--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰৱৰ্তী সময়ত জাহাজখনত ৰোগাক্রান্ত তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈছে। হাণ্টা ভাইৰাছৰ প্রাদুর্ভাৱে বিশ্ববাসীক শংকিত কৰি তুলিছে।

ডিজিটেল ডেস্ক: দক্ষিণ আটলাণ্টিক মহাসাগৰত প্রমোদ ভ্ৰমণ কৰা এখন জাহাজত হাণ্টা ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ১২খন দেশলৈ সতর্কতা অৱলম্বনৰ নির্দেশনা জাৰি কৰিছে। প্রমোদ ভ্রমণত যোৱা জাহাজখনে কেইবাখনো দেশক চুই গৈছিল। জাহাজখনৰ বহুকেইজন লোকৰ মাজত জ্বৰ আৰু শ্বাস-প্রশ্বাসজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। 


পৰৱৰ্তী সময়ত জাহাজখনত ৰোগাক্রান্ত তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈছে। হাণ্টা ভাইৰাছৰ প্রাদুর্ভাৱে বিশ্ববাসীক শংকিত কৰি তুলিছে। জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ ফলত পুনৰ ক'ভিডৰ সময়ৰ দৰে লকডাউন হ'ব নেকি, সকলোৱে মাস্ক পিন্ধিব লাগিব নেকি আদি প্রশ্ন চাৰিওদিশৰ পৰা উত্থাপন হৈছে। 


এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই জনসাধাৰণক সজাগ কৰি তোলাৰ চেষ্টা কৰিছে। বিশ্ব সংস্থাটোৰ মহামাৰী ব্যৱস্থাপনা বিভাগৰ সঞ্চালক ডাঃ মাৰিয়া ভান কেৰকোভে এখন সংবাদমেলত কয় যে হাণ্টা ভাইৰাছ কভিড বা ইনফ্লুৱেঞ্জাৰ দৰে নহয়, ই বহুত বেলেগ ধৰণেৰে বিয়পে। এই ভাইৰাছ সংক্ৰমণৰ কোনো লক্ষণ থকা লোক এতিয়ালৈকে পোৱা নাই বুলিও তেওঁ কয়। হাণ্টা এণ্ডিছ ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্রমণ হয়। নিকট সম্পর্ক বজাই ৰখাসকলৰ মাজত এই সংক্রমণ দেখা যায় বুলিও তেওঁ কয়। 


বিশ্ব স্বাস্থ্য সংস্থাৰ আন এজন শীর্ষ বিষয়া ডাঃ অব্দি ৰহমান মহম্মদে কয় যে বৰ্তমানৰ পৰিস্থিতি ২০১৮-১৯ চনত আর্জেণ্টিনাত সৃষ্টি হোৱা পৰিস্থিতিৰ দৰে হৈছে। আর্জেণ্টিনাত এটা ৰাজহুৱা অনুষ্ঠানত হাণ্টা ভাইৰাছত আক্রান্ত এজন লোকৰ পৰা বহুজনলৈ ই বিয়পিছিল। গতিকে বিশ্বৰ জনতাক সাৱধানতা অৱলম্বনৰ বাবে তেওঁ আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু