--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হৈছে। এই বতৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি বীট আৰু গাজৰৰ ৰস খাব পাৰে। ইয়াৰ পৰা শৰীৰে ৫টা প্ৰচণ্ড উপকাৰ লাভ কৰে।

১) কৰ্কট ৰোগত উপকাৰী- আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে শীতকালত বীট আৰু গাজৰৰ ৰস খালে কেন্সাৰ নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়। এনে বহুতো কেন্সাৰ প্ৰতিৰোধী গুণ ইয়াত পোৱা যায়, যাৰ ফলত শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধি হ্ৰাস পায়।

২) ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব - উচ্চ বি পি সমস্যা থকা লোকসকলক শীতকালত বীট আৰু গাজৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়া হৈছে। ৰক্তচাপত থকা মেগনেছিয়াম আৰু পটাছিয়ামৰ বাবে ৰক্তচাপ সুষম হৈ থাকে।

৩) ওজন কমি যাব- যিসকল লোকৰ মেদবহুলতাৰ সমস্যা আছে, তেওঁলোকে দৈনিক এগিলাচ বীট আৰু গাজৰৰ ৰস খাব লাগে। আঁহৰ উপস্থিতি আৰু কম কেলৰিৰ বাবে শৰীৰ চৰ্বি কমি ফিট হৈ পৰে।

৪) ৰক্তহীনতা নোহোৱা হ’ব - বীট আৰু গাজৰৰ ৰসক ৰক্তহীনতাত আক্ৰান্ত লোকৰ বাবে ঔষধ বুলি কোৱা হয়। এই দুয়োটাতে আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত শৰীৰত তেজ গঠনৰ গতি বৃদ্ধি পায়।

৫) পাচনতন্ত্ৰ সুস্থ হৈ থাকিব - আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে বীট আৰু গাজৰত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ ফলত বদহজম, কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে সমস্যা দূৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ