--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ত্ৰিপুৰাৰ ৰাজনীতিত আকস্মিক পট পৰিৱৰ্তন ঘটাই ১৪ মে’ত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বিপ্লৱ কুমাৰ দেবে৷ বিপ্লৱ দেবৰ পদত্যাগৰ পাছতে ত্ৰিপুৰাৰ  মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল ডাঃ মাণিক সাহা৷ ৰাজ্যসভাৰ সাংসদ মাণিক সাহাক বিপ্লৱ দেবৰ স্থলাভিষিক্ত কৰি বিধানসভা নিৰ্বাচনৰ এবছৰৰ পূৰ্বে এক বাৰ্তা দিব বিচাৰিছে বিজেপিয়ে৷ 

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ বাবে পোনতেই উচ্চাৰিত হৈছিল নে মাণিক সাহাৰ নাম? বিপ্লৱ দেবে পদত্যাগ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ দৌৰত আছিল ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা৷ ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে মাণিক সাহাক কিয় বাছনি কৰিছিল?

ত্ৰিপুৰাৰ ৰাজনৈতিক মহলৰ মতে, ইয়াৰ আঁৰৰ কাৰণ হৈছে বিপ্লৱৰ ওপৰত ত্ৰিপুৰাবাসীয়ে আস্থা হেৰুওৱা বিষয়টো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই জানিব পাৰিছে। আৰু ত্ৰিপুৰাৰ ভোটাৰৰ হেৰুওৱা আস্থা বিজেপিয়ে মাণিক সাহাৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ বিচাৰিছে।

ক্ৰমশ: বিপ্লৱ দেবে জনসম্পৰ্ক হেৰুৱাবলৈ আৰম্ভ কৰিছিল। বিগত চাৰি বছৰত ত্ৰিপুৰাত নিবনুৱা, নিৰ্বাচনোত্তৰ হিংসা, ভোটদানৰ বাধা আৰু অনুন্নয়নৰ বিষয়ত বিজেপিৰ আদৰ কমি আহিছে। ইয়াৰ বাবে দলটোৰ বাবে চিহ্নিত হোৱা মুখ্য দায়ী হৈছে বিপ্লৱ দেব৷ সংগঠনটোৰ বুথ মেনেজমেণ্ট, মাণিক সাহাই পৰিস্থিতি চম্ভালি আছিল, কিন্তু বিপ্লৱ দেবৰ কাৰ্য তাৰ বিপৰীতে আছিল৷ ফলস্বৰূপে, দলটোৰ এটা অংশত বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছিল৷ আনহাতে, জনজাতীয় অধ্যুষিত অঞ্চলসমূহত প্ৰদ্যুৎ কিশোৰ মণিক্য দেৱবাৰ্মাৰ টিপ্ৰা মোথাৰ অভ্যুত্থান ঘটা পৰিলক্ষিত হৈছে৷ আকৌ, এই অঞ্চলৰ লোকসকলৰ সৈতে মাণিক সাহাৰ সম্পৰ্ক ভাল। এজন ক্ৰীড়া প্ৰশাসক আৰু চিকিৎসক হিচাপে জনজাতীয় অঞ্চলত তেওঁৰ সমতা আছে৷ ত্ৰিপুৰাৰ ৰিয়াং লোকসকলৰ এটা বৃহৎ ভোট বেংক আছে, যাৰ বাবে মাণিক সাহাই ৰিয়াং জনজাতিৰ প্ৰতিনিধি প্ৰেম কুমাৰ ৰিয়াঙক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে৷

বিপ্লব দেৱৰ কেইবাটাও বিতৰ্কিত মন্তব্য আৰু হাস্যকৰ কথাই দলটোৰ প্ৰতি ত্ৰিপুৰাবাসীক বিতুষ্ট কৰিছিল৷ দলটোৱে ইংগিত দিছে যে বিগত নিৰ্বাচনত ত্ৰিপুৰাত যুৱ ভোট বিজেপিৰ পৰা আঁতৰি গৈছে।

মাণিক সাহাই বিগত দুবছৰ আগৰ পৰা দলটোৰ প্ৰতি যুৱ-ভোটাৰৰ আকৰ্ষণ বঢ়োৱাৰ কাম আৰম্ভ কৰিছিল৷ যেতিয়া দুবছৰৰ আগতে দলটোত ‘ক্ৰান্তি দেব হাটাও’ৰ দাবী গঢ়ি উঠিবলৈ আৰম্ভ কৰিছিল।
নতুন মুখ্যমন্ত্ৰী মাণিক সাহা ত্ৰিপুৰা বিজেপিৰ ভিতৰত কেপ্টেইন কুল হিচাপে জনাজাত। সেয়ে বিজেপিয়ে উন্নয়নৰ ভিত্তিত মাণিক সাহাক সন্মুখত লৈ পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান