--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ চিবিআই তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্যখনৰ বিজেপি নেতা জগজিৎ সিং৷ বিজেপি নেতাজনে দাবী কৰিছে যে মুছেৱালাৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত হ’ব লাগে। আৱেদনকাৰী জগজিৎ সিঙে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰি কয় যে ৰাজ্য প্ৰশাসনে কেৱল অপৰাধ বন্ধ কৰাত ব্যৰ্থ হোৱাৰ উপৰিও পঞ্জাবত সৃষ্টি হোৱা দলবদ্ধ আক্ৰমণৰ দৰে পৰিস্থিতি নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে৷ পঞ্জাবত এতিয়া ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে।

উচ্চতম ন্যায়ালয়ত বিজেপি নেতাজনে কয় যে দিনৰ পোহৰতে ৰাজ্যখনত যিধৰণে হত্যাকাণ্ড সংঘটিত হৈছে সেই কথাই স্পষ্টভাৱে দেখুৱাই যে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটিছে৷ ৰাজ্যখনৰ প্ৰশাসন যন্ত্ৰ বিফল হৈছে আৰু অপৰাধ বন্ধ কৰাত ব্যৰ্থ হৈছে।

উচ্চতম ন্যায়ালয়ক ৰাজ্যখনৰ জনসাধাৰণৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে বিজেপি নেতাগৰাকীয়ে৷ অধিবক্তা নমিত চাক্সেনাৰ জৰিয়তে আবেদন দাখিল কৰিছে জগজিৎ সিঙে৷ 

আৱেদনকাৰীয়ে কৈছিল যে জনপ্ৰিয় গায়ক সিদ্ধুৰ জীৱন বিপদত আছে বুলি আগতীয়াকৈ জনা গৈছিল আৰু তেওঁ ভাবুকিৰো সন্মুখীন হৈছিল। তৎস্বত্ত্বেও, ৰাজ্য চৰকাৰে কোনো কাৰণ নোহোৱাকৈ তেওঁৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছিল৷

ইপিনে, মুখ্যমন্ত্ৰী ভগৱন্ত মানে মুছেৱালাৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে৷ মানে পৰিয়ালটোক মুছেৱালাৰ নামত এখন ষ্টেডিয়াম আৰু কৰ্কট ৰোগ চিকিৎসালয় নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰিও, তেওঁ পৰিয়ালটোক আশ্বাস দিছিল যে তেওঁ অপৰাধীসকলক এৰি নিদিয়ে। ভগৱন্ত মানে পৰিয়ালটোক কৈছিল যে সিদ্ধু মুছেৱালা এটা জাতি, ধৰ্ম বা এটা অঞ্চলৰ অন্তৰ্ভুক্ত নহয়। তেওঁ এজন কিংবদন্তী আছিল। কেৱল পঞ্জাবেই নহয়, সমগ্ৰ দেশৰ মানুহে তেওঁক ভাল পাইছিল। তেওঁ মোৰ সৰু ভাইৰ দৰে আছিল। যেতিয়া পৰিয়ালটোৱে কৈছিল যে আমি ন্যায় বিচাৰো, মানে কৈছিল যে অপৰাধীসকল কেইদিনমানৰ ভিতৰতে কাৰাৰুদ্ধ হ’ব৷  

মুছেৱালাৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত পঞ্জাব চৰকাৰৰ পক্ষত থিয় দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷  কেজৰিৱালে কয়, মই বিশ্বাস কৰোঁ যে যি কোনো ঘটনাই ঘটিছে, ইয়াক লৈ ৰাজনীতি হোৱা উচিত নহয়। সিদ্ধু মুছেৱালাক হত্যা কৰা হৈছিল, এয়া অত্যন্ত দুখৰ বিষয়। তাৰ বাবে, পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো প্ৰচেষ্টা চলি আছে আৰু আশ্বাস দিছে যে অপৰাধীসকল ধৰা পৰিব আৰু কঠোৰতম শাস্তি দিয়া হ’ব। কেজৰিৱালে লগতে কয়, বিৰোধী দল আৰু সকলোৱে একেলগে পঞ্জাবক আগুৱাই নিব লাগিব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে