--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিলোই প্ৰতি ১৫০-২০০ টকা দৰত বহুতে কিছুদিন পূৰ্বে বিলাহী খোৱাৰ পিছত এইবাৰ পিঁয়াজে কন্দুৱাব দেশবাসীক। ইতিমধ্যে পিঁয়াজৰ দাম হঠাতে বৃদ্ধি পাই ঠায়ে ঠায়ে ৭০ টকা হৈছেগৈ। দিন বাগৰাৰ লগে লগে পিঁয়াজৰ দাম প্ৰতি কিলোগ্ৰামত ১০০ টকা বা ততোধিক হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য বছৰটোৰ আৰম্ভণিৰ পৰা পিঁয়াজ কম দামতে উপলব্ধ হৈ আছিল। 
কিন্তু এতিয়া এই অত্যাৱশ্যকীয় পাচলিবিধ সাধাৰণ মানুহৰ বাবে অতি মূল্যৱান হৈ পৰিছে। শেহতীয়াকৈ, দেশৰ পাইকাৰী বজাৰত পিয়াজৰ মূল্য বৃদ্ধি হোৱা আৰম্ভ হৈছে। ফলত ইয়াৰ প্ৰভাৱ খুচুৰা বজাৰতো পৰিছে। পিঁয়াজৰ ব্যৱসায়ীসকলে ইয়াৰ কাৰণ হিচাবে কৈছে  যে পিঁয়াজৰ এটা অংশ বৃহৎ অংশ সংৰক্ষণৰ সময়তে অপচয় হৈছে। ফলত বজাৰত পিঁয়াজৰ যোগান যোগান হ্ৰাস পাইছে। সেয়ে ক্ৰেতাসকলৰ মাজত পিয়াঁজে উদ্বেগ বৃদ্ধি কৰিছে। ব্যৱসায়ীসকলে আশংকা কৰিছে যে এই প্ৰৱণতা  পাইকাৰী বজাৰত পৰৱৰ্তী কেইমাহমানৰ বাবে  অব্যাহত থাকিব পাৰে।

নাছিক জিলাৰ নিফাদ তালুকাৰ লাচালগাওঁৰ পাইকাৰী বজাৰত প্ৰতি কুইন্টলত পিঁয়াজৰ মূল্য ভালে খিনি বৃদ্ধি পাইছে। দেশৰ সৰ্ববৃহৎ পিঁয়াজৰ বজাৰ খনত  মূল্য ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ কথাই অনাগত দিনত যে পিঁয়াজৰ মূল্য আকাশলংঘী হৈ পৰিব সেয়া নিশ্চিত। 

উল্লেখ্য ২০২৩  চনৰ প্ৰথম মাহৰ পৰা পাইকাৰী বজাৰত পিঁয়াজৰ মূল্য আছিল প্ৰতি কুইন্টলত ৯০০ টকাৰ পৰা ১,০০০ টকা। এতিয়া সেই দাম প্ৰায় ৬,০০০ টকা হৈছে।  ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন (নাফেড) আৰু ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেডে (এনচিচিএফ) কৃষকসকলক  সহায় কৰিবলৈ প্ৰায় তিনি লাখ টন পিঁয়াজৰ পোখা  ক্ৰয় কৰিছিল।

নাছিকৰ দিনডোৰী পাইকাৰী বজাৰৰ কমিছন এজেণ্ট সুৰেশ দেশমুখে কয়, "পাইকাৰী বজাৰত পিয়াজৰ ষ্টক হ্ৰাস পাইছে। এই বছৰৰ আৰম্ভণিতে আবতৰীয়া  বৰষুণ আৰু ব্যতিক্ৰমী উচ্চ তাপমাত্ৰাই পিঁয়াজৰ ওপৰত প্ৰভাৱ পেলাইছে। সুৰেশ দেশমুখে অনুমান কৰিছে যে প্ৰায় ৪০ শতাংশ পিঁয়াজ সংৰক্ষণ কৰাৰ সময়তে  অপচয় হৈছে। কৃষকসকলে লোকচানৰ বাবেই বিক্ৰীৰ হাৰ বৃদ্ধি কৰিছিল। সেইকাৰণে যোৱা কেইমাহমানত পিঁয়াজৰ  মূল্য হ্ৰাস পাইছিল।

পিঁয়াজ হৈছে গ্ৰীষ্মকালীন শস্য। কৃষকসকলে ডিচেম্বৰ-জানুৱাৰীত এই  খেতি কৰা আৰম্ভ কৰে। শস্য মাৰ্চ-এপ্ৰিলত চপোৱা হয়। কম আৰ্দ্ৰতাৰ বাবে পিঁয়াজ দীঘলীয়া সময়ৰ বাবে সঞ্চিত কৰিব পাৰি। ছেপ্টেম্বৰ-অক্টোবৰৰ পিছত কৃষকসকলে লাহে লাহে নতুন শস্য অহালৈকে বজাৰলৈ পিঁয়াজ যোগান ধৰে।

পিয়াজ খেতিয়ক সন্থাৰ সভাপতি ভাৰত দিঘোলে কয়, "বৰ্তমানৰ হাৰ উৎপাদন ব্যয়ৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়। ইয়াৰ কাৰণ হ'ল কৃষকসকলে ষ্টকৰ ক্ষেত্ৰত বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আমি ভাবো দাম কিছু সময়ৰ বাবে বাঢ়িব। যদি পাইকাৰী বজাৰত যোগানৰ অভাৱ হয়, তেন্তে এই মূল্য প্ৰতি কুইন্টালত বহু খিনি বৃদ্ধি পাব  পাৰে। "
খুচুৰা বজাৰত  পিঁয়াজৰ মূল্য অহা মাহত প্ৰতি কিলোগ্ৰামত ৯০-১০০ টকা হোৱাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ