--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭-৮ মে’ৰ গভীৰ নিশা পাকিস্তানে ভাৰতৰ ১৫খন চহৰত মিছাইল আৰু ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ য়ে পাকিস্তানৰ এই আক্ৰমণ বিফল কৰিছিল। ইণ্ডিয়া এছ-৪০০ৰ এই এয়াৰ ডিফেন্স চিষ্টেম সুদৰ্শন চক্ৰ নামেৰে জনাজাত। এই নামটো হিন্দু পৌৰাণিক অস্ত্ৰ ‘সুদৰ্শন চক্ৰ’ৰ পৰা অনুপ্ৰাণিত।

এছ ৪০০ সুদৰ্শন চক্ৰই নিমিষতে চাৰখাৰ কৰি পেলাব পাৰে শত্ৰু পক্ষক। এই বিধ অস্ত্ৰৰ ইমানেই ক্ষমতাশালী যে, ৩০ কিলোমিটাৰ নিলগত থকা শত্ৰুকো মাটিত মিহলি কৰি দিব পাৰে। ইয়াক ৪০ৰ পৰা ৪০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত সংস্থাপন কৰিব পাৰি। তাৰোপৰি এই অস্ত্ৰৰ দ্বাৰা একেলগে একেসময়তে ৩০০ ৰো অধিক লোকক আক্ৰমণ কৰিব পৰা ক্ষমতা আছে। এই অস্ত্ৰবিধ ট্ৰাক, ৰাডাৰ আদিতো সংস্থাপন কৰিব পাৰি বুলি জানিব পৰা গৈছে। 

এই ব্যৱস্থাটোক বিশ্বৰ আটাইতকৈ উন্নত আৰু দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ভিতৰত গণ্য কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি সুদৰ্শন চক্ৰক ভগৱান বিষ্ণু আৰূ শ্ৰীকৃষ্ণৰ অস্ত্ৰ বুলি গণ্য কৰা হয়। 

সুদৰ্শন চক্ৰ কিমান শক্তিশালী আছিল?

পুৰাণৰ মতে সুদৰ্শন চক্ৰক সকলো ঐশ্বৰিক অস্ত্ৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস অনুসৰি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ এই তিনিও হ’ল সৰ্বশক্তিমান । এজন সৃষ্টিকৰ্তা, এজন পালনকৰ্তা  আৰু তৃতীয়জন সংহাৰকৰ্তা।তিনিওৰে শক্তিৰ কোনো সীমা নাই। সেয়েহে হিন্দু ধৰ্মত  ব্ৰহ্মাৰ এক শক্তিশালী মহান  অস্ত্ৰৰ নাম ব্ৰহ্মাস্ত্ৰ, মহাদেৱৰ ত্ৰিশুল আৰু ভগৱান বিষ্ণুৰ আঙুলিত সুদৰ্শন চক্ৰ বিৰাজমান । বিশ্বাস অনুসৰি ভগৱান বিষ্ণু আৰু তেওঁৰ অৱতাৰ শ্ৰীকৃষ্ণই এই সুদৰ্শন চক্ৰৰ দ্বাৰা বহু দৈত্য-দানৱক হত্যা কৰিছিল।

বহুতত আকৌ ইয়াক দেৱতাৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মাই নিৰ্মাণ কৰা বুলিও এটা কাহিনী আছে। বিশ্বকৰ্মাৰ কন্যা সঞ্জনা ভগৱান সূৰ্য্যৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু সূৰ্য্যৰ উজ্জ্বলতাৰ বাবে তেওঁলোক তেওঁৰ ওচৰলৈ যাব পৰা নাছিল। এই কথা যেতিয়া তেওঁ  দেউতাকক ক’লে তেতিয়া বিশ্বকৰ্মাই সূৰ্য্যৰ উজ্জ্বলতা কিছু হ্ৰাস কৰিলে। তাৰ পিছত বিশ্বকৰ্মাই বাকী থকা ধূলিখিনি সংগ্ৰহ কৰি তাৰ পৰা তিনিটা বস্তু তৈয়াৰ কৰিলে। প্ৰথম পুষ্পক বিমান, দ্বিতীয় ভগৱান শিৱৰ ত্ৰিশূল আৰু তৃতীয় সুদৰ্শন চক্ৰ।

অৱশ্যে পুৰাণ গ্ৰন্থত এসময়ত অসুৰে স্বৰ্গ আক্ৰমণ কৰি দেৱতাসকলক বন্দী কৰিছিল বুলিও কোৱা হৈছে। আনকি ভগৱান বিষ্ণুৱেও মহাপৰাক্ৰমী অসুৰৰ পৰা স্বৰ্গ ৰক্ষা কৰিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁ  মহাদেৱক হাজাৰ হাজাৰ পদুম ফুলেৰে পূজা কৰিলে আৰু ভগৱান শিৱ তেওঁৰ তপস্যাত সন্তুষ্ট হ’ল ৷ অৱশ্যে  বিষ্ণুৱে শিৱক দিবলৈ এপাহ পদুম কম হোৱাত   তেওঁৰ এটা চকু উলিয়াই শিৱলিংগত আগবঢ়াই দিলে আৰু  তেতিয়াই ভগৱান শিৱই সন্তুষ্ট হৈ তেওঁক সুদৰ্শন চক্ৰ দিলে, যাৰ দ্বাৰা নাৰায়ণে অসুৰক ধ্বংস কৰিলে।

মহাভাৰতৰ মতে ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে অগ্নি দেৱতাক  খাণ্ডৱ বন জ্বলোৱাত সহায় কৰিছিল। বিনিময়ত তেওঁ কৃষ্ণক চকা আৰু কৌমোদকী গদা উপহাৰ দিলে। পৰশুৰামে ভগৱান শ্ৰীকৃষ্ণক সুদৰ্শন চক্ৰ দিছিল বুলিও এক জনপ্ৰিয় কিংবদন্তি আছে।

সুদৰ্শন চক্ৰৰ বিশেষত্ব হ’ল  ই মনৰ বেগেৰে গতি কৰে আৰু শত্ৰুক ধ্বংস কৰিহে উভতি আহে। সমগ্ৰ পৃথিৱীতে ইয়াৰ পৰা হাত সাৰিবলৈ কোনো উপায় নাই। পুৰাণ আৰু শাস্ত্ৰৰ মতে ই এক চেকেণ্ডত কোটি কোটি বাৰ ঘূৰি থাকে। ই চকুৰ পলকতে লাখ লাখ যোজন (১ যোজন-৮ কিলোমিটাৰ) যাত্ৰা কৰিব পাৰে। 

সুদৰ্শন চক্ৰই  শত্ৰুক ধ্বংস কৰাৰ পিছতহে উভতি আহিছিল। এই অস্ত্ৰবিধক বাধা প্ৰদান কৰাটো অসম্ভৱ আছিল। যেতিয়াই শ্ৰীকৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰ উঠাইছিল, শত্ৰুক ধ্বংস নকৰাকৈ উভতি অহা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল