--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ আগশাৰীৰ পুৰুষ ডাবলছৰ যুটি সাত্বিক ছাইৰাজ ৰাংকি ৰেড্ডী আৰু চিৰাগ ছেট্টিয়ে ছিংগাপুৰ অ'পেন ছুপাৰ ৭৫০ বেডমিন্টন প্রতিযোগিতাখনত জয়ৰ মাজলৈ উভতি আহিছে। অৱশ্যে, ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে আঘাতৰ বাবে প্ৰথম ৰাউণ্ডৰ খেল আধাতে এৰি দিবলৈ বাধ্য হয়। 

ইফালে, চিৰাগৰ পিঠিৰ আঘাতৰ বাবে মাৰ্চত অল ইংলেণ্ড অ'পেনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পাছত বুধবাৰে ভাৰতীয় যুটিটোৱে প্ৰথমবাৰলৈ ক'ৰ্টত নামে। 

বিশ্বৰ প্রাক্তন ১ নম্বৰৰ যুটি সাত্বিক-চিৰাগে ৰাউণ্ড অব্ ৩২ত মালয়েছিয়াৰ চুং হুন জিয়ান আৰু মহম্মদ হাইকাল যুটিক ২১-১৬, ২১-১৩ ব্যৱধানত পৰাজিত কৰে। খেল সামগ্রিকভাৱে চলিছিল ৪০ মিনিট জুৰি। আনহাতে, ছিংগলছত ভাৰতৰ ১ নম্বৰৰ খেলুৱৈ লক্ষ্যই আঘাতৰ বাবে চাইনীজ টাইপেইৰ লিন চুন-ৱিৰ বিৰুদ্ধে খেলখনৰ পৰা অৱসৰ ল'বলৈ বাধ্য হয়। সম্প্রতি বিশ্বৰ সপ্তদশ স্থানৰ লক্ষ্যই শক্তিশালী খেলেৰে প্ৰথমটো গে'ম ২১-১৫ ব্যৱধানত দখল কৰে। 

পিছে বিশ্বৰ ১৯সংখ্যক স্থানৰ লিনে প্ৰত্যাৱৰ্তন ঘটাই দ্বিতীয়টো গেম ২১-১৭ ব্যৱধানত হস্তগত কৰে। নির্ণায়ক গেমত ১৩-৫ ব্যৱধানত পিছপৰি থকাৰ সময়তে লক্ষ্যই খেল এৰি দিয়ে। ইফালে, মিক্সড ডাবলছত ৰোহণ কাপুৰ আৰু ৰুথভিকা শিৱানী যুটি প্রি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। অৱশ্যে, মহিলাৰ ছিংগলছত আকর্ষী কাশ্যপ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!