--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্কঃ বিশ্ব বিখ্যাত গায়ক অৰিজিত সিং। সমগ্ৰ পৃথিৱীতে তেওঁৰ নামক লৈ কৰে চৰ্চা। যোৱা দহ বছৰত গায়কজনে বলীউডক দিছে ইটোৰ-পাছত সিটো গান। এইবাৰ পাঞ্জাৱী গায়ক সিদ্ধুৰ মৃত্যুৰ পিছত, এটা তথ্য সন্মুখলৈ আহিছে যিয়ে বহুতক হতবাক কৰি তুলিছে। ২৯ মে'ত, আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ সৈতে জড়িত দুৰ্বৃত্তই পাঞ্জাৱী গায়ক সিদ্ধু মুছাৱালাক হত্যা কৰিছিল। এতিয়া পোহৰলৈ আহিছে যে অৰিজিত সিঙেও আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা এটা ভাবুকিৰ ফোন পাইছে।

 

২০১৫ চনত, মুম্বাইৰ এটা আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা অৰিজিতৰ মেনেজাৰ টাৰ্চেনলৈ এটা ফোন কল আহিছিল। ফোন কৰা ডনজনৰ নাম ৰবি পূজাৰী। সেইসময়ত অৰিজিতৰ পৰা ৫ কোটি টকাৰ দাবী কৰা হৈছিল। অৰিজিতে তেতিয়া টকা দিব নোৱাৰাৰ বাবে কোনো পইচা নোহোৱাকৈ এটা অনুষ্ঠান কৰিব লগা হৈছিল বুলি খবৰ পোহৰলৈ আহিছে।

 

অৰিজিত সিঙে কৈছিল, "তেওঁ খুব কম টকাত অনুষ্ঠানটো কৰিবলৈ কৈছিল। ভাবুকি দিয়া লোকজন আণ্ডাৰৱৰ্ল্ড ডন ৰবি পূজাৰীৰ সৈতে যোগাযোগত আছিল। যিটোৱে মোৰ মেনেজাৰৰ ওপৰত যথেষ্ট চাপ পেলাইছিল। মই ষ্টুডিঅ'ত থকাৰ বাবে ফোনটো লব পৰা নাছিলো  আৰু তেতিয়া পূজাৰীয়ে টাৰ্সেনৰ ওপৰত যথেষ্ট চাপ দি আছিল। সেইসময়ত আনকি অৰিজিতে ঘটনাটো লৈ আৰক্ষীৰো কাষ চাপিছিল।

 

অৰিজিতে লগতে কয়, "মই পূজাৰীক আনকি চিনিও পোৱা নাছিলো। মাত্ৰ মোক কেইটামান অনুষ্ঠানত বিনামূলীয়াকৈ গান গাবলৈ কোৱা হৈছিল আৰু মোৰ মেনেজাৰে সেই দাবী মানি ল'বলৈ বাধ্য হৈছিল।

 

ইফালে, কানাডিয়ান গেংষ্টাৰ গোল্ডি ব্ৰাৰে পাঞ্জাৱী গায়ক সিদ্ধু মুছাৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত লৰেন্স বিষ্ণোই গোল্ডিৰ ঘনিষ্ঠ বুলিও জনা যায়।  লৰেন্স বিষ্ণোই এবাৰ আনকি চলমান খানক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত