--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰৱৰ্তী সময়ত জাহাজখনত ৰোগাক্রান্ত তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈছে। হাণ্টা ভাইৰাছৰ প্রাদুর্ভাৱে বিশ্ববাসীক শংকিত কৰি তুলিছে।

ডিজিটেল ডেস্ক: দক্ষিণ আটলাণ্টিক মহাসাগৰত প্রমোদ ভ্ৰমণ কৰা এখন জাহাজত হাণ্টা ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ১২খন দেশলৈ সতর্কতা অৱলম্বনৰ নির্দেশনা জাৰি কৰিছে। প্রমোদ ভ্রমণত যোৱা জাহাজখনে কেইবাখনো দেশক চুই গৈছিল। জাহাজখনৰ বহুকেইজন লোকৰ মাজত জ্বৰ আৰু শ্বাস-প্রশ্বাসজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। 


পৰৱৰ্তী সময়ত জাহাজখনত ৰোগাক্রান্ত তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈছে। হাণ্টা ভাইৰাছৰ প্রাদুর্ভাৱে বিশ্ববাসীক শংকিত কৰি তুলিছে। জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ ফলত পুনৰ ক'ভিডৰ সময়ৰ দৰে লকডাউন হ'ব নেকি, সকলোৱে মাস্ক পিন্ধিব লাগিব নেকি আদি প্রশ্ন চাৰিওদিশৰ পৰা উত্থাপন হৈছে। 


এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই জনসাধাৰণক সজাগ কৰি তোলাৰ চেষ্টা কৰিছে। বিশ্ব সংস্থাটোৰ মহামাৰী ব্যৱস্থাপনা বিভাগৰ সঞ্চালক ডাঃ মাৰিয়া ভান কেৰকোভে এখন সংবাদমেলত কয় যে হাণ্টা ভাইৰাছ কভিড বা ইনফ্লুৱেঞ্জাৰ দৰে নহয়, ই বহুত বেলেগ ধৰণেৰে বিয়পে। এই ভাইৰাছ সংক্ৰমণৰ কোনো লক্ষণ থকা লোক এতিয়ালৈকে পোৱা নাই বুলিও তেওঁ কয়। হাণ্টা এণ্ডিছ ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্রমণ হয়। নিকট সম্পর্ক বজাই ৰখাসকলৰ মাজত এই সংক্রমণ দেখা যায় বুলিও তেওঁ কয়। 


বিশ্ব স্বাস্থ্য সংস্থাৰ আন এজন শীর্ষ বিষয়া ডাঃ অব্দি ৰহমান মহম্মদে কয় যে বৰ্তমানৰ পৰিস্থিতি ২০১৮-১৯ চনত আর্জেণ্টিনাত সৃষ্টি হোৱা পৰিস্থিতিৰ দৰে হৈছে। আর্জেণ্টিনাত এটা ৰাজহুৱা অনুষ্ঠানত হাণ্টা ভাইৰাছত আক্রান্ত এজন লোকৰ পৰা বহুজনলৈ ই বিয়পিছিল। গতিকে বিশ্বৰ জনতাক সাৱধানতা অৱলম্বনৰ বাবে তেওঁ আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ