--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৩০০০ মিটাৰ ষ্টীপলচে'জ ইভেন্টত পুৰুষৰ শাখাত ৩৬ বছৰৰ বিৰতিত সোণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হৈছে অবিনাশ সাবলে। ২০১৯ চনৰ সংস্কৰণত ৰূপজয়ী সাবলেই ৮:২০.৯২ ছেকেণ্ড সময় লৈ শীর্ষস্থান অধিকাৰ কৰে। উল্লেখযোগ্য যে ১৯৮৯ চনত ডিনা ৰামে উক্ত ইভেন্টত শেষবাৰলৈ সোণ জিকিছিল।

আনহাতে, ১৯৭৫ চনতে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম পুৰুষ খেলুৱৈ হিচাপে ষ্টীপলচে'জ ইভেন্টত সোণজয়ী কৃতিত্ব অৰ্জন কৰিছিল। ইফালে, সাবলেৰ পাছত বৃহস্পতিবাৰে তৃতীয় দিনা ভাৰতৰ বাবে সোণ কঢ়িয়াই আনে হার্ডলাৰ জ্যোতি য়াৰাজী আৰু মহিলাৰ ৪×৪০০ মিটাৰ ৰীলে দলে। কালি ভাৰতে তিনিটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰে। সেই অনুসৰি সাবলে আৰু জ্যোতিৰ সফলতাৰ পাছত জিস্না মেথিউ, ৰূপল চৌধাৰী, কুঞ্জ ৰজিতা আৰু শুভ ভেংকটাছানৰে গঠিত ভাৰতীয় মহিলাৰ ৪×৪০০ মিটাৰ ৰীলেত সোণ লাভ কৰে।

ভাৰতীয় ৰীলে দলটোৱে ছিজনৰ শ্রেষ্ঠ ৩ঃ৩৪.১৮ ছেকেণ্ড সময় লৈ শীর্ষস্থান দখল কৰে। ভিয়েটনামে ৰূপ আৰু শ্রীলংকাই ব্ৰঞ্জৰ পদক পায়। আনহাতে, জয় কুমাৰ, ধৰ্মবীৰ চৌধাৰী, মনু থাকিনালিল ছাজী আৰু বিশাল টিকেৰে গঠিত ভাৰতৰ পুৰুষৰ ৰীলে দলে ৩ঃ০৩.৬৭ ছেকেণ্ড সময় লৈ ৰূপৰ পদক দখল কৰে। জ্যোতি য়াৰাজীয়ে ১০০ মিটাৰ হাৰ্ডলছত (মহিলা) ১২.৯৬ ছেকেণ্ড সময় মানেৰে সোণৰ পদক লাভ কৰে। আনহাতে, লং জাম্পাৰ এন্সি ছোজান (৬.৩৩ মিটাৰ) আৰু ছায়েলী সিঙে (৬.৩০ মিটাৰ) ক্রমে ৰূপ আৰু ব্ৰঞ্জ জয় কৰে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ