--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰাণসীৰ ফুলপুৰ থানা এলেকাত তিনি বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে আৰু এই গোচৰত শিশুটিৰ খুড়াকক গ্ৰেপ্তাৰ কৰা হৈছে। অপহৰণ কৰাৰ সময়ত শিশুটি ককাকৰ লগত শুই আছিল। ২৪ ঘণ্টাৰ পাছত শুকুৰবাৰে ঘৰৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত থকা এটা কুঁৱাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। মাটিৰ লোভৰ বাবেই খুড়াকে হত্যা কৰিলে ভতিজাকক। 

কিশোৰী লালৰ ঘৰ ফুলপুৰ থানাৰ পিন্দ্ৰ ৰায়তাৰা গাঁৱত। তেওঁৰ দুই পু্ত্ৰ নাম ভৈয়ালাল আৰু বাবুলাল। ৭ অক্টোবৰত অসুস্থতাৰ হেতু ভৈয়ালালৰ মৃত্যু হয়। কিশোৰী লালে ভৈয়ালালৰ পত্নী নিশা দেৱী আৰু নাতি কৃষ্ণ কুমাৰৰ সৈতে বাস কৰিছিল। সৰু পুত্ৰ বাবুলালে পত্নী আৰু কন্যাৰ সৈতে বাস কৰিছিল।

কিশোৰী লালে বুধবাৰে নিশা নাতিৰ লগত শুইছিল। পুৱা সাৰ পোৱাৰ সময়ত নাতিক নেদেখি তেওঁ চিঞৰ-বাখল লগায়। নাতিটোৰ সন্ধানত বিচাৰ খোচাৰ কৰা হল যদিও কোনো সন্ধান পোৱা নগল। ইয়াৰ পিছত কিশোৰী লালে ফুলপুৰ থানাত এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

তদন্তত প্ৰকাশ পাইছে যে কিশোৰী লালৰ সৰু পুত্ৰ বাবুলাল মাটিৰ প্ৰতি লোভী আছিল আৰু বুধবাৰে তেওঁৰ পিতৃৰ সৈতে এই বিষয়ত বিবাদ হৈছিল। আৰক্ষীয়ে যেতিয়া বাবুলালক কঠোৰভাৱে জেৰা কৰে তেতিয়া তেওঁ সঁচা কথা ক’লে। এই জেৰাত বাবুলালে স্বীকাৰ কৰে যে মাটিৰ লোভৰ বাবেই তেওঁ কণমানি ভতিজাকক হত্যা কৰিছে।

বাবুলালক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি কুঁৱাৰ পানীত পৰি শিশুটিৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ