--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতী সিং , নামেই যাৰ পৰিচয়। কৌতুক অভিনেত্ৰী ভাৰতী সিঙৰ কথা হয়তো সকলোৱে জানে। 'দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ' অনুষ্ঠানটোৰ সৈতে সৰু পৰ্দাত কৌতুক যাত্ৰা আৰম্ভ কৰা ভাৰতীয়ে 'লাল্লি'ৰ চৰিত্ৰটোৰ বাবে অতি বিখ্যাত হৈ পৰিছিল। তেওঁ বিভিন্ন কমেডি ভিডিঅ'ৰ জৰিয়তে সকলোকে হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছিল। কিন্তু সদায় কৌতুকৰ জৰিয়তে সকলোকে হঁহুৱাই থকা ভাৰতী সিঙৰ হঠাৎ কি হ'ল। কিয় কান্দি কান্দি ভিডিঅ' বনালে অভিনেত্ৰীগৰাকীয়ে। 

অভিনেত্ৰী তথা কৌতুক শিল্পীগৰাকীয়ে নিয়মিতভাৱে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে সংস্পৰ্শত থাকে। সম্প্ৰতি এক ভিডিঅ’ত তেওঁক কান্দোনত ভাঙি পৰাৰ এতিয়া অনুৰাগীসকলৰ মাজত বিশেষ চৰ্চা চলিছে। ভাৰতী সিঙে সামাজিক মাধ্যমত ভিডিঅ'ৰ জৰিয়তে কয়‌ যে তেওঁ বেংককৰ পৰা ওভতাৰ পিছৰে পৰা অসুস্থ অনুভৱ কৰে। 

যিহেতু বৰ্তমান দেশৰ লগতে সমগ্ৰ বিশ্বতে কৰ'নাৰ উদ্বেগ বৃদ্ধি পাইছে। নিজৰ ইউটিউব চেনেলত নিজৰ পৰিস্থিতিৰ কথা শ্বেয়াৰ কৰিছে তেওঁ। ভাৰতী সিঙে কয় তেওঁ জ্বৰত আক্ৰান্ত হৈছে। লগতে কয় তেওঁৰ স্বামী হৰ্ষে ভাৰতীৰ তেজ পৰীক্ষা কৰোৱাৰ বাবে‌ সিদ্ধান্ত লৈছিল। কিন্তু ভাৰতীয়ে বেজিলৈ ভয় কৰে সেয়ে তেজ পৰীক্ষাৰ বাবে মান্তি হোৱা নাছিল। তেজ পৰীক্ষাৰ ভয়তেই ভিডিঅ'টোত অভিনেত্ৰীগৰাকীয়ে কান্দি থকা পৰিলক্ষিত হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ