--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰটোৰ আন সময়ৰ তুলনাত আমি শীতৰ সময়খিনিত পানী কমকৈ সেৱন কৰো। ইয়াৰ ফলত শৰীৰক প্ৰয়োজন হোৱাৰ পৰ্যাপ্ত পৰিমাণৰ পানী নোপোৱাৰ ফলত ডিহাইড্ৰেছনৰ সম্ভাৱনা বৃদ্ধি হয়। দীৰ্ঘ সময় এনে হোৱাৰ ফলত শৰীৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। কিন্তু বহু ক্ষেত্ৰত শৰীৰে আমাক ইংগিত দিয়ে যদিও আমি সেইবোৰ বুজি নাপাও বা আওকাণ কৰি চলো। ফলত সমস্যাসমূহ দিনকদিনে বাঢ়ি যায়। সেয়েহে শীতকালত পানী কমকৈ গ্ৰহণ কৰাৰ ফলত শৰীৰে আমাক কি কি ইংগিত দিয়ে জানো আহক।

 ১. হাত-ভৰি টানি ধৰাঃ-ডিহাইড্ৰেছন হ’লে শৰীৰৰ পেশীবোৰত পানী কমকৈ যায়। যাৰ বাবে হাত-ভৰি টানি ধৰাৰ আশংকা থাকে। খোজকাঢ়িলে বা দৌৰিলে ভাগৰ অনুভৱ হয়। যদি আপুনিও প্ৰায় এনে অনুভৱ কৰে, তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

 ২. মিঠা খোৱাৰ প্ৰৱণতাঃ-যদি আপোনাৰ শৰীৰত দীৰ্ঘদিন ধৰি পানীৰ অভাৱ হয় থাকে, তেন্তে আপোনাৰ যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যকৃতে পানীৰ সহায়ত গ্লাইক’জেন তৈয়াৰ কৰে, যিয়ে আমাক শক্তি প্ৰদান কৰে। ফলত মিঠাই খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।

 ৩. মূৰৰ বিষঃ-মাইগ্ৰেইন প্ৰায়ে ডিহাইড্ৰেছনৰ ফলত হয়। গতিকে সকলো সময়তে মূৰৰ বিষ হৈ থাকিলে পৰ্যাপ্ত পৰিমাণে পানী খাব।

 ৪. মুখৰ দুৰ্গন্ধঃ-মুখৰ লেলাৱতীত এন্টিবেক্টেৰিয়েল গুণ থাকে। কিন্তু শৰীৰত পানী কম হ’লে বেছি লেলাৱতী উৎপন্ন নহয় আৰু মুখত বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ হয়।

 ৫. শুকান ছালঃ-শীতকালত সাধাৰণতে ছাল শুকান হয়। যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে এই সমস্যাটো দুগুণে বাঢ়ি যায়। যাৰ ফলত ছালখন শুকান হৈ পৰে। ওঁঠ দুটা ফাটিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত অধিক পানী খোৱাৰ প্ৰয়োজন হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক