--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাং কুকুৰক আন্তঃৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনে বিপন্ন প্ৰজাতিৰ প্ৰাণী হিচাপে চিনাক্ত কৰিছে আৰু ইয়াক এছিয়াৰ আটাইতকৈ কম অধ্যয়ন কৰা মাংসভোজী প্রাণীসমূহৰ অন্যতম বুলিও চিনাক্ত কৰিছে।

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দক্ষিণ দিশত থকা কাৰ্বি আংলঙত বিপন্ন প্রজাতিৰ ৰাং কুকুৰ অৰ্থাৎ ঢ'লা হিচাপে পৰিচিত প্ৰজাতিটোৰ সন্ধান পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সৈতে সম্প্ৰসাৰিত কাৰ্বি আংলং জিলাৰ বনাঞ্চলতো এসময়ত ৰাং কুকুৰৰ আৱাস আছিল।


বিগত সময়ত এই অঞ্চলৰপৰা ৰাং কুকুৰৰ জাকবোৰ নাইকিয়া হোৱা বুলি ভবা হৈছিল যদিও ২০২২ চনত ভাৰতীয় বন্য প্রাণী প্রতিষ্ঠানৰ গৱেষক দলৰ কেমেৰা-ট্রেপত এই অঞ্চলতে ৰাং কুকুৰৰ ছবি আবদ্ধ হৈছিল। এই ফটোৱে অঞ্চলটোত ৰাং কুকুৰৰ বিচৰণ নিশ্চিত কৰাৰ পাছত বন্য প্রাণী জৈৱতন্ত্ৰৰ গৱেষকৰ এটা দলে এই অঞ্চলত চলোৱা সমীক্ষা আৰু অধ্যয়নত ৰাং কুকুৰৰ জাক দেখা পাবলৈও সক্ষম হয়। 


দলটোৱে পোৱা প্ৰামাণিক তথ্যৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত আজি এই বিষয়ে মন্তব্য কৰি কয় যে মুক্তভাৱে বিচৰণ কৰা ৰাং কুকুৰ এতিয়া পুনৰ ঘূৰি আহিছে নিজৰ স্বাভাৱিক আৱাসভূমিলৈ। ই কেৱল এটা প্ৰজাতিৰ পুনৰাগমন নহয়, আমাৰ অৰণ্যৰ পুনৰুজ্জীৱন, জৈৱ-বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰত বৃদ্ধি পোৱা সচেতনতা আৰু ধৈর্যশীল সংৰক্ষণ প্ৰচেষ্টাৰ এক শক্তিশালী স্বীকৃতি। অৰণ্য সংযোগ সুদৃঢ় কৰা, বনভূমি সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ ধাৰাবাহিক পদক্ষেপে আজি এনে এক অনুকূল পৰিৱেশ গঢ়ি তুলিছে, য'ত প্রকৃতিয়ে নিজেই পুনৰ জীৱন বিচাৰি পাইছে বুলি তেওঁ মন্তব্য কৰিছে। ২০২২ চনৰ এখন কেমেৰা-ট্রেপ ছবিৰ পৰা ২০২৬ চনত এটা সম্পূর্ণ জাকৰ নিশ্চিত উপস্থিতিলৈ এই যাত্রা আশাৰ, অধ্যৱসায়ৰ আৰু সফল সংৰক্ষণৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী বুলিও মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত মন্তব্য কৰিছে।


উল্লেখযোগ্য যে আমেৰিকাৰ উইছকনচিন মেডিচন বিশ্ববিদ্যালয়ৰ বন আৰু বন্য প্রাণী জৈৱতন্ত্র বিভাগত গৱেষণা কৰি থকা অসমৰ যুৱ গৱেষক জ্যোতিষ ৰঞ্জন ডেকাই তেওঁৰ সহযোগীক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কর্তৃপক্ষ আৰু ভাৰতীয় বন্য প্রাণী প্রতিষ্ঠানৰ সহযোগিতাত কাজিৰঙাৰ কাৰ্বি আংলঙলৈ সম্প্রসাবিত বনাঞ্চলত গবেষণা চলাই আহিছে। অঞ্চলটোৰ গভীৰ বনাঞ্চলত ৰাংকুকুৰ প্ৰত্যক্ষ কৰা আৰু তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা জ্যোতিষ ৰঞ্জন ডেকাৰ নেতৃত্বত কৰ্মৰত এই গৱেষকৰ দলটোত আছে বোকাখাতৰ অংকুৰ নাহক, গুৱাহাটীৰ উদীপ্ত বৰুৱা, কাকডোঙাৰ যদুমণি শইকীয়া, নগাঁৱৰ স্মৃতিৰেখা শৰ্মা, শিৱসাগৰৰ মীনাক্ষি মেচ, কঁহৰাৰ ঋতুপর্ণ বৰুৱা আৰু সাপজুৰিৰ মুকেশ হাজৰিকা। এই দলটোৱে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উল্লিখিত বনাঞ্চলত চলোৱা ক্ষেত্র সমীক্ষাৰ সময়ত এটা ৰাং কুকুৰক দেখা পাইছিল। পৰৱৰ্তী সময়ত একেটা মাহতে বনাঞ্চলত দলটোৱে ৰাং কুকুৰৰ এটা জাকৰ নতুন পদচিহ্ন লাভ কৰিছিল আৰু এই জাকটোৱে বনাঞ্চলত বিচৰণ কৰি ফুৰা প্ৰমাণিক তথ্য সংগ্ৰহ কৰিছিল। 


উল্লেখযোগ্য যে ৰাং কুকুৰক আন্তঃৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনে বিপন্ন প্ৰজাতিৰ প্ৰাণী হিচাপে চিনাক্ত কৰিছে আৰু ইয়াক এছিয়াৰ আটাইতকৈ কম অধ্যয়ন কৰা মাংসভোজী প্রাণীসমূহৰ অন্যতম বুলিও চিনাক্ত কৰিছে। সমগ্র ভাৰতীয় উপ-মহাদেশত ৰাং কুকুৰৰ বিস্তৃতি আছিল যদিও আৱাসভূমিৰ সংকোচন আৰু খাদ্যৰ অভাৱ, পোহনীয়া কুকুৰৰ পৰা হোৱা ৰোগ সংক্ৰমণ আৰু বনাঞ্চলত মানুহৰ অনিয়ন্ত্ৰিত কাম-কাজৰ বাবে ৰাং কুকুৰৰ সংখ্যা দ্রুতগতিত হ্রাস পোৱা বুলি গৱেষণাত প্রকাশ। গৱেষকৰ দলটোৰ মতে, কাজিৰঙাৰ কাৰ্বি আংলঙলৈ সম্প্ৰসাৰিত কনাঞ্চলবোৰত চলোৱা সাম্প্রতিক পৰ্যবেক্ষণৰ ভিত্তিত কাজিৰঙা আৰু কাৰ্বি পাহাৰৰ মাজত সংযুক্ত বনাঞ্চল সংৰক্ষণৰ অতি প্রয়োজন। তথ্যগ্রন্থত উল্লেখ কৰা মতে, ৰাং কুকুৰ হৈছে এক প্ৰজাতিৰ চিকাৰী কুকুৰ। ভাৰতত ৰাং কুকুৰ সন্দৰ্ভত ব্যাপক অধ্যয়ন তথা গৱেষণা হৈছে যদিও তুলনামূলকভাৱে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ অধ্যয়ন সীমিত। 


বিগত সময়ত উত্তৰ-পূবৰ ৰাজ্য যেনে- অৰুণাচল প্রদেশ, অসম, মেঘালয়, মিজোৰাম, নগালেণ্ড, ছিকিম আৰু পশ্চিম বংগত ইয়াৰ বিচৰণৰ তথ্য পোৱা গৈছে। আনহাতে, বর্তমান ৰাং কুকুৰৰ বিচৰণ মধ্য আৰু পূব এছিয়া, ভাৰত, নেপাল, ভূটান, বাংলাদেশ, চীন, ম্যানমাৰ, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু মালয়েছিয়াত সীমাবদ্ধ। সেয়েহে ইয়াৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। নগালেণ্ডত ম্যানমাৰ সীমান্তৰ পৰা কিছু আঁতৰত ২০১১ চনৰ ২১ মে'ত পক্ষী নিৰীক্ষণকাৰীয়ে ৰাং কুকুৰৰ এটা দল পর্যবেক্ষণ কৰিছিল আৰু এই দৃশ্য নগালেণ্ডৰ বন বিভাগে নিশ্চিত কৰিছিল।


বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, প্রতিশোধমূলক হত্যা, বাসস্থানৰ সংকোচন আৰু চিকাৰৰ অভাৱ আদি ভাবুকিৰ বাবে প্ৰজাতিটোৰ বিতৰণৰ পৰিসৰ পূৰ্বতকৈ বিশ্বজুৰি ২৫ শতাংশতকৈও কমলৈ হ্রাস পাইছে। পূৰ্বৰ অধ্যয়ন অনুসৰি, ১৯৯০ চনত ৰাং কুকুৰৰ উপস্থিতি কেৱল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত সীমাবদ্ধ আছিল আৰু দক্ষিণত ই বিলুপ্তিৰ সন্মুখীন হৈছিল।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement