--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ’ইচিডি (OECD) দেশসমূহলৈ প্ৰব্ৰজনৰ ক্ষেত্ৰত চীনত পৰাস্ত কৰিছে ভাৰতে। ধনী দেশসমূহলৈ নতুন প্ৰব্ৰজনকাৰীৰ সৰ্ববৃহৎ উৎস হৈছে ভাৰত। সোমবাৰে প্ৰকাশ পোৱা অৰ্গেনাইজেচন ফৰ ইকনমিক ক’অপাৰেচন এণ্ড ডেভেলপমেণ্ট (অ’ইচিডি)ৰ ‘ইণ্টাৰনেচনেল মাইগ্ৰেচন আউটলুক: ২০২৩’ অনুসৰি ভাৰতীয়সকলে ধনী দেশৰ নাগৰিকত্ব লাভ কৰাৰ ভিতৰত সকলোতকৈ আগত আছে।

OECD হৈছে ৩৮খন সদস্য দেশৰ সংস্থা, বেছিভাগেই ইউৰোপ আৰু আমেৰিকাৰ অন্তৰ্গত আৰু ইয়াৰে অধিকাংশই ধনী আৰু উন্নত দেশ। প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ পৰাই অ’ইচিডিৰ দেশৰ নাগৰিকত্ব লাভৰ ক্ষেত্ৰত ভাৰতে আগবাঢ়ি আছে। ইয়াত কোৱা হৈছে যে ভাৰতে চীনৰ ঠাইত ২০২০ চনত অ’ইচিডি দেশলৈ নতুন প্ৰব্ৰজনকাৰীৰ মূল দেশ হিচাপে পৰিগণিত হৈছিল, ২০২১ চনত আৰু আংশিক তথ্য অনুসৰি ২০২২ চনত প্ৰথম স্থান বজাই ৰাখিছিল।

প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনত ১,৫৫,৭৯৯ জন ভাৰতীয়ই অ’ইচিডি দেশৰ নাগৰিকত্ব লাভ কৰিছিল, আৰু ২০২১ চনত ১,৩২,৭৯৫ জন ভাৰতীয়ই নাগৰিকত্ব লাভ কৰিছিল। ২০২১ চনৰ ভিতৰত ভাৰতত ৪ লাখ নতুন প্ৰব্ৰজনকাৰী (ছাত্ৰ বাদ দি) অ’ইচিডিৰ সদস্য দেশলৈ বহিঃপ্ৰবাহ হৈছিল। ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে চীন (৮৮৫ ০০০) আৰু ভাৰত (৪২৪ ০০০) অ’ইচিডি দেশসমূহৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ উৎপত্তিস্থলৰ শীৰ্ষ দেশ।

OECD দেশসমূহৰ ভিতৰত ২০২১ চনত ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ বাবে শীৰ্ষ তিনিটা দেশ আছিল আমেৰিকা (৫৬,০০০), অষ্ট্ৰেলিয়া (২৪,০০০) আৰু কানাডা (২১,০০০)।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত