--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেতিয়াবা কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈ আমি দুখী অনুভৱ কৰো নেকি?  বা কেতিয়াবা কেতিয়াবা আমাৰ মনত অস্থিৰতাই বিৰাজ কৰে নেকি? ইয়াৰ আঁৰত কি বিশেষ কাৰণ থাকিব পাৰে বা কেতিয়াবা এনে কিছুমান পৰিস্থিতি বা প্ৰশ্নই আমাক অস্থিৰ কৰি তোলে যে কোনো সুদুত্তৰ বিচাৰি নোপোৱাৰ ফলতেই আমাৰ মনটোৱে দুখী অনুভৱ কৰে। কিন্তু ইয়াৰ আঁৰত কিছুমান গুৰুতপূৰ্ণ কাৰণো থাকিব পাৰে বুলি হয়তো আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰো। আপুনিও যদি এনে পৰিস্থিতিৰ প্ৰায়ে সন্মুখীন হৈ থাকে, তেন্তে ইয়াৰ আঁৰত কি বিশেষ কাৰণ থাকিব পাৰে এই বিষয়ে জানো আহক।

১. মানসিক অৱসাদ : শৰীৰটোৱে যেনেকৈ মাজে মাজে ভাগৰুৱা অনুভৱ কৰে, ঠিক তেনেদৰে বহু সময়ত মানুহ মানসিকভাৱেও ভাগৰুৱা অনুভৱ কৰিব পাৰে। কেতিয়াবা এনে হয় যে এজন ব্যক্তিয়ে দৈনন্দিন কৰ্মৰ হেঁচাত, দায়িত্বৰ বোজাত বা জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হয়। তেনে পৰিস্থিতিত মনটোৱে কেতিয়াবা কেতিয়াবা ভাগৰুৱা অনুভৱো কৰে। এই মানসিক অৱসাদে লাহে লাহে ব্যক্তিজনৰ মন আৰু মগজুক প্ৰভান্বিত কৰাৰ ফলতেই মনটোৱে দুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

২. টোপনিৰ অভাৱ আৰু অস্বাস্থ্যকৰ জীৱনশৈলী : পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা বা ভুল জীৱনশৈলীয়ে কিছু পৰিমাণে হ'লেও মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। আমি জানো যে টোপনিয়ে মানসিক স্বাস্থ্যক সুষম কৰি ৰাখে। যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাযায় তেন্তে মানসিক ভাৰসাম্যতাত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হতাশাৰ দৰে গুৰুতৰ মানসিক ৰোগৰ আশংকাও হ’ব পাৰে। ইয়াৰ উপৰি অস্বাস্থ্যকৰ জীৱনশৈলী, ব্যায়ামৰ অভাৱ আৰু অত্যধিক স্ক্ৰীণ টাইম ব্যৱহাৰে এজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে, যাৰ ফলত এজন ব্যক্তিয়ে অসুখী অনুভৱ কৰিব পাৰে।

৩. নেতিবাচক চিন্তা আৰু আত্মসমালোচনা : এজন ব্যক্তিয়ে সকলো সময়তে নেতিবাচক চিন্তা কৰে আৰু বাৰে বাৰে নিজকে তুচ্ছজ্ঞান কৰে, নিজৰ সিদ্ধান্ত, নিজৰ বিষয়ে অনুশোচনা কৰি থাকে বা প্ৰতিটো পৰিস্থিতিত নিজকে ভুল বুলি অনুভৱ কৰি থাকে, তেন্তে এই অভ্যাসে লাহে লাহে এজন ব্যক্তিৰ আত্মবিশ্বাস নোহোৱা কৰাৰ লগতে নেতিবাচক চিন্তাই ব্যক্তিজনক নিঃশেষ কৰি তোলাৰ ফলতেই এজন ব্যক্তিয়ে দুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

৪. পুৰণি কোনো নেতিবাচক স্মৃতি বা ঘটনা-পৰিঘটনা : বহু সময়ত শৈশৱৰ কোনো স্মৃতি বা ঘটনা-পৰিঘটনা চিৰদিনৰ বাবে কিছু লোকৰ হৃদয়ত থাকে। এই আৱেগবোৰে কিছু সময়ত ব্যক্তিজনৰ মনগহ্বৰত শূন্যতা আৰু দুখৰ নৈৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলতো কেতিয়াবা আমিও গম নোপোৱাকৈয়ে দুখী অনুভৱো কৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ