--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰাণসীৰ ফুলপুৰ থানা এলেকাত তিনি বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে আৰু এই গোচৰত শিশুটিৰ খুড়াকক গ্ৰেপ্তাৰ কৰা হৈছে। অপহৰণ কৰাৰ সময়ত শিশুটি ককাকৰ লগত শুই আছিল। ২৪ ঘণ্টাৰ পাছত শুকুৰবাৰে ঘৰৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত থকা এটা কুঁৱাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। মাটিৰ লোভৰ বাবেই খুড়াকে হত্যা কৰিলে ভতিজাকক। 

কিশোৰী লালৰ ঘৰ ফুলপুৰ থানাৰ পিন্দ্ৰ ৰায়তাৰা গাঁৱত। তেওঁৰ দুই পু্ত্ৰ নাম ভৈয়ালাল আৰু বাবুলাল। ৭ অক্টোবৰত অসুস্থতাৰ হেতু ভৈয়ালালৰ মৃত্যু হয়। কিশোৰী লালে ভৈয়ালালৰ পত্নী নিশা দেৱী আৰু নাতি কৃষ্ণ কুমাৰৰ সৈতে বাস কৰিছিল। সৰু পুত্ৰ বাবুলালে পত্নী আৰু কন্যাৰ সৈতে বাস কৰিছিল।

কিশোৰী লালে বুধবাৰে নিশা নাতিৰ লগত শুইছিল। পুৱা সাৰ পোৱাৰ সময়ত নাতিক নেদেখি তেওঁ চিঞৰ-বাখল লগায়। নাতিটোৰ সন্ধানত বিচাৰ খোচাৰ কৰা হল যদিও কোনো সন্ধান পোৱা নগল। ইয়াৰ পিছত কিশোৰী লালে ফুলপুৰ থানাত এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

তদন্তত প্ৰকাশ পাইছে যে কিশোৰী লালৰ সৰু পুত্ৰ বাবুলাল মাটিৰ প্ৰতি লোভী আছিল আৰু বুধবাৰে তেওঁৰ পিতৃৰ সৈতে এই বিষয়ত বিবাদ হৈছিল। আৰক্ষীয়ে যেতিয়া বাবুলালক কঠোৰভাৱে জেৰা কৰে তেতিয়া তেওঁ সঁচা কথা ক’লে। এই জেৰাত বাবুলালে স্বীকাৰ কৰে যে মাটিৰ লোভৰ বাবেই তেওঁ কণমানি ভতিজাকক হত্যা কৰিছে।

বাবুলালক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি কুঁৱাৰ পানীত পৰি শিশুটিৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত