--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিয়াঘৰত উখল-মাখল পৰিৱেশ। সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে বিয়াৰ মণ্ডপ। বতাহত ভাঁহি আছে ফুলৰ সুগন্ধি। সকলোৰে মনত আনন্দ। পৰিয়ালৰ সকলোৰে মৰমৰ কুলদীপে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলাইছে। বিয়াৰ দিন আছিল ১০ মে’ত। বৰযাত্ৰীসকলক লগত লৈ কুলদীপে আনিবলৈ যোৱাৰ কথা আছিল নিজৰ জীৱন লগৰীক।  দুচকুত অলেখ স্বপ্নই বিৰাজ কৰিছিল কুলদীপৰ দুচকুত। 

কিন্তু তেনেতে এটা খবৰ আহিল যে কুলদীপ যুদ্ধলৈ যাব লাগে। ভাৰত-পাকিস্তানৰ যুদ্ধত কুলদীপো হ’ব লাগিব যোদ্ধা।  এই খবৰ অহাৰ লগে লগে ৰৈ নাথাকিল কুলদীপ। টালি-টোপোলা বান্ধি সাজু হ’ল দেশমাতৃক ৰক্ষা কৰিবলৈ। নিজৰ সকলো সুখ দূৰলৈ ঠেলি কুলদীপে শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ’ল, কাৰণ তেওঁ যে শপত লৈ থৈছিল মাতৃভূমিক সদায় ৰক্ষা কৰিম বুলি।  দেশসেৱাৰ বাবে নিজৰ বিয়াৰ দিনটোতে ঘৰৰ পৰা ওলাই অহা কুলদীপৰ এই ঘটনাটো  উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাৰ।  কুলদীপ এগৰাকী BSF জোৱান। 

মহেন্দ্ৰ সিং পালৰ জ্যেষ্ঠ পুত্ৰ কুলদীপ সিং পালে ডেৰ বছৰ পূৰ্বে BSF বাহিনীত যোগদান কৰিছিল। মাত্ৰ দুমাহ আগতে কুলদীপৰ বিয়া ঠিক হৈছিল। কুলদীপে বিয়াৰ প্ৰস্তুতিৰ বাবে ছুটী লৈছিল আৰু ১০ মে’ত বিয়াৰ দিন আছিল। তেতিয়াই মুখ্য কাৰ্যালয়ৰ পৰা ছুটী বাতিলৰ বাৰ্তা আহিছিল। কুলদীপে নিজৰ সুখ এৰি দেশমাতৃক আগস্থান দি সীমান্তলৈ উভতি আহিল।

কুলদীপৰ পৰিয়ালৰ লোকে কয় যে বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। তাৰপিছত কৰ্তব্যৰ আহ্বান আহিল যে তেওঁ ততাতৈয়াকৈ অসম হেডকোৱাৰ্টাৰত পাবই লাগিব। এটা মুহূৰ্তও নষ্ট নকৰাকৈ কুলদীপে সকলো এৰি নিজৰ দেশৰ সেৱাৰ বাবে আগবাঢ়ি গ’ল। কাৰণ এজন প্ৰকৃত সৈনিক সদায় নিজৰ দেশৰ বাবে প্ৰতি মুহূৰ্ততে, প্ৰতি পৰিস্থিতিতে সাজু থাকে। দেশমাতৃৰ আগত নিজৰ ব্যক্তিগত জীৱন সদায় গৌণ। 

মুখ্য কাৰ্যালয়ৰ পৰা বাৰ্তাটো পোৱাৰ লগে লগে কুলদীপে যাবলৈ সাজু হ’ল।  কুলদীপে তেওঁৰ হ’বলগীয়া পত্নীৰ লগত কথা পাতি প্ৰতিশ্ৰুতি দিলে যে তেওঁ অতি সোনকালে ঘূৰি আহিব আৰু হোমৰ জুইক সাক্ষী কৰি তাইক চিৰদিনৰ বাবে  নিজৰ কৰি ল’ব।

কুলদীপ সিং পালৰ এই দেশপ্ৰেমক সকলোৱে এতিয়া একমুখে প্ৰশংসা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ