--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পার্কে কয়, 'তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা আছে। ইয়াৰ প্রতি লক্ষ্য ৰাখি আমাৰ নতুন অনুমান মতে, চলিত বছৰত খাৰুৱা তেলৰ দাম প্রতি বেৰলত গড়ে ৯৬ ডলাৰ হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: ইৰানৰ যুদ্ধৰ পৰিণতিত বিশ্বত খাদ্য-সামগ্ৰীৰ দাম তিনি বছৰৰ ভিতৰত সর্বাধিক হৈছে আৰু এনে সময়তে এছিয়ান ডেভেলপমেন্ট বেংকেও এই বুলি সতর্কবাণী শুনাইছে যে যুদ্ধই সৃষ্টি কৰা উত্তেজনা বিশ্বত অব্যাহত থাকিব আৰু খাৰুৱা তেলৰ দাম দীর্ঘদিনলৈ উচ্চ হৈ থাকিব পাৰে। ইয়াৰ প্ৰভাৱ ভাৰতীয় অর্থনীতিতো পৰিব আৰু দেশৰ উন্নয়নৰ হাৰ হ্রাস পোৱাৰ লগতে দাম বৃদ্ধিৰ বিস্ফোৰণো হোৱাৰ আশংকা আছে। 


এ ডি বিৰ মুখ্য অর্থনীতিবিদ এলবার্ট পার্কে কয় যে মধ্যপ্রাচ্যৰ সংকট অনুমান কৰাতকৈ যদি অধিক দিনলৈ অব্যাহত থাকে তেনেহ'লে বিশ্বত যোগান শৃংখলাত সৃষ্টি হোৱা বাধাৰ ফলত খাৰুৱা তেলৰ দাম অধিক বৃদ্ধি পোৱাৰ আশংকা আছে। পার্কে কয়, 'তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা আছে। ইয়াৰ প্রতি লক্ষ্য ৰাখি আমাৰ নতুন অনুমান মতে, চলিত বছৰত খাৰুৱা তেলৰ দাম প্রতি বেৰলত গড়ে ৯৬ ডলাৰ হোৱাৰ সম্ভাৱনা আছে। 


ইয়াৰ লগতে ২০২৭ বৰ্ষত প্রতি বেৰলত ৮০ ডলাৰৰ সৰ্বোচ্চ স্তৰত থাকিব পাৰে। সম্প্রতি আমাৰ মতে, খাৰুৱা তেলৰ দাম দীর্ঘ দিনলৈ উচ্চ হৈ থাকিব।' তেওঁ কয় যে খাৰুৱা তেলৰ ফিউচাৰ বজাৰ (ভৱিষ্যতে কিছু সময়ৰ পাছত যোগান ধৰাৰ বাবে চুক্তি কৰা) আৰু থলীতে ক্ৰয় কৰাৰ খাৰুৱা তেলৰ বজাৰৰ দামৰ মাজত বৃহৎ ব্যৱধানৰ সৃষ্টি হৈছে। 


খাৰুৱা তেলৰ 'ফিউচাৰ' বজাৰে বিশ্বৰ বজাৰত তেলৰ দামত অহৰহ চাপৰ সৃষ্টি কৰি আহিছে। পার্কে লগতে কয় যে ইৰান যুদ্ধই ভাৰতীয় অর্থনীতিত দুই ধৰণৰ প্ৰভাৱ পেলাব। ইয়াৰ ফলত ভাৰতৰ উন্নয়নৰ হাৰ পূৰ্বতে কৰা অনুমানতকৈ ০.৬% হ্রাস পাব। আন কথাত দেশৰ উন্নয়নৰ হাৰ চলিত বিত্তীয় বর্ষত ৬.৩%লৈ হ্রাস পাব। 


উল্লেখযোগ্য যে এ ডি বিয়ে যোৱা মাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ ৬.৯% হ'ব বুলি অনুমান কৰিছিল। মধ্য প্রাচ্যৰ সংকট আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম উচ্চ হৈ থাকিব। ইয়াৰ প্ৰভাৱ ভাৰতৰ জি ডি পিৰ উন্নয়নৰ হাৰতে নহয়, দাম বৃদ্ধিতো পেলাব। তেওঁৰ মতে, চলিত বিত্তীয় বৰ্ষত ভাৰতত দাম বৃদ্ধিৰ বৃদ্ধিৰ বিস্ফোৰণ ঘটিব পাৰে। 


পাৰ্কৰ মতে, চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুদ্রাস্ফীতিৰ হাৰ ২.৪% বৃদ্ধি পাব। তেওঁ ইয়াৰ আগতে চলিত বিত্তীয় বৰ্ষত ভাৰতত মুদ্রাস্ফীতিৰ হাৰ ৪.৫% হ'ব বুলি অনুমান কৰিছিল। এতিয়া তেওঁ এই বুলি কয় যে মধ্যপ্রাচ্যৰ সংকটৰ ফলত দেশত মুদ্রাস্ফীতিৰ হাৰ ৬.৯%লৈ বৃদ্ধি পাব। তেওঁৰ মতে, ভাৰতত মুদ্রাস্ফীতিৰ হাৰ উদ্বেগজনক হৈ পৰাৰ মূল কাৰণ হ'ল মধ্যপ্রাচ্যৰ সংকট। তেওঁৰ মতে, সাৰৰ দাম বৃদ্ধিৰ ফলত কৃষকে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ বাধ্য হ'ব। ইয়াৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদন হ্রাস পাব আৰু বজাৰত খাদ্য-সামগ্ৰীৰ যোগানো হ্রাস পাব আৰু দামো বৃদ্ধি পাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু