--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শেহতীয়াকৈ সেনা মহিলা কল্যাণ সন্থাৰ এক অনুষ্ঠানৰ অংশ আছিল বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টা। অনুষ্ঠানৰ পৰা আৱেগিক পোষ্ট এটা শ্বেয়াৰ কৰাই নহয়, শ্বহীদৰ পত্নীসকলৰ বাবে সাহায্য হিচাপেও এক কোটি টকা আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ প্ৰীতি জিণ্টাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা এই অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ লিখিছে, ভাৰতীয় সেনাৰ দক্ষিণ পশ্চিম কমাণ্ডৰ প্ৰেক্ষাগৃহত উপস্থিত হোৱাৰ লগে লগে সকলোতে দেখা পালোঁ সেনা বিষয়া আৰু জোৱানৰ পোষ্টাৰ যিসকলে বীৰত্বৰ বঁটা লাভ কৰিছে। কোনোৱে এই দেশৰ বাবে প্ৰাণ আহুতি দিলে আৰু কোনোবাই যুদ্ধক্ষেত্ৰৰ পৰা দাগ লৈ উভতি আহিল। এইসকল আছিল স্বামী, পুত্ৰ, ভাই আৰু পিতৃ। তেওঁলোক আমাৰ সশস্ত্ৰ বাহিনীৰ অংশ আৰু তেওঁলোকে আমাৰ ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমান বলিদান দিয়ে।

তেওঁ আগলৈ লিখিছে, আমি তেওঁক কেতিয়াও চিনি নাপাম। বহুতে কেতিয়াও সেইবোৰ শুনিব নোৱাৰিব বা চিন্তা কৰিব নোৱাৰিব বা মনত পেলাব নোৱাৰিব। হয়তো আমি কথা-বতৰাত তেওঁৰ নাম উল্লেখ কৰিম, তেওঁৰ বীৰত্বৰ প্ৰশংসা কৰি তাৰ পিছত আমাৰ জীৱনলৈ উভতি যাম। এই দুখজনক সত্যটোৱে আৰু বেছিকৈ আঘাত কৰে যেতিয়া মই অনুষ্ঠানটোত উপস্থিত হৈ মোৰ মুখত হাঁহি এটা আনিবলৈ চেষ্টা কৰো। এই অনুষ্ঠানত মই এনে মহিলাক লগ পাইছিলো যিয়ে এই পুৰুষসকলক প্ৰতিদিনে আৰু প্ৰতিটো মুহূৰ্ততে মনত পেলায়। তেওঁৰ ল’ৰা-ছোৱালীক লগ পাই তেওঁলোকৰ হাঁহিবোৰ দেখিলোঁ৷ কোনো অভিযোগ আৰু চকুলো নাছিল। মাথোঁ গৌৰৱ, শক্তি আৰু ত্যাগ আছিল।

অৱশেষত প্ৰীতিয়ে লিখিলে, মই এটা সৰু অৱদান লৈ আহিলোঁ আপোনাৰ সেৱা আৰু আপোনাৰ ত্যাগৰ বাবে ধন্যবাদ। মই বিচাৰিছিলো যে তেওঁলোকে জানিব যে তেওঁলোকক পাহৰা হোৱা নাই আৰু আমি তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ থাকিম। মই মোৰ দায়িত্ব পালন কৰিছো আৰু মই আন্তৰিকতাৰে আশা কৰিছো যে আপোনালোক সকলোৱে কেনেবাকৈ আমাৰ সেনাবাহিনীৰ পৰিয়ালসমূহৰ পুঁজিৰ দিশত অৰিহণা যোগাব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত