--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে গুলজাৰৰ ঘৰত হঠাত চলোৱা তালাচীত এই ১৪টা চিলিণ্ডাৰ জব্দ কৰে আৰু গুলজাৰ হুছেইনক আটক কৰে।

ডিজিটেল ডেস্ক: অবৈধ চিলিণ্ডাৰ সৰবৰাহ আৰু চুৰি কাৰ্যৰ বিৰুদ্ধে চামগুৰি আৰক্ষীয়ে চলোৱা এক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে চামগুৰিৰ পেনাই অঞ্চলত অভিযান চলাই একেলগে ১৪টাকৈ চিলিণ্ডাৰ জব্দ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত এজন লোকক আটক কৰিছে।


পেনাইৰ গুলজাৰ হুছেইন নামৰ এজন লোকৰ বাসগৃহত এই চুৰি গেছ চিলিণ্ডাৰসমূহ অতি গোপনীয়ভাৱে মজুত কৰি ৰখা হৈছিল। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে গুলজাৰৰ ঘৰত হঠাত চলোৱা তালাচীত এই ১৪টা চিলিণ্ডাৰ জব্দ কৰে আৰু গুলজাৰ হুছেইনক আটক কৰে।


উল্লেখ্য যে, দুদিন পূৰ্বে আমনি অঞ্চলৰ পৰা চিলিণ্ডাৰ চুৰি কাৰ্যৰ সৈতে জড়িত আবিদুল হক আৰু ইমদাদুল হক নামৰ দুটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত এই ধৃত চোৰ দুটাই সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি দিয়ে আৰু তেওঁলোকে চুৰি কৰা চিলিণ্ডাৰসমূহ গুলজাৰ হুছেইনৰ ঘৰত জমা ৰখাৰ কথা প্ৰকাশ কৰে। চোৰ দুটাৰ সেই স্বীকাৰোক্তিৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে এই সফল অভিযান চলায়।


বৰ্তমান চামগুৰি আৰক্ষীয়ে আটকাধীন গুলজাৰ হুছেইনক অধিক তথ্য আৰু এই চক্ৰটোৰ সৈতে আন কোন কোন জড়িত আছে, তাৰ সন্ধান উলিয়াবলৈ প্ৰাৰম্ভিক তদন্তৰ লগতে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত