--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ প্ৰসংগ ওলালে প্ৰায় মানুহে কয় যে প্ৰথম দৃষ্টিতেই প্ৰেম হৈছিল বা প্ৰথম দেখাতেই প্ৰেম হৈছিল। ইংৰাজীত যাক কোৱা হয় 'Love At First Sight'। আপুনিও নিশ্চয় এই কথা শুনিছে। পাছে এই কথা কিমান সত্য...সঁচাকৈয়ে মানুহ প্ৰথম দৃষ্টিতে প্ৰেমত পৰেনে? গৱেষণাত পোহৰলৈ আহিছে যে এই কথা একেবাৰে সঁচা নহয়। এনেদৰে কোৱা মানুহৰ কথাত কোনো যুক্তি নাই বুলিও কৈছে গৱেষকৰ দলে।
 গৱেষণাই কৰা দাবী অনুসৰি প্ৰথম দৃষ্টিত কেতিয়াও প্ৰেম নহয় চতুৰ্থ দৃষ্টিতহে হয়। গৱেষণা অনুসৰি দুজন মানুহৰ মাজত প্ৰেম হ’বলৈ হ'লে কমেও চাৰিবাৰ লগ হ’ব লাগিব বা কমেও চাৰিবাৰ ফটো চাব লাগিব। এই গৱেষণাই প্ৰেম যে প্ৰথম দৃষ্টিত ঘটে সেই কথা একেবাৰতে খণ্ডন কৰিছে। নিউয়ৰ্কৰ হেমিল্টন কলেজৰ মনোবিজ্ঞানীসকলে এই গৱেষণা কৰিছে। মনোবিজ্ঞানীসকলে যুৱক-যুৱতীসকলৰ এটা দল গঠন কৰিছিল। গৱেষণাৰ সময়চোৱাত ল’ৰা-ছোৱালীক ইজনে সিজনৰ ফটো দেখুওৱা হৈছিল।
 
গৱেষকৰ দলটোৱে ল’ৰা-ছোৱালীৰ মগজুক এনে এটা মনিটৰৰ সৈতে সংযোগ কৰিছিল যিয়ে তেওঁলোকৰ মনত বিভিন্ন ফটোৰ প্ৰতি থকা তেওঁলোকৰ আকৰ্ষণৰ বিচাৰ কৰিব পাৰিছিল। এই সময়ত মনোবিজ্ঞানীসকলে দেখিলে যে প্ৰথমবাৰৰ বাবে ফটোসমূহ দেখুওৱাৰ পিছত মনিটৰত সামান্য লৰচৰ হৈছে। দ্বিতীয়বাৰৰ বাবে ফটোসমূহ দেখুওৱাৰ পিছত আকৰ্ষণ অনুভৱ কৰাৰ ৰেটিং পূৰ্বতকৈ অধিক বৃদ্ধি পালে।
 তৃতীয়বাৰৰ বাবে ফটোবোৰ দেখুৱাৰ পাছত ৰেটিং বহুত বেছি আছিল আৰু বিজ্ঞানীসকলে দেখিলে যে চতুৰ্থবাৰৰ বাবে ফটোবোৰ দেখুওৱাৰ সময়ত অংশগ্ৰহণকাৰীসকলৰ মগজুৰ উত্তেজনা আৰু আনন্দ বহন কৰা অংশটো অতি সক্ৰিয় হৈ পৰে, যিয়ে প্ৰেমত পেলাব পাৰে। তেতিয়াই গৱেষকৰ দলটো নিশ্চিত হৈ পৰে যে মানুহে প্ৰথম দৃষ্টিতেই প্ৰেমত পৰা বুলি কোৱা কথাটো এক ভুৱা কথাৰ বাহিৰে একো নহয়। এনে অৱস্থাত যদি কোনোবাই এতিয়া আপোনাক প্ৰথম দৃষ্টিতে প্ৰেমত পৰা বুলি কয় তেন্তে নিশ্চিতভাৱে আপুনি তেওঁক নিউয়ৰ্কৰ হেমিল্টন কলেজৰ মনোবিজ্ঞানীসকলৰ এই গৱেষণাৰ কথা জনাব পাৰিব। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ