেশ্বন যুগত ট্ৰেণ্ডি দেখাবৰ বাবে গৰমৰ দিনতো বহু মানুহে টাইট আৰু গাঢ় ৰঙৰ কাপোৰ পিন্ধে, যাৰ ফলত শৰীৰৰ বহু অংশত বায়ু নাপায় আৰু অত্যধিক ঘামচি ওলোৱা আৰম্ভ হয়। লগতে দুৰ্গন্ধযুক্ত ঘাম বাহিৰ হয়। এনে অৱস্থাত ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধাটো জৰুৰী।

২/চৰ্বিযুক্ত বস্তু নাখাব-গ্ৰীষ্মকালত খাদ্য-পানীয়ৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে, এনে বস্তু যিবোৰ অধিক তেল থকা বা চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চৰ্বিযুক্ত বস্তু খালে অত্যধিক ঘাম ওলায়, যাৰ ফলত গোন্ধ ওলাবলৈ ধৰে।

৩/টেনচন ফ্ৰী হওক-প্ৰচণ্ড গৰমৰ বাবে টেনচন হোৱাটো সাধাৰণ কথা, কিন্তু আপুনি জানি আচৰিত হ’ব যে ষ্ট্ৰেছৰ ফলত অত্যধিক ঘাম ওলাব পাৰে। গতিকে মনটোক যিমান পাৰি শিথিল কৰিবলৈ চেষ্টা কৰক আৰু মন শীতল কৰি ৰাখক।

৪/ৰাতি এই কামটো কৰক-গৰমৰ দিনত গা ধুই শোৱাটো ভাল।শোৱাৰ আগতে কাষলতিত ডিঅ’ড্ৰেণ্ট লগাব লাগে যাতে ঘাম কমি যায়। কেইদিনমান এনে কৰিলে ভাল ফল দেখিবলৈ আৰম্ভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ