--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতি সপোন(Dream) দেখাটো স্বাভাৱিক। ৰাতি শুই থকাৰ সময়ত প্ৰায় সকলো মানুহেই কিবা নহয় কিবা সপোন দেখে। অৱশ্যে বহু সময়ত এনেবোৰ সপোন দেখা যায়, যিবোৰ দেখি আমি বহুত ভয় খাওঁ। সেই সপোনবোৰৰ ৰহস্য কি? এনে ভয়ংকৰ সপোন দেখাটো শুভ নে অশুভ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ স্বপ্নশাস্ত্ৰত দিয়া আছে। স্বপ্নশাস্ত্ৰ অনুযায়ী সেই অদ্ভুত সপোনবোৰৰ মাজৰ পৰা কেইটামান সপোনৰ অৰ্থ আমি আপোনালোকলৈ আগবঢ়ালোঁ-

১)সপোনত ক'লা মেকুৰী দেখাঃ কোনোবাই যদি সপোনত ক’লা মেকুৰী দেখিছে, তেন্তে তাক অশুভ বুলি গণ্য কৰা হয়। ক’লা মেকুৰীৰ ৰূপ দুৰ্ভাগ্যৰ সৈতে জড়িত। বেয়া ঘটনা সংঘটিত হোৱাৰ আগজাননী হিচাপে সপোনত ক’লা মেকুৰী দেখা পোৱা যায়।

২)সপোনত ক’লা ছাঁ দেখাঃ সপোনত ক’লা ছাঁ দেখাটো ভাল বুলি গণ্য কৰা নহয়। স্বপ্ন শাস্ত্ৰ অনুসৰি সপোনত ক’লা ছাঁ দেখাৰ অৰ্থক অন্ধকাৰ, মৃত্যু, শোক, প্ৰত্যাখ্যান, ঘৃণা বা কু-অভিপ্ৰায়ৰ চিন বুলি গণ্য কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাৰ জীৱনত সংকটৰ সময় আৰম্ভ হ’বলৈ গৈ আছে।

৩)নিজকে ভ্ৰমণ কৰা দেখাঃ বহু সময়ত আমি শুই থকাৰ সময়ত নিজকে ভ্ৰমণ কৰি থকা বা যাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পাওঁ। এনে সপোন দেখাটো ভাল বুলি গণ্য কৰা নহয়। অৰ্থাৎ আপুনি জীৱনৰ পৰা বিদায় লৈ বৈকুণ্ঠলোকলৈ যাবলৈ প্ৰস্তুতি চলাইছে। যদি কেতিয়াবা এনেকুৱা সপোন দেখিছে তেন্তে ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে।

৪)ঘৰৰ ছাদত বহি থকা কাউৰীঃ যদি আপুনি সপোনত কাউৰী দেখিছে তেন্তে ইয়াক অশুভ বুলি গণ্য কৰা হয়। আচলতে এজন ব্যক্তিৰ মৃত্যুৰ পিছত প্ৰতি বছৰে তেওঁৰ স্মৃতিত পিণ্ডদান কৰা হয়, অৰ্থাৎ কাউৰীবোৰক খাদ্য দিয়া হয়। এনে অৱস্থাত যদি আপুনি সপোনত ঘৰৰ ওপৰত কাউৰী বহি থকা দেখিছে বা উৰি থকা দেখিছে তেন্তে ই কিবা অশুভ সময়ৰ ইংগিত দিয়ে।

৫)সাপ দেখাঃ স্বপ্নশাস্ত্ৰৰ মতে সপোনত সাপ দেখাটো যিকোনো সমস্যা বা বাধাৰ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাক কিবা এটা সমস্যাই আগুৰি ধৰিব বা আপোনাৰ নিৰাপদ আৰু সুস্থ কামত বাধা আহিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ