--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে ৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দবা দলক ঐতিহাসিক জয়ৰ বাবে অভিনন্দন জনাবলৈ ইনষ্টাগ্ৰামত পোষ্ট লিখে। ২২ ছেপ্টেম্বৰ দেওবাৰে স্লোভেনিয়াৰ বিৰুদ্ধে ৰোমাঞ্চকৰ চূড়ান্ত ৰাউণ্ডৰ অন্তত ভাৰতীয় দলটোৱে মুকলি শাখাত প্ৰথমটো সোণৰ পদক লাভ কৰে।


বচ্চনে এটা আৱেগিক পোষ্ট লিখি নিজৰ গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি দলৰ জয়ৰ ফটো শ্বেয়াৰ কৰে ৷ তাত তেওঁ কেপচন দি এটা সুন্দৰ বাৰ্তা লিখি দিয়ে। তেওঁ লিখিছে, ‘দবা অলিম্পিয়াডত ভাৰতৰ বাবে এক মহান সফলতা। দবা খেলুৱৈসকললৈ সমগ্ৰ ভাৰতবৰ্ষই কৃতজ্ঞ। তিৰংগা উত্তোলন কৰি থাকোঁতে আমাৰ বুকুখন গৌৰৱেৰে ফুলি উঠিছিল।’ ৮১ বছৰীয়া ছুপাৰষ্টাৰগৰাকীৰ এই পোষ্টত ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতিফলন ঘটিছে।

Big B ने ओलंपियाड में ऐतिहासिक दोहरे स्वर्ण पदक के लिए भारतीय शतरंज खिलाड़ियों की सराहना की


সদ্য সমাপ্ত হোৱা দবা অলিম্পিয়াডত ভাৰতৰ পুৰুষ আৰু মহিলা দলে ইতিহাস ৰচনা কৰে ৷ নিজ নিজ শাখাত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি দেশৰ একেটা সংস্কৰণৰ প্ৰতিযোগিতাতে দুটাকৈ স্বৰ্ণ পদক লাভ কৰে। প্ৰতিযোগিতাখনৰ অন্তিম ৰাউণ্ডত ডি গুকেশ, আৰ প্ৰাগ্নানন্দ, অৰ্জুন এৰিগাইছি, বিদিত গুজৰাটি আৰু পন্তলা হৰিকৃষ্ণক লৈ গঠিত ভাৰতীয় পুৰুষৰ দলটোৱে স্লোভেনিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।


ডি গুকেশ আৰু অৰ্জুন এৰিগাছিৰ এই জয়েৰে ভাৰতে ২-০ ত অগ্ৰগতি লাভ কৰি স্বৰ্ণ পদক লাভৰ আশ্বাস দিয়ে। পিছত ফাইনেল ৰাউণ্ডত প্ৰাগ্নানন্দেও নিজৰ খেলত জয়লাভ কৰে আৰু বিদিতে ড্ৰ’ত খেলখন সমাপ্ত কৰে। ভাৰতে স্লোভেনিয়াক ৩.৫-০.৫ ত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। ইফালে হৰিকা দ্ৰোণাৱল্লী, আৰ বৈশালী, দিব্যা দেশমুখ, ভান্টিকা আগৰৱাল আৰু তানিয়া সচদেৱে গঠিত ভাৰতীয় মহিলা দবা দলটোৱেও আজাৰবাইজানক ৩.৫-০.৫ ত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। চূড়ান্ত ৰাউণ্ডত নিজ নিজ মেচত জয়লাভ কৰে হৰিকা দ্ৰোণৱল্লী, দিব্য দেশমুখ আৰু বন্তিকা আগৰৱালে। আনহাতে, আৰ বৈশালীয়ে উলভিয়া ফাটালিয়েভাৰ বিৰুদ্ধে নিজৰ মেচখন ড্ৰ’ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ