--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকালৈ এতিয়া ভাৰতীয় লোকে ভিছা অবিহনেই যাব পাৰিব। শ্ৰীলংকাই দেৱালীৰ পূৰ্বে  ভাৰতৰ বাবে আগবঢ়াইছে এই  উপহাৰ । শ্ৰীলংকা কেবিনেটে ভাৰতকে ধৰি সাতখন দেশৰ বাবে ভিছা  সম্পৰ্কীয়  সিদ্ধান্তত অনুমোদন জনাইছে। শ্ৰীলংকাৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি  ভাৰতকে ধৰি সাতখন দেশৰ লোকে  ভিছা অবিহনেই  দ্বীপ ৰাষ্ট্ৰ খন  ভ্ৰমণ কৰিবলৈ অনুমতি লাভ  কৰিব। 

  এক কথাত ক’বলৈ গ’লে এতিয়া ভাৰতৰ লোকসকলে ভিছা অবিহনেই চুবুৰীয়া দেশ শ্ৰীলংকা ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব। ঋণগ্ৰস্ত দ্বীপ ৰাষ্ট্ৰখনৰ পৰ্যটন খণ্ড পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰেই এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। 
 শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী চাব্ৰীয়ে কয়  যে  এই সিদ্ধান্তৰ পিছত ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত ইয়ৈাক পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰা হ'ব। 

 উল্লেখ্য  ২০১৯ চনত ইষ্টাৰ দেওবাৰৰ বিস্ফোৰণৰ পিছত শ্ৰীলংকালৈ অহা পৰ্যটকৰ  সংখ্যা হ্ৰাস পাইছিল। এই বিস্ফোৰণত ১১ জন ভাৰতীয়সহ ২৭০ জন লোক নিহত হৈছিল  আৰু ৫০০ ৰো অধিক লোক আহত হৈছিল।কেবিনেটে  ভাৰতকে ধৰি চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ যাত্ৰীসকলৰ বাবে ভিছা অবিহনে প্ৰৱেশত অনুমোদন জনায়। এই দেশসমূহৰ লোকসকলে শ্ৰীলংকা ভ্ৰমণৰ বাবে বিনামূলীয়াকৈ ভিছা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব।

 ছেপ্টেম্বৰ মাহত  শ্ৰীলংকালৈ যোৱা  ৩০,০০০যাত্ৰীৰ ভতৰত ২৬ শতাংশই  ভাৰতৰ আছিল।  চীনৰ পৰা যোৱা যাত্ৰীৰ সংখ্যা আছিল ৮,০০০। ভয়ংকৰ বিত্তীয় সংকটে গ্ৰাস কৰা শ্ৰীলংকাত এতিয়া পৰ্যটন উদ্যোগৰ জড়িয়তে দেশ খনৰ চৰকাৰে বিদেশী মুদ্ৰা অৰ্জনৰ কথা চিন্তা কৰিছে। ভিছাৰ সমস্যাৰ বাবেই দেশ খনলৈ বহুতেই মন থাকিলেও সহজে যাব পৰা নাছিল। এতিয়া ভাৰতকে ধৰি সাত খন দেশৰ ক্ষেত্ৰত সেই বাধা আঁতৰিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ