--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৩০০০ মিটাৰ ষ্টীপলচে'জ ইভেন্টত পুৰুষৰ শাখাত ৩৬ বছৰৰ বিৰতিত সোণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হৈছে অবিনাশ সাবলে। ২০১৯ চনৰ সংস্কৰণত ৰূপজয়ী সাবলেই ৮:২০.৯২ ছেকেণ্ড সময় লৈ শীর্ষস্থান অধিকাৰ কৰে। উল্লেখযোগ্য যে ১৯৮৯ চনত ডিনা ৰামে উক্ত ইভেন্টত শেষবাৰলৈ সোণ জিকিছিল।

আনহাতে, ১৯৭৫ চনতে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম পুৰুষ খেলুৱৈ হিচাপে ষ্টীপলচে'জ ইভেন্টত সোণজয়ী কৃতিত্ব অৰ্জন কৰিছিল। ইফালে, সাবলেৰ পাছত বৃহস্পতিবাৰে তৃতীয় দিনা ভাৰতৰ বাবে সোণ কঢ়িয়াই আনে হার্ডলাৰ জ্যোতি য়াৰাজী আৰু মহিলাৰ ৪×৪০০ মিটাৰ ৰীলে দলে। কালি ভাৰতে তিনিটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰে। সেই অনুসৰি সাবলে আৰু জ্যোতিৰ সফলতাৰ পাছত জিস্না মেথিউ, ৰূপল চৌধাৰী, কুঞ্জ ৰজিতা আৰু শুভ ভেংকটাছানৰে গঠিত ভাৰতীয় মহিলাৰ ৪×৪০০ মিটাৰ ৰীলেত সোণ লাভ কৰে।

ভাৰতীয় ৰীলে দলটোৱে ছিজনৰ শ্রেষ্ঠ ৩ঃ৩৪.১৮ ছেকেণ্ড সময় লৈ শীর্ষস্থান দখল কৰে। ভিয়েটনামে ৰূপ আৰু শ্রীলংকাই ব্ৰঞ্জৰ পদক পায়। আনহাতে, জয় কুমাৰ, ধৰ্মবীৰ চৌধাৰী, মনু থাকিনালিল ছাজী আৰু বিশাল টিকেৰে গঠিত ভাৰতৰ পুৰুষৰ ৰীলে দলে ৩ঃ০৩.৬৭ ছেকেণ্ড সময় লৈ ৰূপৰ পদক দখল কৰে। জ্যোতি য়াৰাজীয়ে ১০০ মিটাৰ হাৰ্ডলছত (মহিলা) ১২.৯৬ ছেকেণ্ড সময় মানেৰে সোণৰ পদক লাভ কৰে। আনহাতে, লং জাম্পাৰ এন্সি ছোজান (৬.৩৩ মিটাৰ) আৰু ছায়েলী সিঙে (৬.৩০ মিটাৰ) ক্রমে ৰূপ আৰু ব্ৰঞ্জ জয় কৰে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত