--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ আগশাৰীৰ পুৰুষ ডাবলছৰ যুটি সাত্বিক ছাইৰাজ ৰাংকি ৰেড্ডী আৰু চিৰাগ ছেট্টিয়ে ছিংগাপুৰ অ'পেন ছুপাৰ ৭৫০ বেডমিন্টন প্রতিযোগিতাখনত জয়ৰ মাজলৈ উভতি আহিছে। অৱশ্যে, ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে আঘাতৰ বাবে প্ৰথম ৰাউণ্ডৰ খেল আধাতে এৰি দিবলৈ বাধ্য হয়। 

ইফালে, চিৰাগৰ পিঠিৰ আঘাতৰ বাবে মাৰ্চত অল ইংলেণ্ড অ'পেনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পাছত বুধবাৰে ভাৰতীয় যুটিটোৱে প্ৰথমবাৰলৈ ক'ৰ্টত নামে। 

বিশ্বৰ প্রাক্তন ১ নম্বৰৰ যুটি সাত্বিক-চিৰাগে ৰাউণ্ড অব্ ৩২ত মালয়েছিয়াৰ চুং হুন জিয়ান আৰু মহম্মদ হাইকাল যুটিক ২১-১৬, ২১-১৩ ব্যৱধানত পৰাজিত কৰে। খেল সামগ্রিকভাৱে চলিছিল ৪০ মিনিট জুৰি। আনহাতে, ছিংগলছত ভাৰতৰ ১ নম্বৰৰ খেলুৱৈ লক্ষ্যই আঘাতৰ বাবে চাইনীজ টাইপেইৰ লিন চুন-ৱিৰ বিৰুদ্ধে খেলখনৰ পৰা অৱসৰ ল'বলৈ বাধ্য হয়। সম্প্রতি বিশ্বৰ সপ্তদশ স্থানৰ লক্ষ্যই শক্তিশালী খেলেৰে প্ৰথমটো গে'ম ২১-১৫ ব্যৱধানত দখল কৰে। 

পিছে বিশ্বৰ ১৯সংখ্যক স্থানৰ লিনে প্ৰত্যাৱৰ্তন ঘটাই দ্বিতীয়টো গেম ২১-১৭ ব্যৱধানত হস্তগত কৰে। নির্ণায়ক গেমত ১৩-৫ ব্যৱধানত পিছপৰি থকাৰ সময়তে লক্ষ্যই খেল এৰি দিয়ে। ইফালে, মিক্সড ডাবলছত ৰোহণ কাপুৰ আৰু ৰুথভিকা শিৱানী যুটি প্রি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। অৱশ্যে, মহিলাৰ ছিংগলছত আকর্ষী কাশ্যপ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ