--°C
Loading...
Listen to Article
2 min read
80%
সুখৰ সংজ্ঞা নিৰূপণ কৰাটো টান। আমি জীৱনত যিয়েই নকৰোঁ, আমি সুখ পাবলৈ সেই কামটো কৰোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে বহু মানুহে সুখী হ’ব নোৱাৰে। কিছুমান মানুহে সুখী হোৱাটো বৰ কঠিন কাম যেন অনুভৱ কৰে। আমি ভাবো যে সুখী হ’বলৈ হ’লে কিছুমান বিশেষ চৰ্ত থাকিব লাগিব, তেতিয়া আমিহে সুখী হ’ব পাৰিম। কিন্তু কথাবোৰ তেনেকুৱা নহয়। আধ্যাত্মিক গুৰু সদগুৰুৱে কয় যে কিছুমান সহজ টিপছৰ দ্বাৰা আমি যিকোনো পৰিস্থিতিত সুখী হ’ব পাৰো। আহকচোন জানো সদগুৰুৱে আমাক সুখী হোৱাৰ পথটো কিদৰে দেখুৱাইছে... তেওঁ কিদৰে সুখী হোৱাৰ উপায় দিছে, সেয়া বুজিবলৈ চেষ্টা কৰো। আপোনালোকলৈ আগবঢ়ায় দিলো সদগুৰুৱে কোৱা কথাবোৰৰ ভাৱানুবাদ। 

সুখী জীৱনৰ বাবে সহজ টিপছ

১) সুখী হোৱাটো আপোনাৰ মৌলিক দায়িত্বঃ মানুহৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ’ল সুখী জীৱ হোৱা। সুখী হোৱাটো জীৱনৰ এটা মৌলিক দিশ। আপুনি যিয়েই নকৰক, ইয়ে আপুনি আপোনাৰ অন্তৰ্নিহিত গুণবোৰ বিস্তাৰ আৰু জাগ্ৰত কৰি আছে। যদি আপুনি পৃথিৱীখনক লৈ চিন্তিত, তেন্তে আপুনি প্ৰথমে নিজকে সুখী সত্তালৈ ৰূপান্তৰিত কৰা উচিত।

২) সুখ যে আপোনাৰ মৌলিক স্বভাৱ সেই কথা স্বীকাৰ কৰকঃ জীৱনত যিয়েই নকৰক, সেয়া ব্যৱসায়েই হওক, ক্ষমতাই হওক, শিক্ষাই হওক বা সেৱাই হওক, আপুনি সেই কামটো কৰি আছে কাৰণ আপোনাৰ ভিতৰত ক’ৰবাত গভীৰতাত এটা অনুভৱ আছে যে ইয়ে আপোনালৈ সুখ কঢ়িয়াই আনিব। এই পৃথিৱীত আমি যি কাম কৰো, আমি সুখী হোৱাৰ ইচ্ছাৰে কৰো, কাৰণ সেয়াই আমাৰ মৌলিক স্বভাৱ।সুখৰ উৎস আমাৰ ভিতৰতে থাকে, আপুনি মাঁথো ইয়াক উন্মোচিত কৰক।

৩) বস্তুবোৰৰ গুৰুত্ব চিনি লওকঃ আজি পুৱা সূৰ্য্যটো উদয় হোৱা দেখিলেনে? ফুল ফুলি উঠিল, চৰাইবোৰে কিচিৰ মিচিৰ মাতেৰে নাচি আছে। গোটেই বিশ্বব্ৰহ্মাণ্ডখনে বহুত ভাল কাম কৰি আছে কিন্তু আপোনাৰ মনলৈ অহা কিছু চিন্তাৰ কুণ্ডলীয়ে আপোনাক বিশ্বাস কৰাইছে যে আজি এটা বেয়া দিন।
দুখ-কষ্ট মূলতঃ এই কাৰণেই জীৱনলৈ আহে কাৰণ বেছিভাগ মানুহেই এই জীৱনটোৰ প্ৰতি সঠিক মনোভাৱ হেৰুৱাই পেলায়। আপুনি সৃষ্টিকৰ্তাৰ সৃষ্টিতকৈ আপোনাৰ সৃষ্টিক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে বা ভাবিবলৈ লৈছে... এইটোৱেই সকলো দুখ-কষ্টৰ মূল উৎস। ইয়াত জীয়াই থকাৰ অৰ্থ কি সেই বিষয়ে আমি সম্পূৰ্ণ বুজাবুজি হেৰুৱাই পেলাইছো। 

৪) মনৰ প্ৰকৃত ৰূপ চাওকঃ মনৰ প্ৰকৃত ৰূপ চাওক। মনে ভালপোৱা কামবোৰ কৰি নিজক সুখী কৰিবলৈ যত্ন কৰক। যেতিয়া আপুনি মূলতঃ সুখী হ’ব, তেতিয়া আপোনাৰ জীৱনৰ প্ৰতিটো দিশ সলনি হ’ব। আপোনাৰ অভিজ্ঞতা আৰু নিজৰ মনৰ কথা প্ৰকাশৰ ধৰণ সলনি হ’ব। গোটেই পৃথিৱীখন সলনি হৈ যোৱা দেখিব। আপোনাৰ আৰু কোনো ন্যস্ত স্বাৰ্থ নাথাকিব কাৰণ আপুনি কিবা এটা কৰক বা নকৰক, কিবা এটা পাওক বা নাপাওক, কিবা হওক বা নহওক, আপুনি স্বভাৱতে আনন্দময় হ’ব। যেতিয়া আপুনি নিজৰ স্বভাৱটোৰ ওপৰত সুখী হ’ব, তেতিয়া আপুনি যিয়েই নকৰক কিয়, সেয়া সম্পূৰ্ণ বেলেগ স্তৰত উপনীত হ’ব।

৫) ভিতৰত কি আছে সলনি কৰকঃ বৰ্তমান আপোনাৰ জীৱনৰ মানদণ্ড আপুনি পিন্ধা কাপোৰৰ ওপৰত নিৰ্ভৰ নকৰে। ই আপোনাৰ শিক্ষাগত অৰ্হতা, আপোনাৰ পৰিয়ালৰ অৱস্থা বা আপোনাৰ বেংকৰ বেলেঞ্চৰ দ্বাৰা নিৰ্ধাৰিত নহয়। আপোনাৰ জীৱনৰ মানদণ্ড নিৰ্ভৰ কৰে আপুনি নিজৰ ভিতৰত কিমান শান্ত আৰু সুখী। আপুনি ভাবিছে যে গাড়ী চলোৱা মানুহজন ৰাস্তাত খোজ কাঢ়ি যোৱা মানুহজনতকৈ বেছি সুখী? কিন্তু নহয়..সময়ে সময়ে সেই কথাবোৰ ভুল প্ৰমাণিত হৈছে।

৬) আনৰ লগত তুলনা কৰা বন্ধ কৰকঃ বেছিভাগ মানুহেই নিজকে আন কাৰোবাৰ লগত তুলনা কৰি অসুখী হৈ পৰে। আপুনি মটৰবাইক চলাই আছে কিন্তু কোনোবাই মাৰ্চিডিজ চলাই থকা দেখি আপুনি নিজকে দুখী কৰি তোলে। চাইকেল চলাই থকা কোনোবাই যেতিয়া আপোনাক মটৰ চাইকেলত উঠি যোৱা দেখে তেতিয়া তেওঁ ভাবে যে ‘ৱাহ তেওঁ কিমান সুখী’। খোজ কাঢ়ি যোৱা কোনোবাই চাইকেল চলাই যোৱা জনক দেখিলে ভাবে, ‘মোৰো এই চাইকেলখন থকা হলে ভাল আছিল।’ যিসকল মানুহে সুখী হ’বলৈ বাহ্যিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকে কেতিয়াও নিজৰ জীৱনত প্ৰকৃত সুখ অনুভৱ কৰিব নোৱাৰে। এতিয়াই সময় হৈছে নিজৰ ভিতৰলৈ চাই আমি কেনেকৈ সুখেৰে জীয়াই থাকিব পাৰো, সেয়া অনুভৱ কৰাৰ। জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি স্পষ্টকৈ বুজিব পাৰে যে আপোনাৰ বিবেকৰ পৰিৱৰ্তন হ’লেহে প্ৰকৃত সুখ আপোনাৰ ওচৰলৈ আহে। যেতিয়া আপুনি সুখী হ’বলৈ বাহ্যিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল হয় তেতিয়া আপুনি বুজিব লাগিব যে বাহ্যিক পৰিস্থিতি কেতিয়াও ১০০% আপোনাৰ পক্ষত নাথাকে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই