--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মালদ্বীপ ত্যাগ কৰিব লাগিব ভাৰতীয় সেনাই। কাৰণ মালদ্বীপে সম্পূৰ্ণ স্বাধীন দেশ হিচাপে পৰিচিত হ'ব বিচাৰে। মালদ্বীপৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে এক সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰি দিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কেইবাবাৰো বিষয়টো উত্থাপন কৰিছে। চীনৰ ঘনিষ্ঠ নেতাজনে স্পষ্ট কৰি দিছে  যে মালদ্বীপত ভাৰতীয় সৈন্যৰ উপস্থিতিয়ে দেশখনৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

মুইজুৱে এই মাহৰ আৰম্ভণিতে নিৰ্বাচনত জয়ী হৈছিল আৰু ৰাষ্ট্ৰপতিৰ আসনত  বহিছিল।তেওঁ কয়, "আইন অনুসৰি মালদ্বীপৰ পৰা সকলো বিদেশী সৈন্য আঁতৰ কৰা হ'ব।"   অৱশ্যে মুইজুৱে সেই সময়ত ভাৰতৰ নাম উল্লেখ কৰা নাছিল। শেহতীয়াকৈ পোনপটীয়াকৈ ভাৰতৰ নাম উল্লেখ কৰি মুইজুৱে কয় যে ভাৰতীয় সেনাই মালদ্বীপৰ মাটিৰ পৰা আঁতৰি যাব  লাগিব।

মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে  এটা সাক্ষাৎকাৰ এই কথা কৈছে।তেওঁ কয়  "আমাৰ দেশত ভাৰতীয় সেনা আছে। কিন্তু তেওঁলোকে উভতি যাব লাগিব।’’ মুইজুৱে লগতে কয়  যে তেওঁ ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে সৈন্য প্ৰত্যাহাৰৰ বিষয়ে আলোচনা কৰিছে। মুইজুৱে কৈছে যে দুয়োখন দেশৰ মাজত যথেষ্ট ইতিবাচক আলোচনা হৈছে। তেওঁ কয় যে দুয়োখন দেশৰ উন্নয়নৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিব লাগিব।
 
উল্লেখ্য মুইজুক  চীনপন্থী বুলি জনা যায়।  মুইজুৱে ভাৰতীয় সৈন্য অপসাৰণ কৰি চীনক সমৰ্থন কৰিব নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে।   অৱশ্যে ৰাষ্ট্ৰপতিয়ে এই বিষয়ত এনেদৰে  উত্তৰ দিছে, "চীন বা আন কোনো দেশৰ সৈন্যক মালদ্বীপত থাকিবলৈ দিয়া নহ'ব’’। মালদ্বীপে অৱশ্যে ভাৰতৰ সৈন্য প্ৰত্যাহাৰৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি  দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ