--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে ৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দবা দলক ঐতিহাসিক জয়ৰ বাবে অভিনন্দন জনাবলৈ ইনষ্টাগ্ৰামত পোষ্ট লিখে। ২২ ছেপ্টেম্বৰ দেওবাৰে স্লোভেনিয়াৰ বিৰুদ্ধে ৰোমাঞ্চকৰ চূড়ান্ত ৰাউণ্ডৰ অন্তত ভাৰতীয় দলটোৱে মুকলি শাখাত প্ৰথমটো সোণৰ পদক লাভ কৰে।


বচ্চনে এটা আৱেগিক পোষ্ট লিখি নিজৰ গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি দলৰ জয়ৰ ফটো শ্বেয়াৰ কৰে ৷ তাত তেওঁ কেপচন দি এটা সুন্দৰ বাৰ্তা লিখি দিয়ে। তেওঁ লিখিছে, ‘দবা অলিম্পিয়াডত ভাৰতৰ বাবে এক মহান সফলতা। দবা খেলুৱৈসকললৈ সমগ্ৰ ভাৰতবৰ্ষই কৃতজ্ঞ। তিৰংগা উত্তোলন কৰি থাকোঁতে আমাৰ বুকুখন গৌৰৱেৰে ফুলি উঠিছিল।’ ৮১ বছৰীয়া ছুপাৰষ্টাৰগৰাকীৰ এই পোষ্টত ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতিফলন ঘটিছে।

Big B ने ओलंपियाड में ऐतिहासिक दोहरे स्वर्ण पदक के लिए भारतीय शतरंज खिलाड़ियों की सराहना की


সদ্য সমাপ্ত হোৱা দবা অলিম্পিয়াডত ভাৰতৰ পুৰুষ আৰু মহিলা দলে ইতিহাস ৰচনা কৰে ৷ নিজ নিজ শাখাত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি দেশৰ একেটা সংস্কৰণৰ প্ৰতিযোগিতাতে দুটাকৈ স্বৰ্ণ পদক লাভ কৰে। প্ৰতিযোগিতাখনৰ অন্তিম ৰাউণ্ডত ডি গুকেশ, আৰ প্ৰাগ্নানন্দ, অৰ্জুন এৰিগাইছি, বিদিত গুজৰাটি আৰু পন্তলা হৰিকৃষ্ণক লৈ গঠিত ভাৰতীয় পুৰুষৰ দলটোৱে স্লোভেনিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।


ডি গুকেশ আৰু অৰ্জুন এৰিগাছিৰ এই জয়েৰে ভাৰতে ২-০ ত অগ্ৰগতি লাভ কৰি স্বৰ্ণ পদক লাভৰ আশ্বাস দিয়ে। পিছত ফাইনেল ৰাউণ্ডত প্ৰাগ্নানন্দেও নিজৰ খেলত জয়লাভ কৰে আৰু বিদিতে ড্ৰ’ত খেলখন সমাপ্ত কৰে। ভাৰতে স্লোভেনিয়াক ৩.৫-০.৫ ত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। ইফালে হৰিকা দ্ৰোণাৱল্লী, আৰ বৈশালী, দিব্যা দেশমুখ, ভান্টিকা আগৰৱাল আৰু তানিয়া সচদেৱে গঠিত ভাৰতীয় মহিলা দবা দলটোৱেও আজাৰবাইজানক ৩.৫-০.৫ ত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। চূড়ান্ত ৰাউণ্ডত নিজ নিজ মেচত জয়লাভ কৰে হৰিকা দ্ৰোণৱল্লী, দিব্য দেশমুখ আৰু বন্তিকা আগৰৱালে। আনহাতে, আৰ বৈশালীয়ে উলভিয়া ফাটালিয়েভাৰ বিৰুদ্ধে নিজৰ মেচখন ড্ৰ’ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ