--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ছেটাৰ ডে’ নাইট’-বুলিলেই মনলৈ আহে এটা ৰঙীন নিশা৷ সপ্তাহটোৰ কাম-কাজ সামৰি চিগাৰেটৰ ধোঁৱা, হাতত ৰঙীন গ্লাছলৈ বিলীন হৈ মায়াবী ৰাতিৰ বুকুত৷ কাইলৈ দেওবাৰ, বন্ধৰ দিন৷ শনিবাৰৰ নিশাটোলৈকেহে যেন সকলো অপেক্ষাৰত৷ ধূমপান, সুৰাৰ ৰাগীত বহু মাতাল হৈ পৰে শনিবাৰৰ নিশা৷ যুৱ-প্ৰজন্মৰ মাজত এই শনিবাৰৰ নিশাই বিশেষভাৱে লাভ কৰে গুৰুত্ব৷ দৈনিক সুৰাপায়ী তথা মাদক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে যুৱ-প্ৰজন্মৰ মাজত৷

এই নিশাটোতে ভৰ্তি হৈ পৰে ক্লাব, বাৰ, পাবকে ধৰি বহু আমোদজনক স্থান৷ তাতে আকৌ ডিচেম্বৰ মাহ৷ শীতৰ আমেজ লৈ নিচাসক্ত হৈ পৰে বহু লোক৷ অত্যধিক হাৰত বৃদ্ধি পোৱা এনে পৰিস্থিতিৰ ফলতেই বৃদ্ধি হৈছে যুৱ উশৃংখলতা৷ সংঘটিত হয় বহু দুৰ্ঘটনাও৷ বৃদ্ধি পাবলৈ ধৰিছে মনোৰোগ, উচ্চ ৰক্তচাপজনিত ৰোগ, হাৰ্টৰ ৰোগকে ধৰি কৰ্কট ৰোগীৰ সংখ্যাও৷ আজিৰ সময়ত উন্নত স্বাস্থ্যৰ প্ৰতি একাংশ সজাগ-সচেতন হৈছে যদিও ব্যাপক হাৰত বৃদ্ধিও হৈছে মাদকদ্ৰব্য সেৱনকাৰীৰ সংখ্যা৷ যাৰ ফলত বহু যুৱ-প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে৷ ইপিনে সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ বহু যুৱক-যুৱতী আগ্ৰহী নোহোৱাও নহয়৷

শৰীৰচৰ্চা, সৌন্দৰ্যচৰ্চাই যুৱচামক আকৰ্ষিত কৰিলেও ইয়াৰ হাৰ যথেষ্ট কম৷ যাৰ বাবে এই শনিবাৰৰ নিশা যেন হৈ পৰে মাতাল মায়াবী নিশা৷ বহু কম বয়সৰ পৰাই এনে শনিবাৰৰ নিশা উদযাপনে বহু যুৱ-প্ৰজন্মক বিপদৰ মাজলৈও থেলি নিদিয়া নহয়৷ এইক্ষেত্ৰত অভিভাৱক তথা পৰিয়ালেও গুৰুত্ব দিয়া উচিত যাতে অতি সহজে আৰু কম বয়সতে এনে ৰাগীত আসক্তি হৈ এটা সুন্দৰ ভৱিষ্যত মোহাৰি নেপেলায়৷ ইয়াৰ পৰিৱৰ্তে সঠিক সময়ত পৰিয়ালৰ সৈতে সময় কটোৱা তথা সুন্দৰ শৰীৰ আৰু মন গঢ়াৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ