--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইটোৰ পিছত সিটো চাইবাৰ অপৰাধ সংঘটিত কৰি আৰক্ষীৰ চকুত ধূলি দিবলৈ জাহিদুলে বিগত কিছুদিন ধৰি গুৱাহাটীত আত্মগোপন কৰি আছিল।

ডিজিটেল ডেস্ক: চাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে অব্যাহত ৰখা তীব্ৰ অভিযানৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এজন কুখ্যাত চাইবাৰ অপৰাধীক। ধৃত প্ৰৱঞ্চকজনক হাউলীৰ বগাইজান পাৰাৰ জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জাহিদুল ইছলামে দীৰ্ঘদিন ধৰি বৰপেটাৰোড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল। অতি কৌশলেৰে লোকসকলৰ ক্ৰেডিট কাৰ্ডৰ গোপন তথ্য সংগ্ৰহ কৰি একাউণ্টৰ পৰা ধন লুটি অঞ্চলটোত এক আতংকৰ সৃষ্টি কৰিছিল এই প্ৰৱঞ্চকজনে।

ইটোৰ পিছত সিটো চাইবাৰ অপৰাধ সংঘটিত কৰি আৰক্ষীৰ চকুত ধূলি দিবলৈ জাহিদুলে বিগত কিছুদিন ধৰি গুৱাহাটীত আত্মগোপন কৰি আছিল।

বৰপেটাৰোড আৰক্ষীয়ে এক বিশেষ গোপন সূত্ৰৰ পম খেদি গুৱাহাটীত এক আকস্মিক অভিযান চলায়। এই অভিযানকালতে আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই আৰক্ষীয়ে জাহিদুলক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বৰপেটাৰোড আৰক্ষীৰ এই সফলতাক এতিয়া ভুক্তভোগী ৰাইজে প্ৰশংসা কৰাৰ লগতে অঞ্চলটোত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰাখিবলৈ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ