--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ প্ৰসংগ ওলালে প্ৰায় মানুহে কয় যে প্ৰথম দৃষ্টিতেই প্ৰেম হৈছিল বা প্ৰথম দেখাতেই প্ৰেম হৈছিল। ইংৰাজীত যাক কোৱা হয় 'Love At First Sight'। আপুনিও নিশ্চয় এই কথা শুনিছে। পাছে এই কথা কিমান সত্য...সঁচাকৈয়ে মানুহ প্ৰথম দৃষ্টিতে প্ৰেমত পৰেনে? গৱেষণাত পোহৰলৈ আহিছে যে এই কথা একেবাৰে সঁচা নহয়। এনেদৰে কোৱা মানুহৰ কথাত কোনো যুক্তি নাই বুলিও কৈছে গৱেষকৰ দলে।
 গৱেষণাই কৰা দাবী অনুসৰি প্ৰথম দৃষ্টিত কেতিয়াও প্ৰেম নহয় চতুৰ্থ দৃষ্টিতহে হয়। গৱেষণা অনুসৰি দুজন মানুহৰ মাজত প্ৰেম হ’বলৈ হ'লে কমেও চাৰিবাৰ লগ হ’ব লাগিব বা কমেও চাৰিবাৰ ফটো চাব লাগিব। এই গৱেষণাই প্ৰেম যে প্ৰথম দৃষ্টিত ঘটে সেই কথা একেবাৰতে খণ্ডন কৰিছে। নিউয়ৰ্কৰ হেমিল্টন কলেজৰ মনোবিজ্ঞানীসকলে এই গৱেষণা কৰিছে। মনোবিজ্ঞানীসকলে যুৱক-যুৱতীসকলৰ এটা দল গঠন কৰিছিল। গৱেষণাৰ সময়চোৱাত ল’ৰা-ছোৱালীক ইজনে সিজনৰ ফটো দেখুওৱা হৈছিল।
 
গৱেষকৰ দলটোৱে ল’ৰা-ছোৱালীৰ মগজুক এনে এটা মনিটৰৰ সৈতে সংযোগ কৰিছিল যিয়ে তেওঁলোকৰ মনত বিভিন্ন ফটোৰ প্ৰতি থকা তেওঁলোকৰ আকৰ্ষণৰ বিচাৰ কৰিব পাৰিছিল। এই সময়ত মনোবিজ্ঞানীসকলে দেখিলে যে প্ৰথমবাৰৰ বাবে ফটোসমূহ দেখুওৱাৰ পিছত মনিটৰত সামান্য লৰচৰ হৈছে। দ্বিতীয়বাৰৰ বাবে ফটোসমূহ দেখুওৱাৰ পিছত আকৰ্ষণ অনুভৱ কৰাৰ ৰেটিং পূৰ্বতকৈ অধিক বৃদ্ধি পালে।
 তৃতীয়বাৰৰ বাবে ফটোবোৰ দেখুৱাৰ পাছত ৰেটিং বহুত বেছি আছিল আৰু বিজ্ঞানীসকলে দেখিলে যে চতুৰ্থবাৰৰ বাবে ফটোবোৰ দেখুওৱাৰ সময়ত অংশগ্ৰহণকাৰীসকলৰ মগজুৰ উত্তেজনা আৰু আনন্দ বহন কৰা অংশটো অতি সক্ৰিয় হৈ পৰে, যিয়ে প্ৰেমত পেলাব পাৰে। তেতিয়াই গৱেষকৰ দলটো নিশ্চিত হৈ পৰে যে মানুহে প্ৰথম দৃষ্টিতেই প্ৰেমত পৰা বুলি কোৱা কথাটো এক ভুৱা কথাৰ বাহিৰে একো নহয়। এনে অৱস্থাত যদি কোনোবাই এতিয়া আপোনাক প্ৰথম দৃষ্টিতে প্ৰেমত পৰা বুলি কয় তেন্তে নিশ্চিতভাৱে আপুনি তেওঁক নিউয়ৰ্কৰ হেমিল্টন কলেজৰ মনোবিজ্ঞানীসকলৰ এই গৱেষণাৰ কথা জনাব পাৰিব। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ