--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুন্দৰ দেখিবলৈ আপুনি ব্যৱহাৰ কৰে নেকি মেকআপ৷ মহিলাসকলৰ মেকআপ বা প্ৰসাধন সামগ্ৰী এক অপৰিহাৰ্য সামগ্ৰী বুলি ক'লেও ভূল কোৱা নহ'ব৷ কিন্তু যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোতে সাৱধান হ'ব আপুনি৷ কম দামত উপলব্ধ তথা বহু সময়লৈকে থকা প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰি হয়তো আপুনি বিপদত পৰিব পাৰে৷ যুক্তৰাষ্ট্ৰৰ নট্ৰি ডেম বিশ্ববিদ্যালয়ে বিভিন্ন প্ৰসাধন সামগ্ৰীৰ ৰাসায়নিক পদাৰ্থৰ ওপৰত চলোৱা এক পৰীক্ষাত এক ভয়ংকৰ তথ্য প্ৰকাশ হয় ।

তেওঁলোকে জনোৱা মতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মুখ্য ব্ৰেণ্ডবোৰে প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰীত উচ্চ পৰিমাণৰ বিষাক্ত "ফৰেভাৰ ৰাসায়নিক পদাৰ্থ" ব্যৱহাৰ কৰা হয়, এইবিধ ৰাসায়নিক পদাৰ্থই পানী, ৰ'দ বা বতাহ ইত্যাদিক সহজতে প্ৰতিহত কৰে । বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মুখপত্ৰত প্ৰকাশিত তথ্য অনুসৰি ২৩১ টা প্ৰসাধন আৰু সৌন্দৰ্য বৰ্ধিত সামগ্ৰীৰ নমুনাত বহু পৰিমাণৰ অৰ্গেনিক ফ্লুৰিন পোৱা গৈছিল। যি বহু পৰিমানে বিষাক্ত আৰু দেহৰ বাবে অনুপযোগী।

এই অধ্যয়ন চলোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল লিপষ্টিক, আইলাইনাৰ, মাস্কাৰা, ফাউণ্ডেশ্যন, কনচিলাৰ, লিপ বাম, ব্লাশ্ব, নেইল পলিশ্ব আৰু অন্যান্য প্ৰসাধন সামগ্ৰী। সৰ্বোচ্চ পৰিমাণৰ ৰাসায়নিক পদাৰ্থ পোৱা গৈছে ফাউণ্ডেশ্যনত ৬৩ শতাংশ৷ ইয়াৰ উপৰি ৱাটাৰপ্ৰুফ মাস্কাৰা, লিপষ্টিকতো যথেষ্ট সংখ্যক পোৱা গৈছে ৰাসায়নিক পদাৰ্থ। তদুপৰি, এই অধ্যয়নত প্ৰকাশ হৈছিল যে পৰীক্ষা কৰা সামগ্ৰীৰ ৮৮ শতাংশতেই পেকেটৰ বাহিৰত লিখা থকা ৰাসায়নিক পদাৰ্থ নাছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement