--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধ্যপ্ৰদেশৰ চিত্ৰকূটৰ তুলসী পীঠ আশ্ৰমত জগদগুৰু ৰামভদ্ৰাচাৰ্যৰ পৰা ৰাম মন্ত্ৰৰ দীক্ষা গ্ৰহণ কৰে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। বিনিময়ত ৰামভদ্ৰাচাৰ্যই তেওঁৰ পৰা দক্ষিণা হিচাপে PoK বিচাৰিছিল।

জাগ্ৰদগুৰু ৰামভদ্ৰাচাৰ্যই কয় যে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মোৰ পৰা ৰাম মন্ত্ৰৰ দীক্ষা লৈছিল। মাতৃ সীতাই ভগৱান হনুমানক এই ৰাম মন্ত্ৰ দিছিল, তাৰ পিছত তেওঁ লংকা জয় কৰিছিল। মই উপেন্দ্ৰ দ্বিবেদীৰ পৰা দক্ষিণা বিচাৰিছো যে, মোক PoK লাগে।

তুলসী পীঠৰ বাসগৃহত জগদগুৰুৱে সাংবাদিকসকলৰ আগত কয় যে সেনা প্ৰধানগৰাকীক সন্মান জনাই তেওঁ অতি গৌৰৱ অনুভৱ কৰিছে। ভৱিষ্যতে যদি পাকিস্তানে কোনো সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰে তেন্তে সেয়া ধ্বংস হ’ব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে সীতাজীয়ে লংকা জয় কৰাৰ বাবে হনুমানজীক দিয়া একেটা মন্ত্ৰৰ দীক্ষা তেওঁৰ পৰাই সেনা প্ৰধানে লৈছিল।

সেনা প্ৰধানৰ এই ভ্ৰমণ কেৱল আধ্যাত্মিক নহয়, সামাজিক চিন্তাৰ সৈতেও জড়িত আছিল। তেওঁ সদগুৰু চকু চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে সদগুৰু সেৱা সংঘ ন্যাসৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই সময়ত পদ্মশ্ৰী ডাঃ বি কে জৈনে তেওঁক আদৰণি জনায়। জেনেৰেল দ্বিবেদীয়ে গুৰু ৰামভদ্ৰাচাৰ্যক স্মৃতিগ্ৰন্থ প্ৰদান কৰি তেওঁৰ সেৱামূলক কামৰ প্ৰশংসা কৰি তেওঁক ভাৰতৰ আধ্যাত্মিক আৰু সামাজিক শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে।

আনকি সেনাধ্যক্ষৰ আগমনৰ পূৰ্বেও তুলসী পীঠ অঞ্চলত নিৰাপত্তাৰ ব্যাপক ব্যৱস্থা কৰা হৈছিল। আশ্ৰমৰ পৰা কাঁচৰ মন্দিৰলৈকে প্ৰতিটো মোৰতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিয়োগ। উল্লেখ্য যে তেওঁৰ আগমনে আধ্যাত্মিক পৰিৱেশটোক শক্তিশালী কৰাই নহয়, অঞ্চলটোত দেশপ্ৰেমৰ মনোভাৱো পুনৰ সজীৱ কৰি তুলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ