--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি পান কাৰ্ডৰ বাবে আবেদন কৰিবলৈ সেৱা কেন্দ্ৰলৈ আহা যোৱা কৰি বিৰক্ত হৈ পৰিছে নেকি? এই বিৰক্তিকৰ প্ৰক্ৰিয়াৰ পৰা পৰিত্ৰাণ দিবৰ বাবে কেন্দ্ৰচৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা৷ আয়কৰ বিভাগৰ স্থায়ী একাউণ্ট নম্বৰ চমুকৈ পান কাৰ্ডৰ ডিজিটেল সংস্কৰণ পান-২.০ প্ৰকল্পত অনুমোদন জনাইছে কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছয়েছ৷ 

পান আৰু কৰ কৰ্তন আৰু সংগ্ৰহৰ একাউণ্ট নম্বৰ প্ৰদান কৰা আৰু পৰিচালনা প্ৰক্ৰিয়াক সুশৃংখলিত আৰু আধুনিকীকৰণ লক্ষ্যৰে ভাৰত চৰকাৰে পান-২.০ প্ৰকল্প হাতত লৈছে৷ এই প্ৰকল্পৰ জৰিয়তে পান কাৰ্ডত কিউ.আৰ ক'ড অন্তৰ্ভুক্ত কৰি কাৰ্য্যক্ষমতা বৃদ্ধি কৰা হ’ব। ১৪৩৫ কোটি টকাৰ বাজেটেৰে এই প্ৰকল্পই ডিজিটেল ইণ্ডিয়া দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আয়কৰ বিভাগৰ কাম-কাজ সুশৃংখলিত কৰিব বুলি আশা কৰা হৈছে।

জানো আহক PAN 2.0 প্ৰকল্প কি?

কৰদাতাৰ পঞ্জীয়ন সেৱাক ৰূপান্তৰিত কৰি ই-গভৰ্নেন্স প্ৰকল্পক নতুন ৰূপত প্ৰদানৰ বাবে  পেন ২.০ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পান(স্থায়ী একাউণ্ট নম্বৰ) আৰু টেন (কৰ কৰ্তন আৰু সংগ্ৰহ একাউণ্ট নম্বৰ) ব্যৱস্থাক এটা ঐক্যবদ্ধ প্লেটফৰ্মত একত্ৰিত কৰি প্ৰকল্পটোৱে তথ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে প্ৰক্ৰিয়াসমূহ সৰল কৰি তুলিব বুলি উল্লেখ কৰিছে৷

পান ২.০ৰ বৈশিষ্ট্যসমূহ:

কিউ.আৰ ক'ড: এই নতুন পান কাৰ্ডত কিউআৰ ক’ড সংযোগ ঘটাইছে যি ক্ষীপ্ৰতাৰে তথ্য সংগ্ৰহ আৰু  তথ্য প্ৰমাণ কৰিব।

ইউনিফাইড পৰ্টেল: পান আৰু অন্যান্য সেৱাসমূহ এতিয়া একেটা প্লেটফৰ্মৰ জৰিয়তে কাৰ্যক্ষম হ’ব।

কেন্দ্ৰীভূত পান ডাটা ভল্ট: সকলো পান কাৰ্ডৰ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ আৰু পৰিচালনা কৰা হ’ব।

পৰিৱেশ অনুকুল দৃষ্টিভংগী: হাতৰ ভুল হ্ৰাস কৰাৰ লগতে বহনক্ষম পদ্ধতিসমূহক সমৰ্থন কৰিবলৈ কাগজবিহীন পদ্ধতি।

পান ২.০ৰ সুবিধাসমূহ-

দ্ৰুত সেৱা: সৰলীকৃত প্ৰক্ৰিয়াসমূহে দ্ৰুতভাৱে সেৱা আগৱঢ়াই।

উন্নত সুৰক্ষা: পান ডাটা ভল্টে ব্যৱহাৰকাৰীৰ তথ্য সুৰক্ষিত কৰে।

সিমিত খৰচ: কাৰ্য্যকলাপ ডিজিটেলাইজ কৰণে প্ৰশাসনিক খৰচ হ্ৰাস কৰিছে।

উন্নত অভিযোগ নিৰাময়: এই কেন্দ্ৰীভূত ব্যৱস্থাই সমস্যাসমূহৰ সময়মতে সমাধান নিশ্চিত কৰিব।

পান ২.০ৰ বাবে কোন যোগ্য?

বৰ্তমানৰ সকলো পান কাৰ্ডধাৰীয়ে স্বয়ংক্ৰিয়ভাৱে পান ২.০লৈ উন্নীতকৰণৰ বাবে যোগ্য। যদি ইতিমধ্যে পান কাৰ্ড আছে তেন্তে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই; কিন্তু আপুনি নতুন কিউ.আৰ সক্ষম সংস্কৰণৰ বাবে আবেদন কৰিব পাৰে। নতুন আবেদনকাৰীয়ে বৈধ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ দাখিল কৰি যোগ্যতাৰ মাপকাঠী পূৰণ কৰিব লাগিব। সকলো কৰদাতাৰ বাবে বিনামূলীয়াকৈ পান ২.০ আবেদন কৰিব পাৰে।

পান ২.০ৰ বাবে কেনেকৈ অন লাইন আবেদন কৰিব...
 

ইউনিফাইড পৰ্টেলতগৈ আবেদন কৰিব পাৰে। পান ২.০ৰ বাবে আবেদন প্ৰক্ৰিয়া ব্যৱহাৰকাৰী বাবে অনুকূল আৰু সম্পূৰ্ণৰূপে ডিজিটেল ৰূপত ডিজাইন কৰা হৈছে।পান ২.০ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ আবেদনকাৰীয়ে পৰীক্ষণৰ বাবে নিৰ্দিষ্ট নথি-পত্ৰ প্ৰদান কৰিব... 

পৰিচয়ৰ প্ৰমাণ: আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপ’ৰ্ট, বা ড্ৰাইভিং লাইচেন্স।

ঠিকনাৰ প্ৰমাণ: ইউটিলিটি বিল, বেংক ষ্টেটমেণ্ট, বা ভাড়াৰ চুক্তি।

জন্মৰ প্ৰমাণ: জন্মৰ প্ৰমাণ পত্ৰ, শিক্ষাৰ প্ৰমাণ পত্ৰ, বা পাছপৰ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ