--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত নতুন চৰকাৰ নিৰ্বাচনৰ বাবে বুধবাৰৰ পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হয়। মুম্বাইস্থিত বলীউডৰ তাৰকাও এই নিৰ্বাচনত অৰিহণা যোগাবলৈ পুৱাৰে পৰা ভোটকেন্দ্ৰলৈ আহে। বলীউডৰ চেলিব্ৰিটিৰ ভিতৰত অক্ষয় কুমাৰ ৰাতিপুৱা প্ৰথমে ভোটদানৰ বাবে উপস্থিত হয়। ক’লা চাৰ্ট আৰু ধূসৰ ট্ৰাউজাৰ পিন্ধি ডেছিং ৰূপত অহা অক্ষয়ে ভোটদান কৰাৰ পাছত বুথৰ বাহিৰত পোজ দিছিল। কিন্তু উভতি আহি থাকোঁতে এজন বৃদ্ধই অক্ষয়ক ৰখাই অভিযোগ কৰিবলৈ ধৰিলে, যি ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভোটদান কৰি উভতি আহোঁতে এজন বৃদ্ধই বাটত অক্ষয়ক ৰখাই এটা শৌচাগাৰৰ বিষয়ে অভিযোগ কৰিলে। সেই অঞ্চলত অক্ষয়ে নিজে কেইবছৰমান আগতে এই ৰাজহুৱা শৌচাগাৰটো স্থাপন কৰিছিল। এই ব্যক্তিজনে অক্ষয়ক ক’লে, ‘আপুনি সেই শৌচাগাৰটো বনাইছিল, জহি-খহি গৈছে। নতুন এটা নিৰ্মাণ বনাই দিয়ক, যোৱা ৩-৪ বছৰ ধৰি মই শৌচাগাৰটো ৰক্ষণাবেক্ষণ কৰি আছো।

এই অভিযোগৰ প্ৰত্যুত্তৰত অক্ষয়ে কয়, ‘আহক ইয়াৰ ওপৰত কাম কৰোঁ, মই বিএমচিৰ সৈতে কথা পাতিম’। সমগ্ৰ অভিযোগ শুনি অক্ষয়ে কয় যে যেতিয়া তেওঁ এই শৌচাগাৰটো স্থাপন কৰিছিল তেতিয়া ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুম্বাইৰ পৌৰসভা সংস্থা বিএমচিৰ আছিল। অক্ষয়ে আৰু ক’লে, এই বিষয়ে আমি কথা পাতিম।

অক্ষয়ে কেতিয়া শৌচাগাৰটো বনাই দিলে?

২০১৭ চনত তেওঁৰ ছবি ‘টয়লেট: এক প্ৰেম কথা’ৰ পিছত অক্ষয়ে মুকলিকৈ শৌচ কৰাৰ বিৰুদ্ধে অবিৰতভাৱে কাম কৰিছিল। ২০১৭ চনৰ আগষ্ট মাহত অক্ষয়ৰ পত্নী টুইংকল খান্নাই জুহু বীচ্চত মুকলি আকাশৰ তলত শৌচ কৰি থকা এজন লোকৰ ছবি শ্বেয়াৰ কৰি টুইট কৰিছিল।

টুইংকলৰ এই টুইটৰ ৮ মাহৰ পাছত অক্ষয় কুমাৰে নিজৰ খৰচত জুহু বীচ্চত এই ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰিছিল। শিৱসেনাৰ নেতা আদিত্য থাকৰেৰ সহযোগত অক্ষয়ে এই কাম কৰিছিল। খবৰ অনুসৰি শৌচাগাৰ নিৰ্মাণ কৰিবলৈ অক্ষয়ে ১০ লাখ টকা বৰঙণি আগবঢ়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ