--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হৰমুজ প্রণালীত নিৰাপত্তাৰ স্বাৰ্থতে দুয়োখন দেশে এই সিদ্ধান্ত লৈছে। ব্রিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই কথা প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক: হৰমুজ প্রণালীত সামগ্ৰী পৰিবাহী জাহাজৰ সুৰক্ষাৰ বাবে ব্রিটেইনে পশ্চিম এছিয়াত মোতায়েন কৰিছে শত্ৰুৰ এয়াৰ ডিফেন্স ধ্বংস কৰিব পৰা যুঁজাৰু জাহাজ 'এইচ এম এছ ড্রেগন'। 


শেহতীয়াকৈ হৰমুজ প্রণালীৰ দাঁতি-কাষৰীয়া অঞ্চলত চীনৰ এখন তেলৰ টেংকাৰ আৰু ভাৰতৰ এখন উডেন ঢৌত (পৰম্পৰাগত জাহাজ) শত্ৰুৰ আক্রমণত কেইবাজনো লোকৰ মৃত্যু হৈছিল। তাৰ পাছতেই ব্রিটেইন আৰু ফ্রান্সে হৰমুজ প্রণালীত জাহাজ আৰু ইয়াৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে আঁচনি গ্রহণ কৰে। এই আঁচনিৰ অংশ হিচাপেই ব্রিটেইনে পশ্চিম এছিয়ালৈ শত্রু পক্ষৰ এয়াৰ ডিফেন্স ছিষ্টেম ছুৰমাৰ কৰি দিব পৰা 'এইচ এম এছ ড্রেগন' মোতায়েনৰ সিদ্ধান্ত লয়। 


হৰমুজ প্রণালীত নিৰাপত্তাৰ স্বাৰ্থতে দুয়োখন দেশে এই সিদ্ধান্ত লৈছে। ব্রিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই কথা প্রকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰই আৰু কয় যে ব্রিটেইন আৰু ফ্ৰান্সৰ নেতৃত্বৰ এই মিছনে হৰমুজ প্রণালীত বাণিজ্যিক জাহাজসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে যুদ্ধৰ শেষত হৰমুজ প্রণালীত পুতি ৰখা মাইন বিচাৰি উলিওৱাত সহায় কৰিব। 


ইফালে, চীনৰ তেল টেংকাৰত আক্ৰমণৰ পাছত শনিবাৰে চীনা চৰকাৰে হৰমুজ প্রণালীৰে বাধাহীনভাবে জাহাজ চলাচলৰ ব্যৱস্থা কৰাৰ লগতে সাধাৰণ লোকৰ জাহাজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আঞ্চলিক দেশসমূহলৈ অহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু