--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতি সপোন(Dream) দেখাটো স্বাভাৱিক। ৰাতি শুই থকাৰ সময়ত প্ৰায় সকলো মানুহেই কিবা নহয় কিবা সপোন দেখে। অৱশ্যে বহু সময়ত এনেবোৰ সপোন দেখা যায়, যিবোৰ দেখি আমি বহুত ভয় খাওঁ। সেই সপোনবোৰৰ ৰহস্য কি? এনে ভয়ংকৰ সপোন দেখাটো শুভ নে অশুভ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ স্বপ্নশাস্ত্ৰত দিয়া আছে। স্বপ্নশাস্ত্ৰ অনুযায়ী সেই অদ্ভুত সপোনবোৰৰ মাজৰ পৰা কেইটামান সপোনৰ অৰ্থ আমি আপোনালোকলৈ আগবঢ়ালোঁ-

১)সপোনত ক'লা মেকুৰী দেখাঃ কোনোবাই যদি সপোনত ক’লা মেকুৰী দেখিছে, তেন্তে তাক অশুভ বুলি গণ্য কৰা হয়। ক’লা মেকুৰীৰ ৰূপ দুৰ্ভাগ্যৰ সৈতে জড়িত। বেয়া ঘটনা সংঘটিত হোৱাৰ আগজাননী হিচাপে সপোনত ক’লা মেকুৰী দেখা পোৱা যায়।

২)সপোনত ক’লা ছাঁ দেখাঃ সপোনত ক’লা ছাঁ দেখাটো ভাল বুলি গণ্য কৰা নহয়। স্বপ্ন শাস্ত্ৰ অনুসৰি সপোনত ক’লা ছাঁ দেখাৰ অৰ্থক অন্ধকাৰ, মৃত্যু, শোক, প্ৰত্যাখ্যান, ঘৃণা বা কু-অভিপ্ৰায়ৰ চিন বুলি গণ্য কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাৰ জীৱনত সংকটৰ সময় আৰম্ভ হ’বলৈ গৈ আছে।

৩)নিজকে ভ্ৰমণ কৰা দেখাঃ বহু সময়ত আমি শুই থকাৰ সময়ত নিজকে ভ্ৰমণ কৰি থকা বা যাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পাওঁ। এনে সপোন দেখাটো ভাল বুলি গণ্য কৰা নহয়। অৰ্থাৎ আপুনি জীৱনৰ পৰা বিদায় লৈ বৈকুণ্ঠলোকলৈ যাবলৈ প্ৰস্তুতি চলাইছে। যদি কেতিয়াবা এনেকুৱা সপোন দেখিছে তেন্তে ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে।

৪)ঘৰৰ ছাদত বহি থকা কাউৰীঃ যদি আপুনি সপোনত কাউৰী দেখিছে তেন্তে ইয়াক অশুভ বুলি গণ্য কৰা হয়। আচলতে এজন ব্যক্তিৰ মৃত্যুৰ পিছত প্ৰতি বছৰে তেওঁৰ স্মৃতিত পিণ্ডদান কৰা হয়, অৰ্থাৎ কাউৰীবোৰক খাদ্য দিয়া হয়। এনে অৱস্থাত যদি আপুনি সপোনত ঘৰৰ ওপৰত কাউৰী বহি থকা দেখিছে বা উৰি থকা দেখিছে তেন্তে ই কিবা অশুভ সময়ৰ ইংগিত দিয়ে।

৫)সাপ দেখাঃ স্বপ্নশাস্ত্ৰৰ মতে সপোনত সাপ দেখাটো যিকোনো সমস্যা বা বাধাৰ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাক কিবা এটা সমস্যাই আগুৰি ধৰিব বা আপোনাৰ নিৰাপদ আৰু সুস্থ কামত বাধা আহিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ