--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজস্থানৰ উদয়পুৰ কংগ্ৰেছে আয়োজন কৰা তিনিদিনীয়া চিন্তন বৈঠকক লৈ অব্যাহত আছে চৰ্চা। তিনিদিনীয়া এই চিন্তন শিবিৰত আলোচনা হোৱা বিভিন্ন বিষয় সন্দৰ্ভত কংগ্ৰেছে এতিয়া চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। এইসমূহ কাৰ্য ৰূপায়ন কৰাটো কংগ্ৰেছৰ বাবে এক নতুন প্ৰত্যাহ্বান হিচাপেই গণ্য কৰা হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, এই চিন্তন শিবিৰত কংগ্ৰেছে এটা বিশেষ বিষয় লৈ আলোচনা কৰিছিল। আন ভালেমান গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে তেওঁলোকে আলোচনা কৰা এই বিষয়টো আছিল আপ সম্পৰ্কীয়। আম আদমী পাৰ্টীৰ ভূমিকাক লৈ চৰ্চা হৈছিল কংগ্ৰেছৰ বৈঠকত।

বিভিন্নজন কংগ্ৰেছ নেতাই আপে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়টো উত্থাপন কৰি দলটোৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। কিন্তু এই আলোচনাৰ পাছত সৰ্বসন্মতভাৱে এই সিদ্ধান্ত উপনীত হয় যে আম আদমী পাৰ্টী হৈছে বিজেপিৰ বি টীম। আৰু এই দলটোৱে সকলো ঠাইতে বিজেপিক সহায় কৰাৰ বাবে আৰু কংগ্ৰেছৰ লোকচান কৰা কামেই কৰি আছে। 

কংগ্ৰেছৰ নেতৃবৰ্গই এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে আৰু আপৰ সৈতে মিত্ৰতা সম্পৰ্কীয় বিষয়ত নেতিবাচক সিদ্ধান্তত উপনীত হয়। আপে বিজেপিৰ লাভ হোৱাকৈ আৰু কংগ্ৰেছৰ ক্ষতি হোৱাকৈ সকলো ঠাইতে নিৰ্বাচনী প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতৃবৰ্গই। 
 
কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ দৰে বিষয় সন্দৰ্ভত আপে গ্ৰহণ কৰা স্থিতিয়ে কংগ্ৰেছৰে ক্ষতিসাধন কৰা বুলি উল্লেখ কৰে কংগ্ৰেছ নেতৃবৰ্গই। কংগ্ৰেছৰ ক্ষতিসাধনৰ বাবে সদা উন্মুখ দলটোৰ সৈতে কোনো কাৰণতে মিত্ৰতা সম্ভৱ নহয় বুলি চিন্ত বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়েও ভালেমান ৰাজ্যত কংগ্ৰেছৰ ক্ষতিসাধন কৰাৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি চৰ্চা চলে বৈঠকত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ