--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত বহুতো উদ্ভিদৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ ৰখা হয়। কিছুমান উদ্ভিদত দেৱ-দেৱী বাস কৰে বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদত মাতৃ লক্ষ্মী বাস কৰে। ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ বাসস্থান আঁহত গছ বুলি বিশ্বাস কৰা হয়। বেলগছৰো আছে বহুত প্ৰাধান্য। 

ধৰ্মীয় দৃষ্টিকোণৰ পৰা এইটো বিশ্বাস কৰা হয় যে যদি এই উদ্ভিদবোৰ ঘৰত সঠিক দিশত ৰোপণ কৰা হয় আৰু নিয়মিতভাৱে ৰীতি-নীতিৰে পূজা কৰা হয় তেন্তে সেই ঘৰখনত ঈশ্বৰৰ কৃপা ৰৈ যায়। ভগৱান শিৱৰ বহুত প্ৰিয় ধতুৰা ফুল। ধতুৰা ফুলৰে নিয়মীয়া পূজা কৰিলে ভোলেশংকৰৰ কৃপা লাভ কৰিব পাৰি। 

জ্যোতিষৰ মতে ঘৰত ঘৰত ধতুৰা গছ ৰোপণ কৰিলে বায়ু শুদ্ধ হয়। ইয়াৰ সমান্তৰালভাৱে ঘৰখনলৈ সুখ-সমৃদ্ধি, সৌভাগ্য আৰু ধনৰ আগমন ঘটে। দেওবাৰ বা মঙলবাৰে ধতুৰা গছ ৰোপণ কৰিলে শুভ বুলি কোৱা হয়। ইয়াৰ লগতে যিকোনো শুভ নক্ষত্ৰমণ্ডলতো ইয়াক ৰোপণ কৰিব পাৰি। ধতুৰা গছ ঘৰত থাকিলে ঘৰত থকা ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু কেৱল ধনাত্মক শক্তিয়ে বাস কৰে। ধতুৰা ফুল শিৱৰ অতি প্ৰিয়। সেয়েহে শিৱ পূজাৰ সময়ত শিৱলিংগত ধতুৰা আগবঢ়োৱা হয়। ইয়াৰ লগতে ধৰ্মীয় দিশৰ উপৰিও ধতুৰা আছে কিছুমান ঔষধি গুণ। 

১)শৰীৰৰ কোনাে অংশ বিষত ফুলি উঠিলে ধতুৰা গছৰ শিপা খুন্দি তাত অলপ ক’লা নিমখ মিহলাই সেই লেপন দুই-তিনি ঘন্টা দি ৰাখিলে সকাহ পােৱা যায়।

২)ধতুৰাৰ পাত খুন্দি তাৰ ৰস চুলিত লগাই দুই-তিনি ঘন্টা ৰাখি পাছত পানীৰে ধুই দিলে চুলি সৰা সমস্যা নােহােৱা হয়।

৩)ধতুৰাৰ পাত খুন্দি ইয়াৰ লেপন টকৌয়ে খােৱা অংশত লগাই চাৰি-পাঁচ ঘন্টা ৰাখিলে এই সমস্যা নােহােৱা হয়।

৪)ধতুৰাৰ পাত আৰু কোমল গুটি পিচি তাতে অলপ নাৰিকল তেল মিহলাই এই লেপন বেচু হােৱা অংশত লগাই তিনি-চাৰি ঘন্টা ৰাখি ধুই দিলে এই সমস্যা নােহােৱা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত