--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইটোৰ পিছত সিটো চাইবাৰ অপৰাধ সংঘটিত কৰি আৰক্ষীৰ চকুত ধূলি দিবলৈ জাহিদুলে বিগত কিছুদিন ধৰি গুৱাহাটীত আত্মগোপন কৰি আছিল।

ডিজিটেল ডেস্ক: চাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে অব্যাহত ৰখা তীব্ৰ অভিযানৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এজন কুখ্যাত চাইবাৰ অপৰাধীক। ধৃত প্ৰৱঞ্চকজনক হাউলীৰ বগাইজান পাৰাৰ জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।


আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জাহিদুল ইছলামে দীৰ্ঘদিন ধৰি বৰপেটাৰোড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল। অতি কৌশলেৰে লোকসকলৰ ক্ৰেডিট কাৰ্ডৰ গোপন তথ্য সংগ্ৰহ কৰি একাউণ্টৰ পৰা ধন লুটি অঞ্চলটোত এক আতংকৰ সৃষ্টি কৰিছিল এই প্ৰৱঞ্চকজনে।


ইটোৰ পিছত সিটো চাইবাৰ অপৰাধ সংঘটিত কৰি আৰক্ষীৰ চকুত ধূলি দিবলৈ জাহিদুলে বিগত কিছুদিন ধৰি গুৱাহাটীত আত্মগোপন কৰি আছিল।


বৰপেটাৰোড আৰক্ষীয়ে এক বিশেষ গোপন সূত্ৰৰ পম খেদি গুৱাহাটীত এক আকস্মিক অভিযান চলায়। এই অভিযানকালতে আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই আৰক্ষীয়ে জাহিদুলক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।


বৰপেটাৰোড আৰক্ষীৰ এই সফলতাক এতিয়া ভুক্তভোগী ৰাইজে প্ৰশংসা কৰাৰ লগতে অঞ্চলটোত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰাখিবলৈ দাবী জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান