--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নেমু ছালৰ বাবে অতি উপকাৰী বুলি জনা যায়। ক’লা দাগ হোৱাৰ কাৰণ হ’ল টোপনিৰ অভাৱ। কিন্তু আপোনাৰ যদি ক'লা দাগৰ সমস্যা আছে তেন্তে নেমুৰ সহায়ত মুখৰ ক’লা দাগ কম কৰিব পাৰি। 

নেমুত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালত ক’লা দাগ কমোৱাত সহায় কৰে।‌নেমুত বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ই ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ নাইকিয়া কৰে। ইয়াৰ উপৰি নেমুৱে ছালৰ অন্যান্য সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। এতিয়া জানো আহক নেমু ৰসৰ দ্বাৰা ছালৰ ক'লা দাগ কেনেকৈ আঁতৰ কৰিব পাৰি- 

ইয়াৰ বাবে লাগিব আপোনাক এটা সতেজ নেমু। নেমুটো দুভাগ কৰি লওঁক। পিছত এটা বাটিত ইয়াৰ ৰস উলিয়াই লওক। তাৰ পিছত এটা কপাহৰ টুকুৰাৰ সহায়ত নেমু ৰস আপোনাৰ ক'লা দাগ হোৱা অংশত লগাব। তাৰ পিছত ১০ৰ পৰা ১৫ মিনিট সময় ৰাখি মুখখন ধুব। এইটো আপুনি সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিলে আপোনাৰ ক'লা দাগ অতি সহজে নাইকিয়া হ'ব। 

কিন্তু এটা কথাৰ প্ৰতি সাৱধান হোৱা উচিত, নেমুৰ ৰস ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক। ইয়াৰ ফলত আপোনাৰ ছালে সহ্য কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে জানিব পাৰিব। আনহাতে নেমুৰ ৰস মুখত লগাওঁতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত