--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত নতুন চৰকাৰ নিৰ্বাচনৰ বাবে বুধবাৰৰ পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হয়। মুম্বাইস্থিত বলীউডৰ তাৰকাও এই নিৰ্বাচনত অৰিহণা যোগাবলৈ পুৱাৰে পৰা ভোটকেন্দ্ৰলৈ আহে। বলীউডৰ চেলিব্ৰিটিৰ ভিতৰত অক্ষয় কুমাৰ ৰাতিপুৱা প্ৰথমে ভোটদানৰ বাবে উপস্থিত হয়। ক’লা চাৰ্ট আৰু ধূসৰ ট্ৰাউজাৰ পিন্ধি ডেছিং ৰূপত অহা অক্ষয়ে ভোটদান কৰাৰ পাছত বুথৰ বাহিৰত পোজ দিছিল। কিন্তু উভতি আহি থাকোঁতে এজন বৃদ্ধই অক্ষয়ক ৰখাই অভিযোগ কৰিবলৈ ধৰিলে, যি ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভোটদান কৰি উভতি আহোঁতে এজন বৃদ্ধই বাটত অক্ষয়ক ৰখাই এটা শৌচাগাৰৰ বিষয়ে অভিযোগ কৰিলে। সেই অঞ্চলত অক্ষয়ে নিজে কেইবছৰমান আগতে এই ৰাজহুৱা শৌচাগাৰটো স্থাপন কৰিছিল। এই ব্যক্তিজনে অক্ষয়ক ক’লে, ‘আপুনি সেই শৌচাগাৰটো বনাইছিল, জহি-খহি গৈছে। নতুন এটা নিৰ্মাণ বনাই দিয়ক, যোৱা ৩-৪ বছৰ ধৰি মই শৌচাগাৰটো ৰক্ষণাবেক্ষণ কৰি আছো।

এই অভিযোগৰ প্ৰত্যুত্তৰত অক্ষয়ে কয়, ‘আহক ইয়াৰ ওপৰত কাম কৰোঁ, মই বিএমচিৰ সৈতে কথা পাতিম’। সমগ্ৰ অভিযোগ শুনি অক্ষয়ে কয় যে যেতিয়া তেওঁ এই শৌচাগাৰটো স্থাপন কৰিছিল তেতিয়া ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুম্বাইৰ পৌৰসভা সংস্থা বিএমচিৰ আছিল। অক্ষয়ে আৰু ক’লে, এই বিষয়ে আমি কথা পাতিম।

অক্ষয়ে কেতিয়া শৌচাগাৰটো বনাই দিলে?

২০১৭ চনত তেওঁৰ ছবি ‘টয়লেট: এক প্ৰেম কথা’ৰ পিছত অক্ষয়ে মুকলিকৈ শৌচ কৰাৰ বিৰুদ্ধে অবিৰতভাৱে কাম কৰিছিল। ২০১৭ চনৰ আগষ্ট মাহত অক্ষয়ৰ পত্নী টুইংকল খান্নাই জুহু বীচ্চত মুকলি আকাশৰ তলত শৌচ কৰি থকা এজন লোকৰ ছবি শ্বেয়াৰ কৰি টুইট কৰিছিল।

টুইংকলৰ এই টুইটৰ ৮ মাহৰ পাছত অক্ষয় কুমাৰে নিজৰ খৰচত জুহু বীচ্চত এই ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰিছিল। শিৱসেনাৰ নেতা আদিত্য থাকৰেৰ সহযোগত অক্ষয়ে এই কাম কৰিছিল। খবৰ অনুসৰি শৌচাগাৰ নিৰ্মাণ কৰিবলৈ অক্ষয়ে ১০ লাখ টকা বৰঙণি আগবঢ়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
মাত্ৰ দুসপ্তাহৰ বাবে চেনি এৰি দিলে আপুনি বহুতো পৰিৱৰ্তন দেখিবলৈ পাব
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে