--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্কঃ বিশ্ব বিখ্যাত গায়ক অৰিজিত সিং। সমগ্ৰ পৃথিৱীতে তেওঁৰ নামক লৈ কৰে চৰ্চা। যোৱা দহ বছৰত গায়কজনে বলীউডক দিছে ইটোৰ-পাছত সিটো গান। এইবাৰ পাঞ্জাৱী গায়ক সিদ্ধুৰ মৃত্যুৰ পিছত, এটা তথ্য সন্মুখলৈ আহিছে যিয়ে বহুতক হতবাক কৰি তুলিছে। ২৯ মে', আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ সৈতে জড়িত দুৰ্বৃত্তই পাঞ্জাৱী গায়ক সিদ্ধু মুছাৱালাক হত্যা কৰিছিল। এতিয়া পোহৰলৈ আহিছে যে অৰিজিত সিঙেও আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা এটা ভাবুকিৰ ফোন পাইছে।

 

২০১৫ চনত, মুম্বাইৰ এটা আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা অৰিজিতৰ মেনেজাৰ টাৰ্চেনলৈ এটা ফোন কল আহিছিল। ফোন কৰা ডনজনৰ নাম ৰবি পূজাৰী। সেইসময়ত অৰিজিতৰ পৰা ৫ কোটি টকাৰ দাবী কৰা হৈছিল। অৰিজিতে তেতিয়া টকা দিব নোৱাৰাৰ বাবে কোনো পইচা নোহোৱাকৈ এটা অনুষ্ঠান কৰিব লগা হৈছিল বুলি খবৰ পোহৰলৈ আহিছে।

 

অৰিজিত সিঙে কৈছিল, "তেওঁ খুব কম টকাত অনুষ্ঠানটো কৰিবলৈ কৈছিল। ভাবুকি দিয়া লোকজন আণ্ডাৰৱৰ্ল্ড ডন ৰবি পূজাৰীৰ সৈতে যোগাযোগত আছিল। যিটোৱে মোৰ মেনেজাৰৰ ওপৰত যথেষ্ট চাপ পেলাইছিল। মই ষ্টুডিঅ'ত থকাৰ বাবে ফোনটো লব পৰা নাছিলো  আৰু তেতিয়া পূজাৰীয়ে টাৰ্সেনৰ ওপৰত যথেষ্ট চাপ দি আছিল। সেইসময়ত আনকি অৰিজিতে ঘটনাটো লৈ আৰক্ষীৰো কাষ চাপিছিল।

 

অৰিজিতে লগতে কয়, "মই পূজাৰীক আনকি চিনিও পোৱা নাছিলো। মাত্ৰ মোক কেইটামান অনুষ্ঠানত বিনামূলীয়াকৈ গান গাবলৈ কোৱা হৈছিল আৰু মোৰ মেনেজাৰে সেই দাবী মানি ল'বলৈ বাধ্য হৈছিল।

 

ইফালে, কানাডিয়ান গেংষ্টাৰ গোল্ডি ব্ৰাৰে পাঞ্জাৱী গায়ক সিদ্ধু মুছাৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত লৰেন্স বিষ্ণোই গোল্ডিৰ ঘনিষ্ঠ বুলিও জনা যায়।  লৰেন্স বিষ্ণোই এবাৰ আনকি চলমান খানক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ