--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ’ইচিডি (OECD) দেশসমূহলৈ প্ৰব্ৰজনৰ ক্ষেত্ৰত চীনত পৰাস্ত কৰিছে ভাৰতে। ধনী দেশসমূহলৈ নতুন প্ৰব্ৰজনকাৰীৰ সৰ্ববৃহৎ উৎস হৈছে ভাৰত। সোমবাৰে প্ৰকাশ পোৱা অৰ্গেনাইজেচন ফৰ ইকনমিক ক’অপাৰেচন এণ্ড ডেভেলপমেণ্ট (অ’ইচিডি)ৰ ‘ইণ্টাৰনেচনেল মাইগ্ৰেচন আউটলুক: ২০২৩’ অনুসৰি ভাৰতীয়সকলে ধনী দেশৰ নাগৰিকত্ব লাভ কৰাৰ ভিতৰত সকলোতকৈ আগত আছে।

OECD হৈছে ৩৮খন সদস্য দেশৰ সংস্থা, বেছিভাগেই ইউৰোপ আৰু আমেৰিকাৰ অন্তৰ্গত আৰু ইয়াৰে অধিকাংশই ধনী আৰু উন্নত দেশ। প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ পৰাই অ’ইচিডিৰ দেশৰ নাগৰিকত্ব লাভৰ ক্ষেত্ৰত ভাৰতে আগবাঢ়ি আছে। ইয়াত কোৱা হৈছে যে ভাৰতে চীনৰ ঠাইত ২০২০ চনত অ’ইচিডি দেশলৈ নতুন প্ৰব্ৰজনকাৰীৰ মূল দেশ হিচাপে পৰিগণিত হৈছিল, ২০২১ চনত আৰু আংশিক তথ্য অনুসৰি ২০২২ চনত প্ৰথম স্থান বজাই ৰাখিছিল।

প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনত ১,৫৫,৭৯৯ জন ভাৰতীয়ই অ’ইচিডি দেশৰ নাগৰিকত্ব লাভ কৰিছিল, আৰু ২০২১ চনত ১,৩২,৭৯৫ জন ভাৰতীয়ই নাগৰিকত্ব লাভ কৰিছিল। ২০২১ চনৰ ভিতৰত ভাৰতত ৪ লাখ নতুন প্ৰব্ৰজনকাৰী (ছাত্ৰ বাদ দি) অ’ইচিডিৰ সদস্য দেশলৈ বহিঃপ্ৰবাহ হৈছিল। ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে চীন (৮৮৫ ০০০) আৰু ভাৰত (৪২৪ ০০০) অ’ইচিডি দেশসমূহৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ উৎপত্তিস্থলৰ শীৰ্ষ দেশ।

OECD দেশসমূহৰ ভিতৰত ২০২১ চনত ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ বাবে শীৰ্ষ তিনিটা দেশ আছিল আমেৰিকা (৫৬,০০০), অষ্ট্ৰেলিয়া (২৪,০০০) আৰু কানাডা (২১,০০০)।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ