--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পার্কে কয়, 'তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা আছে। ইয়াৰ প্রতি লক্ষ্য ৰাখি আমাৰ নতুন অনুমান মতে, চলিত বছৰত খাৰুৱা তেলৰ দাম প্রতি বেৰলত গড়ে ৯৬ ডলাৰ হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: ইৰানৰ যুদ্ধৰ পৰিণতিত বিশ্বত খাদ্য-সামগ্ৰীৰ দাম তিনি বছৰৰ ভিতৰত সর্বাধিক হৈছে আৰু এনে সময়তে এছিয়ান ডেভেলপমেন্ট বেংকেও এই বুলি সতর্কবাণী শুনাইছে যে যুদ্ধই সৃষ্টি কৰা উত্তেজনা বিশ্বত অব্যাহত থাকিব আৰু খাৰুৱা তেলৰ দাম দীর্ঘদিনলৈ উচ্চ হৈ থাকিব পাৰে। ইয়াৰ প্ৰভাৱ ভাৰতীয় অর্থনীতিতো পৰিব আৰু দেশৰ উন্নয়নৰ হাৰ হ্রাস পোৱাৰ লগতে দাম বৃদ্ধিৰ বিস্ফোৰণো হোৱাৰ আশংকা আছে। 


এ ডি বিৰ মুখ্য অর্থনীতিবিদ এলবার্ট পার্কে কয় যে মধ্যপ্রাচ্যৰ সংকট অনুমান কৰাতকৈ যদি অধিক দিনলৈ অব্যাহত থাকে তেনেহ'লে বিশ্বত যোগান শৃংখলাত সৃষ্টি হোৱা বাধাৰ ফলত খাৰুৱা তেলৰ দাম অধিক বৃদ্ধি পোৱাৰ আশংকা আছে। পার্কে কয়, 'তেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা আছে। ইয়াৰ প্রতি লক্ষ্য ৰাখি আমাৰ নতুন অনুমান মতে, চলিত বছৰত খাৰুৱা তেলৰ দাম প্রতি বেৰলত গড়ে ৯৬ ডলাৰ হোৱাৰ সম্ভাৱনা আছে। 


ইয়াৰ লগতে ২০২৭ বৰ্ষত প্রতি বেৰলত ৮০ ডলাৰৰ সৰ্বোচ্চ স্তৰত থাকিব পাৰে। সম্প্রতি আমাৰ মতে, খাৰুৱা তেলৰ দাম দীর্ঘ দিনলৈ উচ্চ হৈ থাকিব।' তেওঁ কয় যে খাৰুৱা তেলৰ ফিউচাৰ বজাৰ (ভৱিষ্যতে কিছু সময়ৰ পাছত যোগান ধৰাৰ বাবে চুক্তি কৰা) আৰু থলীতে ক্ৰয় কৰাৰ খাৰুৱা তেলৰ বজাৰৰ দামৰ মাজত বৃহৎ ব্যৱধানৰ সৃষ্টি হৈছে। 


খাৰুৱা তেলৰ 'ফিউচাৰ' বজাৰে বিশ্বৰ বজাৰত তেলৰ দামত অহৰহ চাপৰ সৃষ্টি কৰি আহিছে। পার্কে লগতে কয় যে ইৰান যুদ্ধই ভাৰতীয় অর্থনীতিত দুই ধৰণৰ প্ৰভাৱ পেলাব। ইয়াৰ ফলত ভাৰতৰ উন্নয়নৰ হাৰ পূৰ্বতে কৰা অনুমানতকৈ ০.৬% হ্রাস পাব। আন কথাত দেশৰ উন্নয়নৰ হাৰ চলিত বিত্তীয় বর্ষত ৬.৩%লৈ হ্রাস পাব। 


উল্লেখযোগ্য যে এ ডি বিয়ে যোৱা মাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ ৬.৯% হ'ব বুলি অনুমান কৰিছিল। মধ্য প্রাচ্যৰ সংকট আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম উচ্চ হৈ থাকিব। ইয়াৰ প্ৰভাৱ ভাৰতৰ জি ডি পিৰ উন্নয়নৰ হাৰতে নহয়, দাম বৃদ্ধিতো পেলাব। তেওঁৰ মতে, চলিত বিত্তীয় বৰ্ষত ভাৰতত দাম বৃদ্ধিৰ বৃদ্ধিৰ বিস্ফোৰণ ঘটিব পাৰে। 


পাৰ্কৰ মতে, চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুদ্রাস্ফীতিৰ হাৰ ২.৪% বৃদ্ধি পাব। তেওঁ ইয়াৰ আগতে চলিত বিত্তীয় বৰ্ষত ভাৰতত মুদ্রাস্ফীতিৰ হাৰ ৪.৫% হ'ব বুলি অনুমান কৰিছিল। এতিয়া তেওঁ এই বুলি কয় যে মধ্যপ্রাচ্যৰ সংকটৰ ফলত দেশত মুদ্রাস্ফীতিৰ হাৰ ৬.৯%লৈ বৃদ্ধি পাব। তেওঁৰ মতে, ভাৰতত মুদ্রাস্ফীতিৰ হাৰ উদ্বেগজনক হৈ পৰাৰ মূল কাৰণ হ'ল মধ্যপ্রাচ্যৰ সংকট। তেওঁৰ মতে, সাৰৰ দাম বৃদ্ধিৰ ফলত কৃষকে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ বাধ্য হ'ব। ইয়াৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদন হ্রাস পাব আৰু বজাৰত খাদ্য-সামগ্ৰীৰ যোগানো হ্রাস পাব আৰু দামো বৃদ্ধি পাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ