--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিএমচিৰ সাংসদ মহুয়া মৈত্ৰক এতিয়া বিতৰ্কই বেৰি ধৰিছে। সংসদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই শনিবাৰে এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰে যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল। এই কথাষাৰ অতি ভয়ংকৰ।  যদি কথাষাৰ সঁচা প্ৰমাণিত হয় তেন্তে  মহুৱাই সংসদৰ  সদস্যপদ হেৰুৱাব পাৰে।
অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বিবৃতিটো বগা  কাগজত  লিখা হৈছে। হিৰানন্দনী গোটৰ লেটাৰহেডত লিখা হোৱা নাই। ভাৰতৰ এজন সন্মানীয় ব্যৱসায়ীয়ে তেওঁৰ মূৰত বন্দুক নাৰাখিলে  এনে কথা  লিখিব নোৱাৰে। তদুপৰি, দৰ্শন হিৰানন্দনীক কোনো অনুসন্ধানকাৰী সংস্থাই এতিয়ালৈকে  মাতি পঠোৱা নাই। 

তেন্তে তেওঁ এই বিবৃতিটো কাৰ ওচৰত দাখিল কৰিছিল, আৰু সেয়া  ক'ৰ পৰা আহিছিল? টিএমচিৰ সাংসদগৰাকীয়ে  পোনপটীয়াকৈ অভিযোগ কৰিছে যে বিবৃতিটো হিৰানন্দনীৰ নামত বিজেপি  আইটি চেলৰ এজন অৰ্ধশিক্ষিত কৰ্মীয়ে  লিখিছিল।ইপিনে শনিবাৰেও মহুৱা মৈত্ৰই চৰকাৰক উভতি ধৰি এক্স হেণ্ডেলত লিখিছে-  অজ্ঞাত এফপিআইত আদানিৰ শ্বেয়াৰ আছে। যাৰ মূল ছেবিয়ে বিচাৰি নাপায় আৰু আদানীয়ে মুম্বাই বিমানবন্দৰ ক্ৰয় কৰিবলৈ গৃহমন্ত্ৰালয়ৰ অনুমোদন লাভ কৰে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ  প্ৰশ্ন। সংসদৰ ৱেবচাইটৰ আইডি ইমেইল আইডি নহয় যে প্ৰতিজন সাংসদৰ প্ৰতিটো ব্যক্তিগত একাউণ্টত আনে  প্ৰৱেশ কৰিব পাৰে ।মহুৱাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ