--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মালদ্বীপ ত্যাগ কৰিব লাগিব ভাৰতীয় সেনাই। কাৰণ মালদ্বীপে সম্পূৰ্ণ স্বাধীন দেশ হিচাপে পৰিচিত হ'ব বিচাৰে। মালদ্বীপৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে এক সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰি দিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কেইবাবাৰো বিষয়টো উত্থাপন কৰিছে। চীনৰ ঘনিষ্ঠ নেতাজনে স্পষ্ট কৰি দিছে  যে মালদ্বীপত ভাৰতীয় সৈন্যৰ উপস্থিতিয়ে দেশখনৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

মুইজুৱে এই মাহৰ আৰম্ভণিতে নিৰ্বাচনত জয়ী হৈছিল আৰু ৰাষ্ট্ৰপতিৰ আসনত  বহিছিল।তেওঁ কয়, "আইন অনুসৰি মালদ্বীপৰ পৰা সকলো বিদেশী সৈন্য আঁতৰ কৰা হ'ব।"   অৱশ্যে মুইজুৱে সেই সময়ত ভাৰতৰ নাম উল্লেখ কৰা নাছিল। শেহতীয়াকৈ পোনপটীয়াকৈ ভাৰতৰ নাম উল্লেখ কৰি মুইজুৱে কয় যে ভাৰতীয় সেনাই মালদ্বীপৰ মাটিৰ পৰা আঁতৰি যাব  লাগিব।

মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে  এটা সাক্ষাৎকাৰ এই কথা কৈছে।তেওঁ কয়  "আমাৰ দেশত ভাৰতীয় সেনা আছে। কিন্তু তেওঁলোকে উভতি যাব লাগিব।’’ মুইজুৱে লগতে কয়  যে তেওঁ ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে সৈন্য প্ৰত্যাহাৰৰ বিষয়ে আলোচনা কৰিছে। মুইজুৱে কৈছে যে দুয়োখন দেশৰ মাজত যথেষ্ট ইতিবাচক আলোচনা হৈছে। তেওঁ কয় যে দুয়োখন দেশৰ উন্নয়নৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিব লাগিব।
 
উল্লেখ্য মুইজুক  চীনপন্থী বুলি জনা যায়।  মুইজুৱে ভাৰতীয় সৈন্য অপসাৰণ কৰি চীনক সমৰ্থন কৰিব নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে।   অৱশ্যে ৰাষ্ট্ৰপতিয়ে এই বিষয়ত এনেদৰে  উত্তৰ দিছে, "চীন বা আন কোনো দেশৰ সৈন্যক মালদ্বীপত থাকিবলৈ দিয়া নহ'ব’’। মালদ্বীপে অৱশ্যে ভাৰতৰ সৈন্য প্ৰত্যাহাৰৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি  দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ