--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'য়া কাটলেট ব্ৰেকফাষ্ট বা সন্ধিয়াৰ চাহৰ বাবে এটা সোৱাদযুক্ত ৰেচিপি। ছ'য়া কাটলেট খাবলৈ অতি জুতিলগা আৰু সোৱাদযুক্ত। ছ'য়া কাটলেট আপুনিও সহজতে বনাব পাৰিব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বা গধূলিৰ স্নেকছত ইচ্ছামতে ইয়াক খাব পাৰে। আহক জানো ইয়াৰ ৰেচিপি।

 প্ৰয়োজনীয় উপাদান

১)ছয়াবিন-২ কাপ, তিয়াই থোৱা
২)ব্ৰেডৰ গুড়ি-এক কাপ
৩)আলু-চাৰিটা সিজোৱা
৪)জালুকৰ গুড়ি-১ চামুচ
৫)হালধি গুড়ি- ১ চামুচ
৬)আদা- হালধিৰ পেষ্ট-১ চামুচ
৭)পিঁয়াজ- ১ কাপ, মিহিকৈ কাটি লোৱা
৮)সেউজীয়া জলকীয়া-তিনিৰ পৰা চাৰিটা, মিহিকৈ কাটি লোৱা
৯)ধনীয়া-২ চামুচ, মিহিকৈ কাটি লোৱা
১০)তেল-ভাজিবলৈ
১১)নিমখ-সোৱাদ অনুসৰি

ছ'য়া কাটলেটৰ ৰেচিপি

ছ'য়া কাটলেট বনাবলৈ প্ৰথমে এটা ডাঙৰ বাটিত তিয়াই থোৱা ছয়াবিনখিনি সৰু সৰু টুকুৰা কৰি লওক, তাৰপিছত সিজোৱা আলু, পিয়াঁজ আৰু ব্ৰেডৰ গুড়িৰে ভালদৰে মিহলাই লওক। এতিয়া জলকীয়া, আদা-হালধিৰ পেষ্ট, ধনীয়া, জালুকৰ গুড়ি আৰু নিমখ দি মিহলাই মিশ্ৰণটো প্ৰস্তুত কৰি ল’ব।
তাৰ পিছত দুয়োখন হাতত অলপ তেল বা ঘিউ লগাই লওত। তাৰপিছত হাতেৰে এই মিশ্ৰণখিনিৰ পৰা কাটলেটৰ শ্বেপ দি এখন প্লেটত ৰাখক।
 

এতিয়া পেনত মধ্যমীয়া গেছত তেল গৰম কৰক। তেল গৰম হ’লে তাত কাটলেটখিনি দি দুয়োফালৰ পৰা ৰঙচুৱা বৰণৰ হোৱালৈকে ডিপ ফ্ৰাই কৰি ল’ব। যেতিয়া ই খৰখৰীয়া হৈ পৰিব তাৰপিছত পেনৰ পৰা উঠাই প্লেটত ৰাখক। অতি সহজতে বনাব পৰা আপোনাৰ কাটলেট ৰেডি। এতিয়া গ্ৰীণ চাটনি, নাৰিকল চাটনি বা টমেটো চচৰ সৈতে গৰমে গৰমে পৰিবেশন কৰক আৰু আনন্দৰে খাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ