--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত বহুতো উদ্ভিদৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ ৰখা হয়। কিছুমান উদ্ভিদত দেৱ-দেৱী বাস কৰে বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদত মাতৃ লক্ষ্মী বাস কৰে। ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ বাসস্থান আঁহত গছ বুলি বিশ্বাস কৰা হয়। বেলগছৰো আছে বহুত প্ৰাধান্য। 

ধৰ্মীয় দৃষ্টিকোণৰ পৰা এইটো বিশ্বাস কৰা হয় যে যদি এই উদ্ভিদবোৰ ঘৰত সঠিক দিশত ৰোপণ কৰা হয় আৰু নিয়মিতভাৱে ৰীতি-নীতিৰে পূজা কৰা হয় তেন্তে সেই ঘৰখনত ঈশ্বৰৰ কৃপা ৰৈ যায়। ভগৱান শিৱৰ বহুত প্ৰিয় ধতুৰা ফুল। ধতুৰা ফুলৰে নিয়মীয়া পূজা কৰিলে ভোলেশংকৰৰ কৃপা লাভ কৰিব পাৰি। 

জ্যোতিষৰ মতে ঘৰত ঘৰত ধতুৰা গছ ৰোপণ কৰিলে বায়ু শুদ্ধ হয়। ইয়াৰ সমান্তৰালভাৱে ঘৰখনলৈ সুখ-সমৃদ্ধি, সৌভাগ্য আৰু ধনৰ আগমন ঘটে। দেওবাৰ বা মঙলবাৰে ধতুৰা গছ ৰোপণ কৰিলে শুভ বুলি কোৱা হয়। ইয়াৰ লগতে যিকোনো শুভ নক্ষত্ৰমণ্ডলতো ইয়াক ৰোপণ কৰিব পাৰি। ধতুৰা গছ ঘৰত থাকিলে ঘৰত থকা ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু কেৱল ধনাত্মক শক্তিয়ে বাস কৰে। ধতুৰা ফুল শিৱৰ অতি প্ৰিয়। সেয়েহে শিৱ পূজাৰ সময়ত শিৱলিংগত ধতুৰা আগবঢ়োৱা হয়। ইয়াৰ লগতে ধৰ্মীয় দিশৰ উপৰিও ধতুৰা আছে কিছুমান ঔষধি গুণ। 

১)শৰীৰৰ কোনাে অংশ বিষত ফুলি উঠিলে ধতুৰা গছৰ শিপা খুন্দি তাত অলপ ক’লা নিমখ মিহলাই সেই লেপন দুই-তিনি ঘন্টা দি ৰাখিলে সকাহ পােৱা যায়।

২)ধতুৰাৰ পাত খুন্দি তাৰ ৰস চুলিত লগাই দুই-তিনি ঘন্টা ৰাখি পাছত পানীৰে ধুই দিলে চুলি সৰা সমস্যা নােহােৱা হয়।

৩)ধতুৰাৰ পাত খুন্দি ইয়াৰ লেপন টকৌয়ে খােৱা অংশত লগাই চাৰি-পাঁচ ঘন্টা ৰাখিলে এই সমস্যা নােহােৱা হয়।

৪)ধতুৰাৰ পাত আৰু কোমল গুটি পিচি তাতে অলপ নাৰিকল তেল মিহলাই এই লেপন বেচু হােৱা অংশত লগাই তিনি-চাৰি ঘন্টা ৰাখি ধুই দিলে এই সমস্যা নােহােৱা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ