--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইতিহাসত প্ৰথমবাৰৰ বাবে পুনৰ নিৰ্মাণ কৰাৰ ৭৫ বছৰৰ পাছত মন্দিৰটোৰ ৯০ মিটাৰ ওখ শিখৰত পবিত্র 'কুম্ভঅভিষেক' সমাপন হ'ব।

ডিজিটেল ডেস্ক: 'সোমনাথ অমৃত পর্ব ২০২৬' উদযাপনেৰে আজি পবিত্ৰ সোমনাথ মন্দিৰত ইতিহাসত প্রথমবাৰৰ বাবে এক নতুন আধ্যাত্মিক পৰিৱেশৰ মাইলৰ খুঁটি স্থাপন হ'ব। গুজৰাটত মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ পাছত এই ধর্মীয় ৰীতি-নীতি পূর্বে কেতিয়াও হোৱা নাছিল। 


আধুনিক ইতিহাসত প্ৰথমবাৰৰ বাবে পুনৰ নিৰ্মাণ কৰাৰ ৭৫ বছৰৰ পাছত মন্দিৰটোৰ ৯০ মিটাৰ ওখ শিখৰত পবিত্র 'কুম্ভঅভিষেক' সমাপন হ'ব। দেশৰ ১১খন প্রখ্যাত তীর্থস্থানৰ পৰা সংগ্ৰহ কৰা পবিত্র জলেৰে মন্দিৰৰ চূড়াত এই 'কুম্ভঅভিষেক' সমাপন কৰা হ'ব। 


সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ ৭৫ সংখ্যক বার্ষিকীৰ উপলক্ষত আয়োজিত এই পবিত্র মাংলিক অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এই ঐতিহাসিক অনুষ্ঠানৰ মূল কেন্দ্রবিন্দু হ'ব পবিত্র জলৰ সৈতে এটা বিশাল পাত্ৰ (কুম্ভ) আৰু পবিত্র জলভর্তি এই পাত্ৰটো মন্দিৰৰ চূড়ালৈ এখন বিশেষভাৱে নির্মিত ৯০ মিটাৰৰ ক্ৰেনৰ জৰিয়তে উত্তোলন কৰা হ'ব। বৈদিক মন্ত্র ছন্দময় উচ্চাৰণৰে মন্দিৰৰ চূড়াক ৰীতিগত পদ্ধতিৰে ধুওৱা হ'ব আৰু এই পবিত্ৰকৰণ পৰম্পৰাকেই কুম্ভঅভিষেক হিচাপে জনাজাত হৈ আছে। 


দক্ষিণ ভাৰতৰ মন্দিৰবোৰত সাধাৰণতে এই পৰম্পৰাগত পদ্ধতি ১০-১২ বছৰৰ মূৰে মূৰে সম্পন্ন কৰা হয়। কিন্তু পুনৰ নিৰ্মাণ কৰাৰ ৭৫ বছৰৰ পাছত সোমনাথ মন্দিৰত এই 'কুম্ভঅভিষেক'ৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। তীর্থ পুৰোহিত সম্পুৰা ব্রাহ্মিণ সমাজৰ সভাপতি হেমলভাই ভাটে কয় যে এই বিৰল উপলক্ষত হিন্দু সম্প্রদায়ে এটা অভূতপূর্ব অভিজ্ঞতাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। 


আজি প্রধানমন্ত্রী মোদীয়ে ভব্য 'মহাপূজা' সম্পন্ন কৰাৰ পাছতেই আধ্যাত্মিক অনুষ্ঠানটো আৰম্ভ হ'ব। প্রাচীন বৈদিক পৰম্পৰাৰ সৈতে আধুনিক আভিযান্ত্রিক প্রযুক্তিক মিশ্ৰণ কৰি পুনৰ নিৰ্মিত সোমনাথ মন্দিৰৰ ৭৫ বছৰীয়া আধ্যাত্মিক ইতিহাসক দেশবাসীয়ে আজি উদযাপন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ