--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে গুলজাৰৰ ঘৰত হঠাত চলোৱা তালাচীত এই ১৪টা চিলিণ্ডাৰ জব্দ কৰে আৰু গুলজাৰ হুছেইনক আটক কৰে।

ডিজিটেল ডেস্ক: অবৈধ চিলিণ্ডাৰ সৰবৰাহ আৰু চুৰি কাৰ্যৰ বিৰুদ্ধে চামগুৰি আৰক্ষীয়ে চলোৱা এক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে চামগুৰিৰ পেনাই অঞ্চলত অভিযান চলাই একেলগে ১৪টাকৈ চিলিণ্ডাৰ জব্দ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত এজন লোকক আটক কৰিছে।


পেনাইৰ গুলজাৰ হুছেইন নামৰ এজন লোকৰ বাসগৃহত এই চুৰি গেছ চিলিণ্ডাৰসমূহ অতি গোপনীয়ভাৱে মজুত কৰি ৰখা হৈছিল। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে গুলজাৰৰ ঘৰত হঠাত চলোৱা তালাচীত এই ১৪টা চিলিণ্ডাৰ জব্দ কৰে আৰু গুলজাৰ হুছেইনক আটক কৰে।


উল্লেখ্য যে, দুদিন পূৰ্বে আমনি অঞ্চলৰ পৰা চিলিণ্ডাৰ চুৰি কাৰ্যৰ সৈতে জড়িত আবিদুল হক আৰু ইমদাদুল হক নামৰ দুটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত এই ধৃত চোৰ দুটাই সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি দিয়ে আৰু তেওঁলোকে চুৰি কৰা চিলিণ্ডাৰসমূহ গুলজাৰ হুছেইনৰ ঘৰত জমা ৰখাৰ কথা প্ৰকাশ কৰে। চোৰ দুটাৰ সেই স্বীকাৰোক্তিৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে এই সফল অভিযান চলায়।


বৰ্তমান চামগুৰি আৰক্ষীয়ে আটকাধীন গুলজাৰ হুছেইনক অধিক তথ্য আৰু এই চক্ৰটোৰ সৈতে আন কোন কোন জড়িত আছে, তাৰ সন্ধান উলিয়াবলৈ প্ৰাৰম্ভিক তদন্তৰ লগতে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান