--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে হেৰাই গ’ল এক সুৰীয়া কণ্ঠ, যি কণ্ঠই মোহাচ্ছন্ন কৰি ৰাখিছিল প্ৰতিজন সংগীতপ্ৰেমীক। গানৰ বাবেই যেন জন্ম হৈছিল তেওঁৰ...গান গাই গাইয়ে গুচি গ’ল অজান দেশলৈ। মঙলবাৰে নিশা অহা এক খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিলে। জনপ্ৰিয় কণ্ঠশিল্পী কেকে(KK) আৰু নাই। মানুহ এনেকৈও হঠাৎ নোহোৱা হয় নে... কিবা যেন অবিশ্বাস্য। মনে মানিব নিবিচাৰিলেও এয়াই চৰম সত্য। মৃত্যুৰ শীতল কোলাত কোন কেতিয়া ঢলি পৰে সেয়া কোনেও ক’ব নোৱাৰে। কেকেয়েও ঢলি পৰিল সেই কোলাত, কাকো একো নোকোৱাকৈয়ে..একো নজনোৱাকৈ সংগপোনে গুচি গ’ল তেওঁ। মৃত্যুৰ আগমূহুৰ্তলৈকে তেওঁ কৰি গ’ল তেওঁ কৰি ভালপোৱা কাম।
 
জীৱনৰ অন্তিম মূহুৰ্তলৈকে সংগীতপ্ৰেমীক মু্গ্ধ কৰি যাবলৈ তেওঁ নাপাহৰিলে। ৩১ মে'ৰ মঙলবাৰে নিশা কলকাতাত মৃত্যুক সাৱটি লয় জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথে যাক সকলোৱে চিনি পায় কেকে নামেৰে। বিষয়াসকলে জনোৱা মতে, নাজৰুল মঞ্চৰ এখন কলেজে এটা সংগীত অনুষ্ঠানৰ আয়োজন কৰিছিল, মঞ্চত গীত গাই থাকোতেই কেকেই শাৰীৰিক অসুস্থতা অনুভৱ কৰিছিল।
 কণ্ঠশিল্পীগৰাকীক ব্যক্তিগত চিকিৎসালয়লৈ ততাতৈয়াকৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ মাত্ৰ অলপ পূৰ্বে লাইভ কনচাৰ্টতকে কেকেয়ে গাইছিল, "হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল"। এই গানে সদায় অমৰ কৰি ৰাখিব কেকেক। যেতিয়াই স্মৃতি বা কিবা বিশেষ সময়ৰ কথা আহি পৰে তেতিয়াই মানুহে কেকেৰ এই গানটোক মনত পেলায় আৰু আমিও কেকেক মনত পেলাম তেওঁৰ এই বিশেষ চিৰসেউজ গীতেৰে। ছ'চিয়েল মিডিয়াত কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত তেওঁৰ অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰা দেখা গৈছে। য’ত তেওঁৰ শেষৰটো কনচাৰ্টৰ ভিডিঅ’বোৰ আটাইতকৈ বেছি শ্বেয়াৰ হৈছে।
 

কেকেৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে বলীউডত। ৫৩ বছৰীয়া কেকেয়ে হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলাকে ধৰি কেইবাটাও ভাষাত গীত ৰেকৰ্ডিং কৰিছে। অসমীয়াতো গান গাইছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। 'কাইটছ' ছবিৰ 'জিন্দেগী দ’ পল কী', 'ওম শান্তি ওম'ৰ 'আঁখো মে তেৰি', 'বাচনা এ হাছিনোৰ' 'খুদা জানে', 'হাম দিল দে চুকে চনম'ৰ 'তাড়প তাড়প', 'জন্নত'ৰ 'জাৰা চা', 'ৱহ লমহে'ৰ 'ক্যা মুঝে প্যাৰ হে' আদি গীতেৰে কেকে আজীৱন চিৰস্মৰণীয় হৈ থাকিব প্ৰতিজন গান ভালপোৱা মানুহৰ হৃদয়ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ