--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বখ্যাত আজমীৰৰ খোৱাজা মইনুদ্দিন চিস্তি দৰগাহ এটা শিৱ মন্দিৰৰ ওপৰত নিৰ্মিত বুলি কৰা দাবীয়ে দেশজুৰি প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

দৰগাহ সমিতি, সংখ্যালঘু পৰিক্ৰমা মন্ত্র্যালয়, প্রত্নতাত্ত্বিক জৰীপ বিভাগলৈ আদালতৰ জাননীৰ পাছতে দেশজুৰি প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে৷

এই বিষয়ত মুছলমান সম্প্রদায়ৰ নেতা, ৰাজনীতিকসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। মোগল যুগৰ দৰগাহ বুলি বিশ্বজুৰি খ্যাত তথা দৈনিক বিভিন্ন ধৰ্মৰ হাজাৰ হাজাৰ ভক্তই দৰ্শন কৰা এই দৰগাহক মন্দিৰ বুলি ঘোষণা কৰিবলৈ জনোৱা এখন আবেদনৰ ভিত্তিত বুধবাৰে আজমীৰৰ স্থানীয় এখন আদালতে এই দৰগাহৰ সমিতি, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (এ এছ আই) বিভাগলৈ জাননী জাৰি কৰে। 

উল্লেখযোগ্য যে দুদিনমানৰ আগতে উত্তৰ প্রদেশৰ সম্বল জিলাৰ মোগল যুগৰ শ্বাহী জামা মছজিদ পুৰণা মন্দিৰ ভাঙি নির্মাণ কৰা বুলি দাবী কৰা এখন আবেদনৰ ভিত্তিত উক্ত মছজিদতো এখন স্থানীয় আদালতে জৰীপৰ নিৰ্দেশ দিছিল। আজমীৰৰ খোৱাজা মইনুদ্দিন চিস্তি দৰগাহক লৈ আদালতে জাৰি কৰা নির্দেশ সন্দৰ্ভত আজমীৰৰ খাদিম (তত্ত্বাবধায়ক) সকলক প্রতিনিধিত্ব কৰা সমিতি অঞ্জুমন চৈয়দ জাদগানৰ সম্পাদক চৈয়দ চৰৱাৰ চিৰ্ত্তীয়ে এই আবেদনক সম্প্রদায় ভিত্তিত সমাজ ভঙাৰ ইচ্ছাকৃত প্রচেষ্টা বুলি কয়। তেওঁ কয়, 'সম্প্রদায়টোৱে বাবৰি মছজিদৰ গোচৰৰ ৰায় মানি লৈছিল আৰু বিশ্বাস কৰিছিল যে ইয়াৰ পাছত একো নঘটিব। কিন্তু দুর্ভাগ্যজনকভাবে পুনৰ একেধৰণৰ ঘটনাই ঘটি আছে। সম্ভলৰ উদাহৰণ আমাৰ আগত আছে। এইবোৰ বন্ধ হ'ব লাগে।' দৰগাহৰ মন্দিৰ'ত পূজা-অৰ্চনা কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে এই আবেদন দাখিল কৰা হৈছিল ছেপ্টেম্বৰ মাহত আৰু ইয়াৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ২০ ডিচেম্বৰত। 

এই আৱেদনত হিন্দু সেনাৰ মুৰব্বী বিষ্ণু গুপ্তাই দাবী কৰিছে যে চুফী খাৱাজা মইনুদ্দিন চিন্তীৰ দৰগাহ ১৩ শতিকাত এটা সন্ত খোৱাজা শিৱ মন্দিৰ আছিল। আবেদনত গুপ্তাই আজমীৰ দৰগাহক 'সংকটমোচন মহাদেৱ মন্দিৰ' বুলি ঘোষণা কৰিবলৈও দাবী জনায়। এই সন্দৰ্ভত তেওঁ হৰবিলাস সাৰদাৰ এখন গ্ৰন্থৰ কথাও উল্লেখ কৰে। ইফালে, ইউনাইটেড মুছলিম ফ'ৰামৰ সভাপতি মুজাফ্যৰ ভাৰতীয়ে কয় যে এই আবেদন হৈছে 'উপাসনা স্থল আইন, ১৯৯১'-ৰ দেখদেখ উলংঘন। তেওঁ আৰু কয় যে জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰা পৰম্পৰা অনুসৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও বার্ষিক উৰুচৰ সময়ত দৰগাহলৈ 'চাদৰ' আগ বঢ়ায়। 

ইফালে, এ আই এম আই এমৰ সাংসদ আচাদুদ্দিন ওৱেচীয়ে কয়, 'মই বাৰে বাৰে কৈ আছোঁ যে এই কথাবোৰ দেশৰ স্বাৰ্থৰ বাবে হোৱা নাই। এই মানুহবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাবে বিজেপি, আৰ এছ এছৰ সৈতে জড়িত।' পি ডি পিৰ মুৰব্বী মেহবুবা মুফটিয়ে এই ঘটনাৰ বাবে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশকো (চি জে আই) সাঙোৰে। তেওঁ কয়, 'ভাৰতৰ এজন প্রাক্তন মুখ্য ন্যায়াধীশে সংখ্যালঘুৰ উপাসনাস্থলৰ সন্দৰ্ভত এটা দুখৰ সঁফুৰা (পেণ্ডোৰা'জ বক্স) খুলি দিলে। ১৯৪৭ থকাৰ দৰে স্থিতাৱস্থা বাহাল ৰাখিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ এটা ৰায় থকাৰ পাছতো তেওঁৰ ৰায়ে এই স্থলবোৰৰ জৰীপৰ বাট মুকলি কৰি দিলে। যাৰ ফলত হিন্দু আৰু মুছলমানৰ মাজত উত্তেজনা বৃদ্ধি কৰিলে।' 

মছজিদত এতিয়াও ওলমি আছে ঘণ্টাৰ শিকলি

সম্ভলৰ মছজিদ মন্দিৰ বুলি আন এটা দাবী ১৮৭৩ চনত এছিয়াটিক ছ’চাইটি অৱ বেংগলৰ প্ৰতিবেদনত কৰা হৈছিল। য’ত কেৱল মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰাই নহয়, মছজিদত এতিয়াও ঘণ্টাৰ শিকলি ওলমি আছে আৰু ভক্তসকলৰ বাবে প্ৰদক্ষিণ পথ আছে বুলিও কোৱা হৈছিল।

শুনানিৰ পৰৱৰ্তী তাৰিখ ২৯ নৱেম্বৰ

শেহতীয়াকৈ সম্ভলৰ জামা মছজিদত আদালতৰ নিৰ্দেশত অধিবক্তা আয়ুক্তৰ এক সমীক্ষা চলোৱা হৈছিল, তাৰ পিছৰ তাৰিখ ২৯ নৱেম্বৰ। দুবাৰকৈ কৰা সমীক্ষাত মছজিদ কমিটীয়ে মছজিদত হিন্দু মন্দিৰৰ কোনো লেখ-জোখ অস্বীকাৰ কৰাৰ বিপৰীতে হিন্দু পক্ষই ধাৰাবাহিকভাৱে মছজিদটো হিন্দু মন্দিৰ বুলি দাবী কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ