--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ চিবিআই তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্যখনৰ বিজেপি নেতা জগজিৎ সিং৷ বিজেপি নেতাজনে দাবী কৰিছে যে মুছেৱালাৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত হ’ব লাগে। আৱেদনকাৰী জগজিৎ সিঙে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰি কয় যে ৰাজ্য প্ৰশাসনে কেৱল অপৰাধ বন্ধ কৰাত ব্যৰ্থ হোৱাৰ উপৰিও পঞ্জাবত সৃষ্টি হোৱা দলবদ্ধ আক্ৰমণৰ দৰে পৰিস্থিতি নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে৷ পঞ্জাবত এতিয়া ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে।

উচ্চতম ন্যায়ালয়ত বিজেপি নেতাজনে কয় যে দিনৰ পোহৰতে ৰাজ্যখনত যিধৰণে হত্যাকাণ্ড সংঘটিত হৈছে সেই কথাই স্পষ্টভাৱে দেখুৱাই যে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটিছে৷ ৰাজ্যখনৰ প্ৰশাসন যন্ত্ৰ বিফল হৈছে আৰু অপৰাধ বন্ধ কৰাত ব্যৰ্থ হৈছে।

উচ্চতম ন্যায়ালয়ক ৰাজ্যখনৰ জনসাধাৰণৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে বিজেপি নেতাগৰাকীয়ে৷ অধিবক্তা নমিত চাক্সেনাৰ জৰিয়তে আবেদন দাখিল কৰিছে জগজিৎ সিঙে৷ 

আৱেদনকাৰীয়ে কৈছিল যে জনপ্ৰিয় গায়ক সিদ্ধুৰ জীৱন বিপদত আছে বুলি আগতীয়াকৈ জনা গৈছিল আৰু তেওঁ ভাবুকিৰো সন্মুখীন হৈছিল। তৎস্বত্ত্বেও, ৰাজ্য চৰকাৰে কোনো কাৰণ নোহোৱাকৈ তেওঁৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছিল৷

ইপিনে, মুখ্যমন্ত্ৰী ভগৱন্ত মানে মুছেৱালাৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে৷ মানে পৰিয়ালটোক মুছেৱালাৰ নামত এখন ষ্টেডিয়াম আৰু কৰ্কট ৰোগ চিকিৎসালয় নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰিও, তেওঁ পৰিয়ালটোক আশ্বাস দিছিল যে তেওঁ অপৰাধীসকলক এৰি নিদিয়ে। ভগৱন্ত মানে পৰিয়ালটোক কৈছিল যে সিদ্ধু মুছেৱালা এটা জাতি, ধৰ্ম বা এটা অঞ্চলৰ অন্তৰ্ভুক্ত নহয়। তেওঁ এজন কিংবদন্তী আছিল। কেৱল পঞ্জাবেই নহয়, সমগ্ৰ দেশৰ মানুহে তেওঁক ভাল পাইছিল। তেওঁ মোৰ সৰু ভাইৰ দৰে আছিল। যেতিয়া পৰিয়ালটোৱে কৈছিল যে আমি ন্যায় বিচাৰো, মানে কৈছিল যে অপৰাধীসকল কেইদিনমানৰ ভিতৰতে কাৰাৰুদ্ধ হ’ব৷  

মুছেৱালাৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত পঞ্জাব চৰকাৰৰ পক্ষত থিয় দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷  কেজৰিৱালে কয়, মই বিশ্বাস কৰোঁ যে যি কোনো ঘটনাই ঘটিছে, ইয়াক লৈ ৰাজনীতি হোৱা উচিত নহয়। সিদ্ধু মুছেৱালাক হত্যা কৰা হৈছিল, এয়া অত্যন্ত দুখৰ বিষয়। তাৰ বাবে, পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো প্ৰচেষ্টা চলি আছে আৰু আশ্বাস দিছে যে অপৰাধীসকল ধৰা পৰিব আৰু কঠোৰতম শাস্তি দিয়া হ’ব। কেজৰিৱালে লগতে কয়, বিৰোধী দল আৰু সকলোৱে একেলগে পঞ্জাবক আগুৱাই নিব লাগিব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ