--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকাল আগমনৰ লগে লগে বজাৰত খেজুৰৰ চাহিদা অতি দ্ৰুত হৈ পৰে। দৰাচলতে খেজুৰত পোৱা ঔষধি গুণৰ বাবে ঠাণ্ডা বতৰত ইয়াক প্ৰচুৰ পৰিমাণে খোৱা হয়। খেজুৰে কেৱল আমাৰ শৰীৰক গৰম কৰি ৰখাৰ কামেই নহয়, খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলেও বহু ৰোগ নিৰাময় হয়। আচলতে খেজুৰক পুষ্টি আৰু অণুপুষ্টিৰ সম্পদ বুলি কোৱা হয়। নিশা গাখীৰৰ লগত খেজুৰ খোৱাটোও শৰীৰৰ বাবে অতি উপকাৰী। শীতকালত খেজুৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক।

 ১. ৰক্তহীনতাঃ-খেজুৰ ৰক্তহীনতা নিৰাময়তো ফলপ্ৰসূ বুলি ধৰা হয়। ৰক্তহীনতাত শৰীৰত তেজৰ অভাৱ হয়। খেজুৰে শৰীৰত আইৰনৰ অভাৱ পূৰণ কৰে, যিয়ে শৰীৰত তেজ সৃষ্টিৰ কাম কৰে। ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু ভিটামিন-চি থাকে, যিটো শৰীৰৰ বাবে অতি উপকাৰী।

২. বেয়া কলেষ্টেৰলঃ-বেয়া কলেষ্টেৰলে হৃদৰোগৰ সূচনা কৰে। খেজুৰত পোৱা আঁহে এই বেয়া কলেষ্টেৰল দূৰ কৰাৰ কাম কৰে। যিসকল লোকৰ কলেষ্টেৰলৰ সমস্যা বেছি, তেওঁলোকে খেজুৰ নিয়মীতভাৱে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

 ৩. উচ্চ বিপিঃ-উচ্চ বি পি বা উচ্চ ৰক্তচাপ থকা ৰোগীয়েও শীতকালত দৈনন্দিন খাদ্য তালিকাত খেজুৰ অন্তৰ্ভুক্ত কৰিব লাগে। খেজুৰত পটাছিয়াম আৰু ছ’ডিয়াম পোৱা যায়, যিবোৰ ৰক্তচাপ নিয়ন্ত্ৰণত অতি ফলপ্ৰসূ বুলি বিবেচিত হয়। এনে লোকে দৈনিক প্ৰায় চাৰিটা খেজুৰ সেৱন কৰিব লাগে।

 ৪. ডায়েবিটিছঃ-ডায়েবেটিছ ৰোগীৰ বাবে খেজুৰক অতি উপকাৰী বুলি গণ্য কৰা হয়। খেজুৰৰ গ্লাইচেমিক সূচকাংক অতি কম, যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। ডায়েবেটিছ ৰোগীয়ে চেনি খোৱা পৰিহাৰ কৰি খেজুৰ খালে উপকাৰ পাব।

 ঠাণ্ডাৰ বতৰ অহাৰ লগে লগে মানুহে ঠাণ্ডা, চৰ্দি আৰু কাহৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। শীতকালত খেজুৰ খালে শৰীৰ গৰম হৈ থাকে আৰু ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকে। সেইবাবেই খেজুৰ আয়ুৰ্বেদিক ঔষধ বা ঘৰুৱা ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। শীতকালত দৈনিক প্ৰায় চাৰিটা খেজুৰ খাব লাগে। খেজুৰ গাখীৰত উতলাই খালেও উপকাৰ পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক