--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুন্দৰ দেখিবলৈ আপুনি ব্যৱহাৰ কৰে নেকি মেকআপ৷ মহিলাসকলৰ মেকআপ বা প্ৰসাধন সামগ্ৰী এক অপৰিহাৰ্য সামগ্ৰী বুলি ক'লেও ভূল কোৱা নহ'ব৷ কিন্তু যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোতে সাৱধান হ'ব আপুনি৷ কম দামত উপলব্ধ তথা বহু সময়লৈকে থকা প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰি হয়তো আপুনি বিপদত পৰিব পাৰে৷ যুক্তৰাষ্ট্ৰৰ নট্ৰি ডেম বিশ্ববিদ্যালয়ে বিভিন্ন প্ৰসাধন সামগ্ৰীৰ ৰাসায়নিক পদাৰ্থৰ ওপৰত চলোৱা এক পৰীক্ষাত এক ভয়ংকৰ তথ্য প্ৰকাশ হয় ।

তেওঁলোকে জনোৱা মতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মুখ্য ব্ৰেণ্ডবোৰে প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰীত উচ্চ পৰিমাণৰ বিষাক্ত "ফৰেভাৰ ৰাসায়নিক পদাৰ্থ" ব্যৱহাৰ কৰা হয়, এইবিধ ৰাসায়নিক পদাৰ্থই পানী, ৰ'দ বা বতাহ ইত্যাদিক সহজতে প্ৰতিহত কৰে । বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মুখপত্ৰত প্ৰকাশিত তথ্য অনুসৰি ২৩১ টা প্ৰসাধন আৰু সৌন্দৰ্য বৰ্ধিত সামগ্ৰীৰ নমুনাত বহু পৰিমাণৰ অৰ্গেনিক ফ্লুৰিন পোৱা গৈছিল। যি বহু পৰিমানে বিষাক্ত আৰু দেহৰ বাবে অনুপযোগী।

এই অধ্যয়ন চলোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল লিপষ্টিক, আইলাইনাৰ, মাস্কাৰা, ফাউণ্ডেশ্যন, কনচিলাৰ, লিপ বাম, ব্লাশ্ব, নেইল পলিশ্ব আৰু অন্যান্য প্ৰসাধন সামগ্ৰী। সৰ্বোচ্চ পৰিমাণৰ ৰাসায়নিক পদাৰ্থ পোৱা গৈছে ফাউণ্ডেশ্যনত ৬৩ শতাংশ৷ ইয়াৰ উপৰি ৱাটাৰপ্ৰুফ মাস্কাৰা, লিপষ্টিকতো যথেষ্ট সংখ্যক পোৱা গৈছে ৰাসায়নিক পদাৰ্থ। তদুপৰি, এই অধ্যয়নত প্ৰকাশ হৈছিল যে পৰীক্ষা কৰা সামগ্ৰীৰ ৮৮ শতাংশতেই পেকেটৰ বাহিৰত লিখা থকা ৰাসায়নিক পদাৰ্থ নাছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post