--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰটোৰ আন সময়ৰ তুলনাত আমি শীতৰ সময়খিনিত পানী কমকৈ সেৱন কৰো। ইয়াৰ ফলত শৰীৰক প্ৰয়োজন হোৱাৰ পৰ্যাপ্ত পৰিমাণৰ পানী নোপোৱাৰ ফলত ডিহাইড্ৰেছনৰ সম্ভাৱনা বৃদ্ধি হয়। দীৰ্ঘ সময় এনে হোৱাৰ ফলত শৰীৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। কিন্তু বহু ক্ষেত্ৰত শৰীৰে আমাক ইংগিত দিয়ে যদিও আমি সেইবোৰ বুজি নাপাও বা আওকাণ কৰি চলো। ফলত সমস্যাসমূহ দিনকদিনে বাঢ়ি যায়। সেয়েহে শীতকালত পানী কমকৈ গ্ৰহণ কৰাৰ ফলত শৰীৰে আমাক কি কি ইংগিত দিয়ে জানো আহক।

 ১. হাত-ভৰি টানি ধৰাঃ-ডিহাইড্ৰেছন হ’লে শৰীৰৰ পেশীবোৰত পানী কমকৈ যায়। যাৰ বাবে হাত-ভৰি টানি ধৰাৰ আশংকা থাকে। খোজকাঢ়িলে বা দৌৰিলে ভাগৰ অনুভৱ হয়। যদি আপুনিও প্ৰায় এনে অনুভৱ কৰে, তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

 ২. মিঠা খোৱাৰ প্ৰৱণতাঃ-যদি আপোনাৰ শৰীৰত দীৰ্ঘদিন ধৰি পানীৰ অভাৱ হয় থাকে, তেন্তে আপোনাৰ যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যকৃতে পানীৰ সহায়ত গ্লাইক’জেন তৈয়াৰ কৰে, যিয়ে আমাক শক্তি প্ৰদান কৰে। ফলত মিঠাই খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।

 ৩. মূৰৰ বিষঃ-মাইগ্ৰেইন প্ৰায়ে ডিহাইড্ৰেছনৰ ফলত হয়। গতিকে সকলো সময়তে মূৰৰ বিষ হৈ থাকিলে পৰ্যাপ্ত পৰিমাণে পানী খাব।

 ৪. মুখৰ দুৰ্গন্ধঃ-মুখৰ লেলাৱতীত এন্টিবেক্টেৰিয়েল গুণ থাকে। কিন্তু শৰীৰত পানী কম হ’লে বেছি লেলাৱতী উৎপন্ন নহয় আৰু মুখত বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ হয়।

 ৫. শুকান ছালঃ-শীতকালত সাধাৰণতে ছাল শুকান হয়। যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে এই সমস্যাটো দুগুণে বাঢ়ি যায়। যাৰ ফলত ছালখন শুকান হৈ পৰে। ওঁঠ দুটা ফাটিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত অধিক পানী খোৱাৰ প্ৰয়োজন হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা